ইতিমধ্যে বাৰিষাৰ আগমণ ঘটিছে । এই সময়ছোৱাত পোক-পৰুৱা আৰু ভেঁকুৰৰ সমস্যা এই বতৰত খুবেই বেছি হোৱা দেখা যায় । এই সময়ছোৱাত খাদ্য সামগ্ৰী সোনকালে নষ্ট হোৱাৰ আশংকা থাকে । এই বতৰত খাদ্য সামগ্ৰী নষ্ট হোৱাৰ আঁৰৰ প্ৰকৃত কাৰণটোও আমি বুজি নাপাওঁ । কিন্তু, আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মাষ্টাৰচেফ অৰুণা বিজয়ে আগবঢ়োৱা এই টিপছসমূহৰ জৰিয়তে বাৰিষাৰ সময়তো আপুনি আপোনাৰ খাদ্য সামগ্ৰীসমূহ দীৰ্ঘদিনলৈ সুৰক্ষিত কৰিব ৰাখিব পাৰিব । গতিকে এই সৰু সৰু উপায়বোৰ জানো আহক-
- চুজি, আটা আৰু বেচনক কেনেকৈ সংৰক্ষণ কৰিব লাগে পাকঘৰৰ খাদ্য সামগ্ৰী ভালে ৰখাৰ উপায় (FREEPIK)
বাৰিষাৰ সময়ত চুজিক বেছি দিনলৈ ভালে ৰাখিবলৈ হ’লে ইয়াক ৰোষ্ট কৰি ফ্ৰীজত বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে । মৈদাক পলিথিনত ভৰাই ফ্ৰীজত থৈ দিব । আটাখিনি সংৰক্ষণ কৰাৰ আগতে নিশ্চিত হ’ব যাতে ইয়াক ভালদৰে পেক কৰা হৈছে । বেচনক ভালদৰে চালনীৰে চালি তাৰ পিচত বায়ু সোমাব নোৱাৰা পাত্ৰত ভৰাই ফ্ৰীজত ৰাখিব লাগে । তাত লং বা তেজপাতো দিব পাৰে । বৰষুণৰ বতৰত এনে কৰিলে ই কেতিয়াও নষ্ট নহয় ।
- শস্য, চাউলক কেনেকৈ কৰিব সংৰক্ষণ ? পাকঘৰৰ খাদ্য সামগ্ৰী ভালে ৰখাৰ উপায় (FREEPIK)
বাৰিষাৰ সময়ত শস্যবোৰ সতেজ কৰি ৰাখিবলৈ ইয়াত তেজপাত দি ৰাখিব পাৰে । ইফালে, চাউলত শুকান নিমৰ পাত, হালধি বা লং দিব পাৰে, ইয়াৰ ফলত পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব ।
- নিমখ আৰু চেনি কেনেকৈ সংৰক্ষণ কৰিব লাগে ? পাকঘৰৰ খাদ্য সামগ্ৰী ভালে ৰখাৰ উপায় (FREEPIK)