অসম

assam

শাওন মাহত নিতৌ কৰক এই কাম কৰি প্ৰসন্ন কৰক মহাদেৱক - Sawan 2024

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 7:44 PM IST

Sawan 2024: পবিত্ৰ শাওন মাহ চলি আছে যিটো ভগৱান শিৱৰ অতি প্ৰিয় মাহ বুলি গণ্য কৰা হয় । এই মাহটোত ভক্তসকলে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি ব্ৰত পালন কৰে । লগতে এই সময়ত কিছুমান বিশেষ নিয়ম মানি চলাটো খুবেই জৰুৰী ৷

Always follow this rule during the month of Sawan
শাওন মাহত নিতৌ কৰক এই কাম কৰি প্ৰসন্ন কৰক মহাদেৱক (FREEPIK)

ভগৱান শিৱৰ প্ৰিয় মাহ অৰ্থাৎ শাওন ২২ জুলাই সোমবাৰৰ পৰা আৰম্ভ হৈছে, যিটো ২০২৪ চনৰ ১৯ ​​আগষ্ট সোমবাৰলৈকে চলিব । শাওন মাহটো ভগৱান শিৱৰ প্ৰতি সমৰ্পিত ৷ ভক্তসকলে এই মাহটোত বিভিন্ন ৰীতি-নীতি-শ্ৰদ্ধাৰে ভগৱান শিৱৰ উপাসনা কৰি তেওঁৰ আশীৰ্বাদপুষ্ট হ’বলৈ বিচাৰে ৷এই মাহটোত কেতবোৰ বিশেষ কাম কৰিও আপুনি শিৱৰ আৰ্শীবাদ লাভ কৰি জীৱনৰ সমস্যাসমূহৰ পৰা হাত সাৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

১. শিৱ ভজন বা ধ্যান

এই মাহটোত পুৱা আৰু সন্ধিয়া শিৱৰ স্তৱ পঢ়ি ধ্যান কৰিব ৷ ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু আপুনি শিৱৰ আশীৰ্বাদপুষ্ট হ'ব ৷

২. শিৱলিংগৰ পূজা কৰক

শাওন মাহত শিৱলিংগক নিয়মীয়াকৈ উপাসনা কৰক ৷উপাসনা কৰোতে শিৱলিংগত পানী, ধূপ, চন্দন কাঠ আৰু বেল পাত আগবঢ়াব ৷

৩. মহামৃত্যঞ্জয় মন্ত্ৰ

দৈনিক মহামৃত্যুঞ্জয় মন্ত্ৰ 'ওম ত্ৰিম্বকম য়াজামাহে সুগান্ধিম পুষ্টিবৰ্ধনম' জপ কৰিব ৷ এই মন্ত্ৰয়ে শিৱৰ অনুগ্ৰহ আৰু সুৰক্ষা প্ৰদান কৰে ৷

৪. সোমবাৰৰ ব্ৰত

সোমবাৰৰ উপবাসৰ সময়ত নিয়মীয়াকৈ শিৱলিংগৰ উপাসনা কৰিব ৷

৫. শিৱৰ কাহিনী পাঠ কৰক

শাওন মাহত মহাদেৱৰ কাহিনী শুনি তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক ৷

৬. স্নান

শাওন মাহত সোমবাৰে শিৱৰ নামত নিয়মীয়াকৈ স্নান কৰক ৷ ই বিশুদ্ধতা আৰু ক্ষমতা প্ৰদান কৰিব ৷

৭. শিৱৰ আৰাধনা

এই মাহটোত শিৱৰ আৰাধনা কৰক, তেওঁৰ মন্ত্ৰ পাঠ কৰক আৰু তেওঁক স্মৰণ কৰক ৷

শাওন মাহত এই সকলোবোৰ নিয়ম নিয়মীয়াকৈ অনুসৰণ কৰিলে জীৱনৰ সকলো সমস্যাৰ পৰা আপুনি মুক্তিলাভ কৰিব বুলি বিশ্বাস কৰা হয় ৷ সেয়েহে, আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ তথা জীৱনৰ সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ এইসমূহ নিয়ম পালন কৰিবলৈ নাপাহৰিব ৷

লগতে পঢ়ক:নাগ পঞ্চমীৰ দিনা এই কাম কৰি সন্তুষ্ট কৰক মহাদেৱক...বৃদ্ধি হ’ব সুখ-সমৃদ্ধি - Nag Panchami 2024

ABOUT THE AUTHOR

...view details