প্ৰায়ে আমি যেতিয়াই বাহিৰত, হোটেলত বা ৰাস্তাত পাউ ভাজি খাওঁ তেতিয়াই আমি ঘৰতে একে সোৱাদৰ সৈতে বনাবলৈ চেষ্টা কৰোঁ ৷ কিন্তু কেতিয়াবা আমি বিচৰা ধৰণে ফলাফল পাবলৈ সক্ষম নহওঁ ৷ আপোনাৰ লগতো হয়তো এনেকুৱা হয় নেকি ? ইউটিউবত ৰেচিপি চোৱাৰ পিছতো যদি আপুনি বনোৱা পাউ ভাজিৰ সোৱাদ হোটেলৰ দৰে নহয়, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই ৷ যদি আপুনি নিজৰ পাউ ভাজিত শ্বেফে বনোৱা পাউ ভাজিৰ সোৱাদ আনিব বিচাৰে তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এই প্ৰতিবেদনত আমি আপোনালোকক শ্বেফ বিকাশ খান্নাই আগবঢ়োৱা পাউ ভাজি মছলাৰ ৰেচিপিৰ বিষয়ে জনাইছো ৷ তেন্তে চাও আহক সম্পূৰ্ণ ৰেচিপি ৷
প্ৰয়োজনীয় উপাদানসমূহ
- ৫ টা শুকান ৰঙা জলকীয়া
- এক চতুৰ্থাংশ কাপ গোটা ধনীয়া
- ৬ টা লং
- ১ চামুচ জিৰা
- ১/৫ চামুচ চফ
- ৪ টা ডাঙৰ ইলাচি
- ২ ইঞ্চি ডালচেনি
- ১ চামুচ হালধি
- আমৰ গুড়ি ২ চামুচ
- ১ চামুচ জালুকৰ গুড়ি
- ১ চামুচ ৰঙা জলকীয়াৰ গুড়ি
- ১ চামুচ ক'লা নিমখ
এইদৰে পাউ ভাজি মছলা প্ৰস্তুত কৰক
- প্ৰথমে কেৰাহীখন কম জুইত গেছত ৰাখিব ৷
- এতিয়া শুকান ৰঙা জলকীয়াখিনি গুটি আঁতৰোৱাৰ পিছত কেৰাহীত অলপ পুৰি লওক ৷
- এতিয়া আন এটা কেৰাহীত গোটা ধনীয়া, লং, জিৰা, চফগুটি আৰু ইলাচি ওপৰত উল্লেখিত পৰিমাণ অনুসৰি ভালদৰে মিহলাই শুকানকৈ ভাজি লওক ৷
- ইয়াৰ পিছত ভজা মছলাখিনি আৰু উল্লেখিত উপাদানৰ পৰা বাকী থকা সকলো মছলা মিক্সাৰত দি ভালদৰে পিচি লওক ৷
- ইয়াৰ পিছতে চেফ বিকাশ খান্নাৰ পাউ ভাজি মছলা সাজু হৈ গৈছে ৷
- এতিয়া যেতিয়াই পাউ ভাজি বনাবলৈ আপুনি ইচ্ছা কৰে তেতিয়াই এই মছলাবিধ ব্যৱহাৰ কৰিব পাৰে ৷
এই মছলাৰ উপকাৰিতা
- বজাৰৰ পৰা অহা মিশ্ৰিত মছলাতকৈ ঘৰতে বনোৱা পাউ ভাজি মছলা বহুগুণে পৰিষ্কাৰ হয় ৷
- এই মছলা তৰকাৰীত যোগ কৰিলে আপুনি কোনো অতিৰিক্ত মছলা দিয়াৰ প্ৰয়োজন নাই ৷
- চেফ বিকাশ খান্নাই আগবঢ়োৱা এই পাউ ভাজি মছলাত সকলো ধৰণৰ মছলাৰ মিশ্ৰণ আছে যিটো আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷
- আন যিকোনো তৰকাৰী বা ভাজিত এই মছলা মিহলাইও সোৱাদ বৃদ্ধি কৰিব পাৰে ৷
লগত পঢ়কে:থ্ৰেডিং কৰাৰ পিচত ভুলতো নকৰিব এই কাম অন্যথা হ’ব ডাঙৰ লোকচান