গুৱাহাটী, 6 মে’: প্ৰেমৰ ক্ষেত্ৰত কোন কেইটা ৰাশিৰ ব্যক্তিয়ে শুভফল লাভ কৰিব আৰু কোন ৰাশিৰ ব্যক্তিয়ে অশুভ ফল লাভ কৰিব ?
প্ৰেমৰ ক্ষেত্ৰত মেষ ৰাশি, বৃষ ৰাশি , কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশিৰ, ধনু ৰাশিৰ, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷
- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত চলিত সপ্তাহটোত ভাল ফলাফল লাভ কৰাৰ লগতে সৌভাগ্য উদয় হ'ব ৷
- মকৰ ৰাশিৰ জাতক-জাতিকাসকলে সপ্তাহটোৰ প্ৰথম ভাগত ভাল ফলাফল লাভ কৰিব যদিও সপ্তাহটোৰ শেষৰ ফালে অশুভ ফল লাভ কৰিব ৷
- ইফালে, মিথুন ৰাশিৰ জাতক-জাতিকাসকল এই সপ্তাহত প্রেমৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷ প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে দূৰত্ব বাঢ়িব পাৰে ৷ লগতে খৰচ বৃদ্ধি হ'ব পাৰে ৷ চিন্তা বৃদ্ধি পাব পাৰে ৷
- তুলা ৰাশিৰ জাতক-জাতিকাসকলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু চিন্তা আহিব পাৰে লগতে সম্পৰ্কত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷
- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰতো কিছু দূৰত্ব অহাৰ লগতে বাধাৰ সৃষ্টি হ'ব পাৰে ৷