অসম

assam

ETV Bharat / health

Covid ৰ নতুন ভেৰিয়েন্ট FLiRT য়ে বঢ়াইছে জনসাধাৰণৰ চিন্তা, ইয়াৰ বিষয়ে জানো আহক - covid flirt variant - COVID FLIRT VARIANT

FLIRT SYMPTOMS : শেহতীয়াকৈ Covid ৰ নতুন ভেৰিয়েন্ট FLiRT য়ে মানুহৰ উদ্দেগ আৰু চিন্তা বৃদ্ধি কৰিছে । সংবাদ মাধ্যমৰ বাতৰিত যদি বিশ্বাস কৰা হয়, তেন্তে আকৌ এবাৰ এই ভাইৰাছৰ মিউটেচন হৈছে ।

New variant of Coronavirus FLiRT increases people's concern, know everything about it
ক’ভিডৰ নতুন ভেৰিয়েন্ট FLiRT (Source: Getty Images)

By ETV Bharat Assamese Team

Published : May 3, 2024, 1:42 PM IST

Corona ভাইৰাছৰ ভয়াৱহতা এতিয়াও হ্ৰায় হোৱা নাই, এতিয়াও Covid ৰ ইটোৰ পাচত আনটো ভেৰিয়েন্ট নিশ্চিত হৈয়েই আছে ৷ শেহতীয়াকৈ Covid ৰ নতুন ভেৰিয়েন্ট FLiRT য়ে মানুহৰ চিন্তা বৃদ্ধি কৰিছে ৷ সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে আকৌ এবাৰ এই ভাইৰাছৰ মিউটেচন হৈছে ৷ ইয়াক JN.1 ভেৰিয়েন্টৰ এটা ৰূপ বুলি ধৰা হয় ৷

এই ভেৰিয়েন্ট অহাৰ পিচৰে পৰা কেৱল সাধাৰণ মানুহৰেই নহয়, বিজ্ঞানীসকলৰো চিন্তা বাঢ়িছে ৷ Corona ৰ এই ভেৰিয়েন্টৰ বিষয়ে সকলো বিতংভাৱে জানো আহক -

নতুন ভেৰিয়েন্ট চিন্তাৰ কাৰণ হৈ পৰে

Corona ৰ এই নতুন ভেৰিয়েণ্টে স্বাস্থ্যসেৱা পেছাদাৰী আৰু বিজ্ঞানীকে ধৰি সকলোকে চিন্তিত কৰি তুলিছে ৷ বৰ্তমান আমেৰিকাৰ কিছুমান অঞ্চলত FLiRT ভেৰিয়েন্ট বিয়পি পৰিছে ৷ ইয়াৰ পৰা অনুমান কৰা হৈছে যে এই ভেৰিয়েন্ট পৃথিৱীৰ আন আন ঠাইলৈও বিয়পিব পাৰে ৷ ইয়াৰ মিউটেচনৰ নামেৰে এই ভেৰিয়েন্টসমূহৰ নামকৰণ কৰা হৈছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুষ্টাৰ ড’জ পোৱাৰ পিচতো মানুহ এই ভাইৰাছত ভুগিছে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বাবে সমস্যা

আমেৰিকাৰ বাফেলো বিশ্ববিদ্যালয়ৰ জেকবছ স্কুল অৱ মেডিচিন এণ্ড বায়’মেডিকেল ছায়েন্সৰ মুখ্য থমাছৰ মতে সমগ্ৰ বিশ্বতে ইয়াক ভাবুকি হিচাপে দেখা গৈছে ৷ বিশ্বজুৰি দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলে এই ভেৰিয়েন্টৰ বলি হ’ব পাৰে ৷ এই ভেৰিয়েণ্টে যদি Covidৰ আন এক ঢৌ আনে তেন্তে ই আমাৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে ৷

আন ভেৰিয়েন্টতকৈ কিছু পৃথক

Covid ৰ এই নতুন ভেৰিয়েন্ট আন ভেৰিয়েন্টতকৈ কম দৃশ্যমান ৷ বিজ্ঞানীসকলৰ মতে, ই Covidৰ অন্যান্য ভেৰিয়েন্টতকৈ অধিক সংক্ৰামক হ’ব পাৰে ৷ যদি আপুনি ডায়েবেটিছ বা হৃদৰোগী তেন্তে এই ভেৰিয়েন্টৰ প্ৰতি অধিক সাৱধান হ’ব লাগিব ৷ এই ভাইৰাছে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকক সোনকালে ইয়াৰ বলি কৰিব পাৰে ৷ এই ভাইৰাছৰ লক্ষণৰ লগতে আন তথ্য আহৰণৰ বাবে এতিয়াও বিজ্ঞানী আৰু গৱেষকসকলে যৎপৰোনাস্তি চেষ্টা কৰি আছে ৷

লগত পঢ়ক:Covid-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ’লে কি কৰিব ? চিকিৎসকৰ পৰা জানি লওক - Covishield Vaccine Side Effects

ABOUT THE AUTHOR

...view details