ৰোমৰ গেমেলি হাস্পতালত ডাবল নিউমোনিয়াত আক্ৰান্ত হোৱাৰ ফলত চিকিৎসাধীন পোপ ফ্ৰান্সিছ তৃতীয় এতিয়াও সম্পূৰ্ণৰূপে বিপদৰ পৰা মুক্ত হোৱা নাই বুলি তেওঁৰ চিকিৎসা দলে প্ৰকাশ কৰিছে ৷ অৱশ্যে চিকিৎসকে জনসাধাৰণক আশ্বাস দিছে যে, তেওঁৰ অৱস্থা সংকটজনক হোৱা স্বত্ত্বেও তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা এতিয়াও আছে ৷
কেইবাদিনো ধৰি উশাহ-নিশাহ লোৱাত অসুবিধা হৈছে পোপৰ
৮৭ বছৰীয়া কেথলিক গীৰ্জাৰ মুৰব্বীগৰাকীক ১৪ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পিছত চিকিৎসকে তেওঁ ডাবল নিউমোনিয়া ৰোগত আক্ৰান্ত বুলি ধৰা পেলায়, যিটো গুৰুতৰ অৱস্থাত হাওঁফাওঁ দুয়োটা ফুলি আৰু দাগ পৰে, যাৰ ফলত এজন ব্যক্তিৰ সঠিকভাৱে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মূখীন হয় ৷
চিকিৎসকে কি কয় ?
২১ ফেব্ৰুৱাৰীত এখন সংবাদমেলৰ সময়ত পোপৰ অন্যতম আগশাৰীৰ চিকিৎসক ডাঃ চাৰ্জিঅ’ আলফিয়েৰীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে এক আপডেট দিছিল ৷
তেওঁ স্পষ্ট কৰি দিয়ে যে, পোপৰ অৱস্থা এতিয়াও গুৰুতৰ হৈ আছে যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱা স্বত্ত্বেও তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা এতিয়াও আছে ৷
ইফালে, ভেটিকানে পোপ ফ্ৰান্সিছৰ সংক্ৰমণক “জটিল” বুলি অভিহিত কৰিছে কাৰণ ই বহু অণুজীৱৰ ৷ অৰ্থাৎ ২ বা তাতকৈ অধিক ভিন্ন অণুজীৱ সংক্ৰমণৰ বাবে দায়ী, যাৰ ফলত চিকিৎসা প্ৰক্ৰিয়াটো অধিক প্ৰত্যাহ্বানজনক হৈ পৰে ৷ কিন্তু কি এই ডাবল নিউমোনিয়া হয় তথা ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ কি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক-
কিহৰ ফলত ডাবল নিউমোনিয়া হয় ?
ডাবল নিউমোনিয়াক বাইলেটেৰেল নিউমোনিয়া বুলিও কোৱা হয়, ই এক প্ৰকাৰৰ হাওঁফাওঁৰ সংক্ৰমণ যিয়ে দুয়োটা হাওঁফাওঁতে আক্ৰান্ত কৰে ৷ বৃদ্ধ, সৰু ল’ৰা-ছোৱালী আৰু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলৰ এই ৰোগৰ আশংকা অধিক ৷ এইটো হোৱাৰ আঁৰৰ কাৰণ কি জানো আহক ৷
১ বেক্টেৰিয়া: ষ্ট্ৰেপ্ট’ককাচ নিউমোনিয়া এটা সাধাৰণ বিপদজনক কাৰক ৷
২) ভাইৰাছ: ইনফ্লুৱেঞ্জা, আৰ এছ ভি আৰু ক’ভিড-১৯ ৰোগ হ’ব পাৰে ৷
৩) ভেঁকুৰ:বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ ক্ষেত্ৰত ইয়াৰ আশংকা বেছি ৷
ডাবল নিউমোনিয়াৰ লক্ষণ
- কাহ
- জ্বৰ
- ঠাণ্ডা
- ঘাম ওলোৱা
- উশাহ লোৱাত অসুবিধা
- বুকুৰ বিষ
- ভাগৰুৱা