অসম

assam

ETV Bharat / health

মাতৃ দিৱস উদযাপন কৰাৰ কাৰণ কি ? ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক - MOTHERS DAY 2024 - MOTHERS DAY 2024

MOTHERS DAY : সকলোৰে জীৱনত মাতৃৰ গুৰুত্ব অতুলনীয় । জীৱনত মাতৃৰ এই গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে মাতৃ দিৱস পালন কৰা হয় । এই দিৱসৰ গুৰত্ব তাৎপৰ্য, তথা ইতিহাস সম্পৰ্কে জানো আহক-

Mother's Day 2024 Date Theme History and Significance
কিয় মাতৃ দিৱস উদযাপন কৰা হয় ? ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক (SOURCE: ETV BHARAT ASSAM)

By ETV Bharat Features Team

Published : May 12, 2024, 1:05 AM IST

নিস্বাৰ্থ প্ৰেম কি সেয়া আমি আমাৰ মাতৃৰ পৰা জানিব পাৰো । আমাক জীৱন দিয়াৰ সমান্তৰালকৈ মাতৃয়ে আমাক গোটেই জীৱন মৰম আৰু শিক্ষা দিয়ে । যদি আমি আমাৰ ব্যস্ত জীৱনৰ পৰা এটা মুহূৰ্ত উলিয়াই চিন্তা কৰোঁ যে আজি আমি যি হৈ পৰিছো তাত আমাৰ মাতৃৰ কিমান ডাঙৰ ভূমিকা পালন কৰিছে । মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয়, প্ৰথম শিক্ষক আৰু বন্ধু হৈ বহু কথাৰো জ্ঞান দিয়ে । দুখেই হওক বা সুখেই হওক, প্ৰতিটো ক্ষণতে মানুহে সদায় নিজৰ মাতৃক স্মৰণ কৰে ।

সাধাৰণতে, মাতৃৰ প্ৰতি আমাৰ মৰম আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ কোনো এটা বিশেষ দিনৰ প্ৰয়োজন নহয় । কিন্তু তৎস্বত্বেও তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আৰু জীৱনত মাতৃৰ গুৰুত্ব জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে মে’ মাহত মাতৃ দিৱস পালন কৰা হয় ।

কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতকে ধৰি বহু দেশত মাতৃ দিৱস সদায় মে’ মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰা হয় ৷ এই দিনটোত মাতৃ আৰু মাতৃসদৃশ নাৰীসকলৰ মৰম আৰু ত্যাগৰ বাবে শলাগ আৰু সন্মান জনোৱাৰ বাবে এটা বিশেষ দিন ৷ সেয়ে আজি এই প্ৰতিবেদনত আমি আপোনালোকক মাতৃ দিৱসৰ এই বিশেষ দিনটোৰ সৈতে জড়িত কিছুমান বিশেষ কথাৰ বিষয়ে জনাবলৈ ওলাইছো ৷

মাতৃ দিৱসৰ তাৎপৰ্য

আমাৰ সকলোৰে জীৱনত মাতৃ দিৱসৰ এক বিশেষ তাৎপৰ্য আছে, কাৰণ আমাৰ হৃদয়ত অতি বিশেষ স্থান থকা আমাৰ মাতৃসকলৰ বাবে উৎসৰ্গিত এয়া এক বিশেষ দিন । সেয়ে সমগ্ৰ বিশ্বতে এই দিৱস মে মাহৰ দ্বিতীয়টো দেওবাৰে পালন কৰা হয় । আনহাতে আন দেশত বছৰৰ বিভিন্ন দিনত ইয়াক পালন কৰা হয় ।

২০২৪ চনৰ মাতৃ দিৱসৰ ইতিহাস

তথ্য অনুসৰি ই প্ৰাচীন ৰোমান আৰু গ্ৰীক উৎসৱ বুলি বিশ্বাস কৰা হয় ৷ য'ত মাতৃ দেৱী ৰিয়াক (Mother Goddess Rhea) পূজা কৰা হৈছিল ৷ পিছলৈ মাদাৰ মেৰীক সন্মান জনাবলৈ খ্ৰীষ্টান ধৰ্মই ইয়াক গ্ৰহণ কৰে ৷ ইয়াৰ পিছত ইয়াৰ নাম সলনি কৰি Mothering Sunday কৰা হয় ৷ যদি আপুনি নাজানে, তেন্তে জনাই দিও যে আমেৰিকাত মাতৃ দিৱসৰ আৰম্ভণি কৰিছিল এনা জাৰ্ভিছে ৷ এয়া তেওঁ এইবাবে কৰিছিল কাৰণ মাতৃ এন ৰিভছ জাৰ্ভিছক সন্মান জনাব বিচাৰিছিল ৷ গৃহযুদ্ধৰ সময়ত পক্ষ নিৰ্বিশেষে সকলো আহত সৈনিকৰ যত্ন লোৱা এগৰাকী শান্তি কৰ্মী আছিল ৷ এনাই ভাৰ্জিনিয়াত মাতৃক সন্মান জনাই এটা স্মৃতিসৌধ স্থাপন কৰাৰ লগতে মাতৃ দিৱসৰ দৰে বিশেষ দিনক স্বীকৃতি দিয়াৰ অভিযানো আৰম্ভ কৰে ৷ ১৯১৪ চনত মাতৃ দিৱসক ৰাষ্ট্ৰীয় বন্ধ হিচাপে গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক:শিশুৰ বাবে মাতৃদুগ্ধই পৰ্যাপ্ত নহয়: অধ্যয়ন - Foods To Infants

ABOUT THE AUTHOR

...view details