অসম

assam

ETV Bharat / health

এই ৭টা লক্ষণ দেখাৰ লগে লগেই শৰীৰক দিয়ক জিৰণি...পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ পৰা লওক শিক্ষা - Break from work

Break From Work: পুনেত এগৰাকী ২৬ বছৰীয়া চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ খবৰে জোকাৰি গৈছে সমগ্ৰ দেশ । জানিব পৰা মতে, অত্যধিক কামৰ হেঁচা বৃদ্ধিৰ ফলত এই ঘটনা সংঘটিত হয় ৷ সেয়ে আপোনাৰ শৰীৰতো তলত উল্লেখিত এই লক্ষণসমূহ দেখিলে তৎক্ষণাত জানি ল’ব যে আপোনাৰ শৰীৰক এতিয়া বিৰতিৰ প্ৰয়োজন-

signs that indicate your body need urgent break
এই ৭টা লক্ষণ দেখাৰ লগে লগেই শৰীৰক দিয়ক জিৰণি...পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ পৰা লওক শিক্ষা (Etv Bharat)

By ETV Bharat Health Team

Published : Sep 20, 2024, 3:25 PM IST

শেহতীয়াকৈ পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট আন্না চেবাষ্টিয়ানৰ অকাল মৃত্যুৱে কাৰ্যালয়ত অত্যধিক মানসিক চাপ আৰু বাৰ্নআউটৰ গুৰুতৰ প্ৰভাৱৰ ওপৰত পুনৰ চৰ্চা আৰম্ভ হৈছে৷ আন্নাৰ বয়স আছিল মাত্ৰ ২৬ বছৰ আৰু তেওঁ আৰ্নষ্ট এণ্ড ইয়ং (ই ৱাই)ত কৰ্মৰত আছিল ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, চাকৰিৰ প্ৰথম চাৰিমাহতে অসহ্যকৰ কৰ্ম চাপৰ ফলত তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হয় ৷

এই ৰ্ঘটনাটো কেৱল তেওঁৰ পৰিয়ালৰ বাবেই নহয় সমগ্ৰ কৰ্পৰেট জগতখনৰ বাবেও এক ডাঙৰ জোকাৰণি সৃষ্টি কৰিছে ৷ এই ঘটনাই ইংগিত দিয়ে যে যেতিয়া কৰ্মৰ মানসিক চাপ সীমাৰ বাহিৰত গুচি যায়, তেতিয়া আমাৰ শৰীৰে আমাক বিৰতিৰ প্ৰয়োজন হৈছে বুলি সংকেত দিবলৈ আৰম্ভ কৰে ৷

এই ৭টা লক্ষণ দেখাৰ লগে লগেই শৰীৰক দিয়ক জিৰণি...পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ পৰা লওক শিক্ষা (Etv Bharat)

আজিৰ প্ৰতিযোগিতামূলক জগতখনত অত্যধিক কৰ্মচাপ আৰু কাৰ্যালয়ত মানসিক চাপ অতি সাধাৰণ হৈ পৰিছে ৷ গ্যালাপৰ ২০২৪ চনৰ ষ্টেট অৱ দ্য গ্ল’বেল ৱৰ্কপ্লেচৰ প্ৰতিবেদন অনুসৰি ৯০% ভাৰতীয় যুৱ কৰ্মচাৰীয়ে কৰ্মসংক্ৰান্তীয় মানসিক চাপৰ সন্মুখীন হৈ আহিছে ৷ এনে পৰিস্থিতিত আপোনাৰ শৰীৰক কেতিয়া জিৰণি আৰু ধ্যান দিয়াৰ প্ৰয়োজন হয় সেয়া জনাটো গুৰুত্বপূৰ্ণ ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি এনে ৭টা লক্ষণৰ বিষয়ে জানো আহক যিয়ে আপোনাৰ শৰীৰক বিৰতি ল’বৰ বাবে সংকেত প্ৰদান কৰে ৷

১) অহৰহ ভাগৰুৱা অনুভৱ কৰা

যদি আপুনি কোনো বিশেষ শাৰীৰিক পৰিশ্ৰম নকৰাকৈও দিনটো ভাগৰুৱা অনুভৱ কৰে আৰু পৰ্যাপ্ত পৰিমাণে টোপনি অহাৰ পিচতো পুৱা সাৰ উঠাৰ পিচতো ভাগৰুৱা হৈ থাকে, তেন্তে এইটো আপোনাৰ শৰীৰৰ প্ৰথম সংকেত হ'ব পাৰে যে ইয়াক বিৰতিৰ প্ৰয়োজন ৷

২) মূৰৰ বিষ আৰু মাইগ্ৰেইন

অহৰহ মানসিক চাপ আৰু কামৰ বোজাই মূৰৰ বিষ বা মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি কৰিব পাৰে ৷ যদি আপুনি প্ৰায়ে মূৰৰ বিষত ভুগি থাকে, তেন্তে ই আপোনাৰ শৰীৰত মানসিক চাপে ক্ষতিগ্ৰস্ত কৰাৰ লক্ষণ ৷

৩) টোপনিৰ অভাৱ বা অতিৰিক্ত টোপনি

যদি আপোনাৰ ৰাতি ভালদৰে টোপনি নাহে বা প্ৰয়োজনতকৈ বেছি টোপনি আহে তেন্তে আপুনি বুজিব যে এতিয়া আপোনাৰ শৰীৰক কৰ্মৰ মানসিক চাপৰ পৰা সকাহ প্ৰয়োজন আহি পৰিছে৷ আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে আমি সঠিক পৰিমানে শোৱাটো অতি প্ৰয়োজনীয় ৷

৪) খিংখিঙীয়া আৰু মেজাজৰ পৰিৱৰ্তন

এই ৭টা লক্ষণ দেখাৰ লগে লগেই শৰীৰক দিয়ক জিৰণি...পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ পৰা লওক শিক্ষা (Etv Bharat)

যেতিয়া শৰীৰ আৰু মন অহৰহ হেঁচাত থাকে তেতিয়া ইয়াৰ প্ৰভাৱ আপোনাৰ আচৰণতো দেখা যায় ৷ যেতিয়া আপুনি সৰু সৰু কথাতে খিংখিঙীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে, আৰু আপোনাৰ মেজাজ সঘনাই সলনি হ’বলৈ আৰম্ভ কৰে তেন্তে আপুনি বুজিব যে আপোনাৰ শৰীৰক বিশ্ৰামৰ প্ৰয়োজন৷

৫) কোনো কামতে মনোনিৱেশ কৰিব নোৱাৰা

যেতিয়া আপুনি অনবৰতে মানসিক চাপত থাকে তেতিয়া আপোনাৰ মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে ৷ আপুনি নিজৰ কামত মনোনিৱেশ কৰাত অসুবিধা পাবলৈ আৰম্ভ কৰে ৷

৬) পেটৰ সমস্যা

শৰীৰৰ ওপৰত অত্যধিক মানসিক চাপৰ ফলত আপোনাৰ পাচনতন্ত্ৰতো প্ৰভাৱ পৰে ৷ স্থায়ী পেটৰ বিষ, বদহজম বা পেটৰ অন্যান্য সমস্যাই আপোনাৰ শৰীৰক জিৰণিৰ প্ৰয়োজন হোৱাৰ ইংগিত দিয়ে ৷

৭) দ্ৰুত হৃদস্পন্দন বা অন্যান্য শাৰীৰিক সমস্যা

যদি আপুনি কোনো কাৰণ নোহোৱাকৈ দ্ৰুত হৃদস্পন্দন অনুভৱ কৰে বা আন শাৰীৰিক সমস্যা যেনে উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে, তেন্তে ই আপোনাৰ শৰীৰৰ গুৰুতৰ লক্ষণ হ’ব পাৰে ৷ এনে লক্ষণ দেখা দিলেই জানিব যে আপোনাৰ শৰীৰক তাৎক্ষণিক সকাহ আৰু জিৰণি লোৱাৰ প্ৰয়োজন ৷

এই ৭টা লক্ষণ দেখাৰ লগে লগেই শৰীৰক দিয়ক জিৰণি...পুনেৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুৰ পৰা লওক শিক্ষা (Etv Bharat)

আন্না চেবাষ্টিয়ানৰ মৃত্যুত স্পষ্ট হৈ পৰিছে যে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত গভীৰ সম্পৰ্ক আছে ৷ অত্যধিক কৰ্মৰ চাপ আৰু মানসিক চাপৰ বাবে বহু সময়ত শৰীৰে নিজৰ সীমা অতিক্ৰম কৰে, আৰু ইয়াৰ ফল মাৰাত্মক হ’ব পাৰে ৷ কামৰ মাজত নিয়মীয়াকৈ বিৰতি লৈ নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ যদি আপুনি আপোনাৰ শৰীৰত উক্ত কোনো এটা লক্ষণ দেখা পায়, তেন্তে নিজকে জিৰণি দিবলৈ সময় উলিয়াওক আৰু স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক ৷ কাৰণ আমি সকলোৱে জানো যে দেহা থাকিলেহে বেহা ৷ অৰ্থাৎ দেহ নিৰোগী হৈ থাকিলেহে মানুহে কাম কৰিব পৰে বেমাৰ ন’হলেহে কাম কৰিবলৈ ইচ্ছা থাকে । সুস্থ সবল স্বাস্থ্যৰ গৰাকী নহ'লে মানৱ জীৱন অসাৰ ।

https://hbr.org/2023/05/how-to-take-better-breaks-at-work-according-to-research

https://www.gallup.com/workplace/349484/state-of-the-global-workplace.aspx

https://www.verywellmind.com/why-you-should-take-a-break-3144576

লগতে পঢ়ক:চকীত বহি মাত্ৰ ১০ মিনিটৰ বাবে কৰক এই ব্যায়াম আৰু পাওক এই লাভ - Chair Exercises

ABOUT THE AUTHOR

...view details