'Restless Legs Awareness Day' প্ৰতি বছৰে ২৩ ছেপ্টেম্বৰত পালন কৰা হয় । এই দিৱসটোৱে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে হ'ব পৰা এক স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰে । প্ৰথমবাৰৰ বাবে ২০১২ চনৰ ২৩ ছেপ্টেম্বৰত 'Restless Legs syndrome Awareness Day' পালন কৰা হৈছিল ।
'Restless Legs syndrome' হৈছে এক জীৱনজোৰা স্নায়ুজনিত সমস্যা যাৰ বিশেষত্ব হৈছে ভৰি দুখন লৰচৰ কৰাৰ এক অতৃপ্ত আকাংক্ষা । ক্ৰিপিং, ক্ৰলিং, টানি ধৰা, খজুৱতি, জিনজিননি বা জ্বলা-পোৰা সংবেদন আদিৰ দৰে অপ্ৰীতিকৰ সংবেদনৰ পৰা সকাহ পোৱাত সমস্যাৰ সন্মুখীন হোৱা ।
ৰেষ্টলেছ লেগছ চিণ্ড্ৰ'ম (Restless Legs syndrome) কি ?
'Restless Legs syndrome'ক উইলিছ-একবম ৰোগ বুলিও কোৱা হয় । ই এক ৰোগ । যেতিয়া আপুনি সঁচাকৈয়ে আপোনাৰ ভৰি লৰচৰ কৰিব নোৱাৰে আৰু ই অতি অস্বস্তিকৰ হয় । এই ধৰণৰ অনুভৱ সাধাৰণতে ৰাতি বা আপুনি বহি থাকোতে বা শুই থাকোতে হ'ব পাৰে । অৱশ্যে, কিছু সময়ৰ পিচত এই অসুবিধাটো আঁতৰি যায় । কিন্তু পুনৰ হোৱাৰ সম্ভাৱনা থাকে ।
ৰেষ্টলেছ লেগছ চিণ্ড্ৰ'ম যিকোনো বয়সতে আৰম্ভ হ'ব পাৰে আৰু সাধাৰণতে বয়স হোৱাৰ লগে লগে ই অধিক ভয়ংকৰ হৈ পৰে । ই টোপনিৰ সমস্যাকে ধৰি দৈনন্দিন কামবোৰত প্ৰভাৱ পেলাব পাৰে । এই লক্ষণে প্ৰায় ৭ শতাংশ লোকক প্ৰভাৱিত কৰে ।
আৰএলএছৰ(Restless Legs syndrome) প্ৰকাৰ :
আগতীয়াকৈ : আগতীয়াকৈ এই লক্ষণে দেখা দিয়াৰ অৰ্থ হৈছে ৪৫ বছৰ বয়সৰ পূৰ্বে ৰোগ নিৰ্ণয় হোৱা । আপোনাৰ পৰিয়ালত যদি এই ৰোগৰ ইতিহাস আছে তেনেহ'লে ই ক্ৰমান্বয়ে আগবাঢ়ে ।
পলমকৈ : পলমকৈ লক্ষণে দেখা দিয়াৰ অৰ্থ হৈছে আৰএলএছ দ্ৰুতগতিত বেয়াৰ দিশে আগবাঢ়ে আৰু সাধাৰণতে ৪৫ বছৰৰ পিচত দেখা যায় ।
লক্ষণবোৰ :