Corona মহামাৰীৰ পিচত বহুতে মানুহৰ মাজত হাঁচিয়াবলৈ কুন্ঠাবোধ কৰে । হাঁচি মাৰিলে চৌপাশৰ মানুহে কি ভাবিব তাৰ বাবেই মানুহে নিজৰ হাঁচিক স্তব্ধ কৰি ৰাখে । অৱশ্যে এনেদৰে হাঁচি বন্ধ কৰাটো উচিত নহয় বুলি চিকিৎসকে মত প্ৰকাশ কৰে ।
হাঁচি বন্ধ কৰা বা ধৰি ৰখা ব্যক্তিজনে নিজৰ চৌপাশৰ মানুহে কি ভাবিব সেই কথা চিন্তা কৰে । কিছুমান মানুহে এইটোও ভাবে যে অনবৰতে হাঁচিয়ালে মানুহে এইটো ভাবিবলৈ আৰম্ভ কৰে যে, তেওঁলোকৰ বাবে আন লোকো সংক্ৰমিত হ’ব পাৰে । একে সময়তে ওচৰতে উপস্থিত থকা লোকসকলে হাঁচি মৰা ব্যক্তিজনৰ ফালে এনেদৰে একেৰাহে চাই থাকে যেন তেওঁ এটা ডাঙৰ অপৰাধহে কৰিছে ।
- হাঁচি মাৰিলে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে
হাঁচি দৰাচলতে শৰীৰত প্ৰৱেশ কৰা বেক্টেৰিয়া, ধূলি, মলি, ধোঁৱা, প্ৰদূষণ আদিৰ দ্বাৰা হোৱা প্ৰতিক্ৰিয়া । ইয়াৰ বাবে আপুনি নাকৰ ওচৰত অলপ অস্বস্তি অনুভৱ কৰে । তেতিয়াই আমাৰ হাঁচি আহে । বিশেষজ্ঞসকলেও কয় যে, এই কাৰ্যই আপোনাক বেমাৰৰ পৰা ৰক্ষা কৰে । কোৱা হয় যে, হাঁচিয়ে শৰীৰক বীজাণু আৰু কোষৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰে । গৱেষণাৰ পৰা দেখা গৈছে যে, হাঁচি ধৰি ৰাখিলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু কেতিয়াবা বিপদজনকও হ’ব পাৰে ।
সেয়ে আজি জানো আহক বহু সময়লৈকে হাঁচি বন্ধ কৰি ৰাখিলে বা ধৰি ৰাখিলে আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে ৷
- এই অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হ’ব পাৰে