শেহতীয়াকৈ এইচ এম পি ভি ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পিচত এতিয়া মাৰ্বাৰ্গ ভাইৰাছে বিশ্ববাসীক চিন্তিত কৰি তুলিছে ৷ তাঞ্জানিয়াত এই বিপজ্জনক ভাইৰাছৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক অতি গুৰুতৰ বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে ৷ মাৰ্বাৰ্গ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে ৷
মাৰ্বাৰ্গ ভাইৰাছ এটি বিৰল ৰোগ যদিও মাৰাত্মক ভাইৰাছ, মাৰ্বাৰ্গ আৰু ইবোলা ভাইৰাছ বংশৰেই ৷ এই ভাইৰাছে যিয়ে মানৱ শৰীৰত প্ৰৱেশ কৰি তীব্ৰ আৰু মাৰাত্মক ৰক্তক্ষৰণজনিত জ্বৰৰ (Hemorrhagic fever) সৃষ্টি কৰে ৷ এই ভাইৰাছৰ পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ মাৰ্বাৰ্গ আৰু ছাৰ্বিয়াত ১৯৬৭ চনত আবিৰ্ভাৱ হৈছিল ৷ ই বাদুলিৰ পৰা মানুহলৈ বিয়পে আৰু তাৰ পিছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহি আনলৈ বিয়পে ৷
জনাই দিও যে, ২০০৪ চনত, মধ্য আফ্ৰিকাৰ এংগোলাত মাৰ্বাৰ্গ ভাইৰাছৰ সৰ্বাধিক আৰু ভয়ংকৰ সংক্ৰমণ হৈছিল । য'ত মৃত্যুৰ হাৰ আছিল ৯০ শতাংশ । সংক্ৰমিত ২৫২ গৰাকী লোকৰ ভিতৰত ২২৭ গৰাকী আক্ৰান্তৰে মৃত্যু হৈছিল ।
লক্ষণ আৰু প্ৰভাৱ
মাৰ্বাৰ্গ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ উচ্চ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, বমি, ডায়েৰিয়া আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ আদি লক্ষণ দেখা দিয়ে ৷ এই ভাইৰাছ ইমানেই মাৰাত্মক যে ইয়াৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ৮০% পৰ্যন্ত হ’ব পাৰে ৷
তাঞ্জানিয়াৰ পৰিস্থিতি