সৰুৰে পৰা শিশুৰ স্বাস্থ্যৰ যতন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ মুখৰ স্বাস্থ্যৰ ৷ যেতিয়া শিশুটিৰ বয়স ৪ বছৰ হয় তেতিয়া শিশুটিৰ স্বাস্থ্যৰ বিশেষ যতন লোৱাটো উচিত ৷ এই বয়সত শিশু এটাক তেওঁলোকক দাঁতৰ কিদৰে যত্ন লোৱা উচিত সেই অভ্যাস শিকাবলৈ আৰম্ভ কৰিব লাগে, যাতে দাঁত শক্তিশালী হৈ থাকে আৰু ভৱিষ্যতে দাঁতৰ যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে ৷ আজি ৫টা বিশেষ অভ্যাসৰ বিষয়ে জানো আহক আহক, যিসমূহ ৪ বছৰ বয়সৰ পৰা শিশুক শিকোৱা উচিত ৷
দাঁত সঠিকভাৱে পৰিস্কাৰ কৰা
শিশুৱে দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব লাগে, পুৱা আৰু ৰাতি ৷ শিশুক সৰুৰে পৰাই এই অভ্যাসটো শিকোৱাটো খুব গুৰুত্বপূৰ্ণ, যাতে দাঁতত লেতেৰা, বেক্টেৰিয়া আৰু খাদ্যকণা লাগি নাথাকে ৷ সঠিকভাৱে ব্ৰাছ কৰিবলৈ তথা প্ৰতিটো দাঁতৰ প্ৰতি সমান মনোযোগ দিয়াৰ অভ্যাস কৰিব লাগে ৷শিশুসকলক কোমল ব্ৰাছ ব্যৱহাৰ কৰিবলৈ দিব, যাতে সিহঁতৰ আলুত আঘাত নকৰে আৰু আলু সুৰক্ষিত থাকে ৷ সঠিকভাৱে ব্ৰাছ কৰিলে প্লেক আৰু বেক্টেৰিয়া জমা হোৱা প্ৰতিহত কৰে, যিয়ে দাঁতৰ সুস্বাস্থ্য বজাই ৰাখে ৷বিশেষকৈ, শিশুৰ বাবে ৰাতি টোপনি যোৱাৰ আগতে ব্ৰাছ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ গোটেই দিনটো ইটো-সিটো খাই থকাৰ ফলত দাঁতত বেক্টেৰিয়া আৰু প্লেক জমা হয়, যাৰ ফলত দাঁতৰ ক্ষয় আৰু আলু ফুলিব পাৰে ৷দাঁত লেতেৰা হৈ থাকিলে নিশা মুখত লেলাৱতিৰ অভাৱ হয় আৰু বেক্টেৰিয়াৰ বিকাশ অধিক দ্ৰুততাৰে হয়, যি দাঁতৰ বাবে ক্ষতিকাৰক ৷ বেক্টেৰিয়া আৰু খাদ্যকণাবোৰ ভালদৰে পৰিস্কাৰ কৰিবলৈ বিচনালৈ যোৱা অভ্যাস কৰাৰ লাগে ৷ ই দাঁত স্বাস্থ্যৱান ৰাখে আৰু মুখৰ গোন্ধ সৃষ্টি নকৰে ৷
মিঠাই খোৱাৰ পিছত মুখ ধোৱা
শিশুসকলক মিঠা বস্তু খোৱাৰ লগে লগে মুখ ধোৱাৰ অভ্যাস কৰিব লাগে ৷ চকলেট, আইচক্ৰীম, বিস্কুট আদিৰ দৰে মিঠা বস্তু দাঁতত লাগি থাকে ৷ চেনিয়ে বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত দাঁতত গহ্বৰ হ'ব পাৰে ৷ যদি শিশুৱে মিঠাই খোৱাৰ লগে লগে পানীৰে মুখ ধোৱাৰ অভ্যাস কৰে, তেতিয়া দাঁত যিকোনো ধৰণৰ ক্ষতিৰ পৰা সুৰক্ষিত থাকিব ৷ এই অভ্যাসে শিশুৰ মুখৰ স্বাস্থ্য উন্নত কৰিব আৰু দাঁত পৰিস্কাৰ কৰাত সহায় কৰিব ৷
জিভা পৰিস্কাৰ কৰা