অসম

assam

ETV Bharat / health

প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ অৱলম্বন কৰক এই উপায় - Astro Tips for better relationship - ASTRO TIPS FOR BETTER RELATIONSHIP

Astro Tips: আপোনাৰ সম্পৰ্কত কিবা অসুবিধা আহিছে নেকি ? সঘনাই আপোনাৰ প্ৰিয়জনৰ লগত কাজিয়া লাগে নেকি ? তেন্তে কৰক এই উপায় এই সম্পৰ্কে জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ৷

learn-these-tips-to-enhance-your-love-relationship-with-your-partner
প্ৰিয়জনৰ লগত প্ৰেমৰ সম্পৰ্ক ভাল কৰিবলৈ কৰক এই উপায়

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:01 AM IST

জ্যোতিষী ড৹ পৰশমণি শৰ্মা

গুৱাহাটী, 30 এপ্ৰিল: সম্পৰ্ক এটা সদায় একেই নাথাকে ৷ প্ৰতিটো সম্পর্কতে উত্থান-পতন থাকে ৷ সেয়ে সম্পৰ্ক এটা শক্তিশালী কৰিবলৈ প্ৰয়োজন হয় প্ৰেম, মৰম তথা বিশ্বাসৰ ৷ যদিহে আপোনাৰ সম্পৰ্কত সঘনাই কাজিয়া লাগি থাকে, তেন্তে আপুনি এটা উপায় অৱলম্বন কৰিব পাৰে ৷ এই উপায় অৱলম্বন কৰাৰ ফলত এনে কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হোৱাৰ লগতে আপোনাৰ সম্পৰ্কটোও শক্তিশালী হ'ব ৷

এই উপায়ৰ বাবে আপোনাক লাগিব দুখন পাছপ’ৰ্ট চাইজৰ ফটো অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ৷ এই ফটো দুখন লৈ যিকোনো এটা শিৱ মন্দিৰলৈ যাব ৷ শিৱমন্দিৰৰ শিৱলিংগত সেই ফটো দুখন দি আপোনাৰ সম্পৰ্কটো যাতে শক্তিশালী হয় তাৰ বাবে ভালদৰে প্ৰাৰ্থনা কৰিব ৷ তাৰ পাছত সেই ফটো দুখন আপোনাৰ ঘৰলৈ আনি ফটো দুখনৰ পাছফালে নিজৰ নিজৰ নাম আৰু গোত্ৰ, পিতৃ-মাতৃৰ নাম লিখি, ফটো দুখন সন্মুখত ৰাখি ১০ মিনিট ঔম নমঃ শিৱায়ঃ মন্ত্ৰ উচ্চাৰণ কৰি জপ কৰিব ৷

লগতে ফটো দুখনৰ মাজত অকণমান মৌ সানি তাত চেনি, জ্যেষ্ঠমধু ফটো দুখনৰ মাজত মিহলি কৰি তাৰ লগত তিনিটা ইলাচী আৰু তিনিটা ডালচেনিৰ টুকুৰা দি ৯ ডাল ৰঙা সূতাৰে এইটো মেৰিয়াব লাগিব ৷ ফটো দুখন মেৰিয়াই যিকোনো এটা চেনি বা মৌৰ বটলত এইখিনি সোমাই ৰাখিব লাগিব ৷ এই বটলটো আপোনাৰ ঘৰৰ উত্তৰ-পশ্চিম কোণত ৰাখি থব ৷

ইয়াৰোপৰি যেতিয়া আপুনি মাৰ মন্দিৰ যাব বিশেষকৈ মা কালী, মা কামাখ্যা বা মা দুর্গাৰ তেতিয়া মাৰ চৰণত বাতাচা অৰ্পণ কৰি, সেই বাতাচাখিনি ঘৰলৈ আনি গুৰি কৰি ল'ব ৷ তাৰপিছত মাৰ কথা ভাবি আপুনি দৈনিক ঘৰত ব্যৱহাৰ কৰা চেনিৰ লগত এই বাতাচাৰ গুৰিখিনি মিহলি কৰি দিব ৷ ইয়াৰ ফলতো আপোনাৰ সম্পৰ্ক অতি মধুৰ হ'ব ৷

লগতে পঢ়ক:পৱন পুত্ৰ হনুমানক প্ৰসন্ন কৰিবলৈ শুভ সময়, পূজা আৰু উপাসনাৰ বিধিসমূহ জানো আহক - Hanuman Jayanti 2024

ABOUT THE AUTHOR

...view details