সুস্থ হৈ থাকিবলৈ আমাৰ শৰীৰত সকলো পুষ্টি সঠিক পৰিমাণে থকাটো অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু যদি এই পুষ্টিৰ অভাৱ হয় তেন্তে আপোনাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে ৷ শৰীৰৰ লাগতিয়াল এনে এক অন্যতম পুষ্টি হৈছে প্ৰ'টিন ৷ শৰীৰত থকা প্ৰতিটো জীৱিত কোষকে প্ৰ'টিনৰ প্ৰয়োজন ৷ যদি আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ থাকে, তেন্তে ই আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ৷ অৱশ্যে, প্ৰ'টিনৰ অভাৱ হ’লে শৰীৰত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে ৷যিসমূহ চিনাক্ত কৰি আপুনি আপোনাৰ শৰীৰৰ পৰ্যাপ্ত যতন ল’ব পাৰে ৷ আজি এই লক্ষণসমূহৰ বিষয়ে জানো আহক-
আঘাত-ঘাঁ সোনকালে নুশুকায়
শৰীৰত প্ৰ'টিনৰ অভাৱৰ হ'লে আঘাতপ্ৰাপ্ত ঠাইডোখৰ অথবা ঘা-ফোঁহা সোনকালে নুশুকায় ৷ কিয়নো, প্ৰ'টিনৰ অভাৱৰ বাবে ক্ষত নিৰাময়ৰ প্ৰক্ৰিয়া অতি লেহেম হয় ৷ প্ৰকৃততে, নতুন কোষ গঠন কৰিবলৈ সময় আৰু প্ৰ'টিন লাগে ৷ নতুন কোষ গঠন হ'লেহে আঘাত আৰোগ্য হয় ৷ সেয়েহে, যদি আপোনাৰ সৈতেও এনে হয়, তেন্তে আওকান নকৰিব ৷
সঘনাই ভোক
শৰীৰত প্ৰ'টিনৰ অভাৱ হ'লে ভোকৰ মাত্ৰা বৃদ্ধি হয় ৷ এই সময়ত নিমখীয়া বা মিঠা খাদ্য খোৱাৰ নিৰন্তৰ হেঁপাহ জাগে ৷ কিয়নো, যেতিয়া আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ হয়, উচ্চ প্ৰ'টিন যুক্ত খাদ্য খোৱাৰ ইচ্ছা থাকে ৷
চুলি সৰা
চুলি সৰাটোও প্ৰ'টিনৰ অভাৱৰ ইংগিত ৷ বহুলোকে চুলি সৰাৰ বাবে সকলো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু তথাপিও চুলি সৰা বন্ধ নহয় ৷ এই পুষ্টিৰ অভাৱত আনকি চুলিৰ উজ্জ্বলতা দিনে দিনে হ্ৰাস পায় আৰু সেইবোৰ শুকান হৈ পৰে ৷
শৰীৰ ফুলা
বিশেষজ্ঞসকলৰ মতে, প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰৰ যিকোনো অংশ ফুলিব পাৰে ৷ ইয়াক চিকিৎসা পৰিভাষাত এডিমা বুলি কোৱা হয় ৷ তেজত এলবামিন প্ৰ'টিনৰ অভাৱ হ'লে এই সমস্যাটো ঘটিব পাৰে ৷
ভাগৰ লগা
প্ৰ'টিনৰ অভাৱৰ ফলত পেশী ঢিলা হ'ব পাৰে, যাৰ ফলত আপোনাৰ শক্তি আৰু বিপাক ক্ৰিয়া হ্ৰাস হয় ৷ শৰীৰৰ ভাৰসাম্য বজাই ৰখাটোও কঠিন হৈ পৰে ৷প্ৰটিনৰ অভাৱে ৰক্তহীনতাও হ'ব পাৰে ৷
পেশীৰ বিষ
পেশীবোৰে প্ৰয়োজন অনুসৰি হাড়ৰ পৰা প্ৰ'টিন শোষণ কৰা আৰম্ভ কৰে ৷ ইয়াৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে ৷ হাঁড় দুৰ্বল হ'লে পেশীবোৰে অধিক শক্তি ব্যয় কৰিবলগীয়া হয় ৷ যাৰ ফলত পেশীৰ বিষ হয় ৷
কাহ, চৰ্দি