শনিবাৰক হিন্দু ধৰ্মৰ ন্যায়ৰ দেৱতা শনিক উচৰ্গা কৰা হয় । শনিদেৱ ভগৱান শিৱৰ এগৰাকী পৰমভক্ত ৷ সেয়েহে শাওণ মাহৰ শনিবাৰৰ দিনকেইটা খুবেই বিশেষ বুলি গণ্য কৰা । এনে পৰিস্থিতিত শাওণৰ শনিবাৰে কিছু সৰু সৰু উপায় অনুসৰণ কৰি শনি দেৱক সন্তুষ্ট কৰাই নহয় বৰঞ্চ ৰাহু-কেতুৰ বেয়া প্ৰভাৱৰ পৰাও হাত সাৰিব পাৰো ।
আজি এই প্ৰতিবেদনত আমি আপোনালোকক এনে কিছুমান প্ৰতিকাৰৰ বিষয়ে কম যিসমূহ আপুনি শাওণৰ শনিবাৰে কৰিলে ৰাহু-কেতুক শান্ত কৰিব পাৰে ৷ আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ লগতে ভগৱান শিৱৰ আশীৰ্বাদো আপুনি লাভ কৰিব ।
এই মন্ত্ৰবোৰ জপ কৰক
শাওণৰ শনিবাৰে কিছু বিশেষ মন্ত্ৰ জপ কৰি শনিৰ লগতে ৰাহু-কেতুকো শান্ত কৰিব পাৰি । যেন "ওম শম শনৈশ্বৰায় নমঃ" এই মন্ত্ৰ জপ কৰি আপুনি শনিৰ আশীৰ্বাদ লাভ কৰিব পাৰে । ৰাহুক শান্ত কৰিবলৈ “ওম ৰা ৰাহভে নমঃ” আৰু কেতুৰ বাবে “ওম কেন কেতৱে নমঃ” জপ কৰিব লাগে । এই মন্ত্ৰবোৰ কমেও ১০৮ বাৰ জপ কৰক ।
ষাড় গৰুক খাদ্য খুৱাওক
ষাড় গৰু স্বৰূপ নন্দীক যিহেতু ভগৱান শিৱৰ বাহন বুলি গণ্য কৰা হয় । সেয়ে ষাড় গৰুক নন্দী বুলি গণ্য কৰি শাওণৰ শনিবাৰে ষাড় গৰুক গুৰ আৰু বুট খুওৱাব লাগে । এনে কৰিলে আপুনি ভোলেনাথৰ লগতে শনি দেৱৰ আশীৰ্বাদো লাভ কৰে । ইয়াৰ উপৰিও এই প্ৰতিকাৰ কৰি ৰাহু-কেতুৰ অশুভতাও কম কৰিব পৰা যায় । বিশ্বাস কৰা হয় যে, যদি আপুনি শনিক সুখী কৰি ৰাখে তেন্তে ৰাহু-কেতু নিজেই শান্ত হয় ।