অসম

assam

ETV Bharat / health

পেকেটত থকা আটা খাই নেকি ? তেন্তে সাৱধান ! হ’ব পাৰে এইসমূহ ৰোগ - Packaged flour side effects

Packaged flour side effects : প্ৰায় মানুহেই দৈনন্দিন জীৱনত পেকেটত থকা আটা ব্যৱহাৰ কৰে । কিন্তু আপোনাৰ তথ্যৰ বাবে কওঁ, পেকেটৰ আটাৰ পৰা তৈয়াৰী ৰুটি খালে স্বাস্থ্যৰ বহু দিশত ক্ষতি হয় । সবিশেষ জানক এই প্ৰতিবেদনত ৷

Know the side effects of Packaged flour
পেকেটৰ আটা খাই নেকি

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 11:54 AM IST

চহৰত বাস কৰা লোকে পেকেটত থকা আটা ব্যৱহাৰ কৰে । কিন্তু পেকেটত থকা আটা আমাৰ বাবে কিমান স্বাস্থ্যকৰ জানেনে ? যদি নাজানে তেন্তে পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷ পেকেট আটাৰ পৰা তৈয়াৰী ৰুটি খালে স্বাস্থ্যৰ বহু দিশত ক্ষতি হয় । কেৱল ইমানেই নহয়, মেদবহুলতা আৰু মধুমেহ ৰোগৰ দৰে বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে স্বাস্থ্যৰ বাবে উপকাৰী কেনেধৰণৰ আটা খাব লাগে ।

মেট্ৰ’ চহৰত বাস কৰা লোকসকলে পেকেটৰ আটা ব্যৱহাৰ কৰে । কাৰণ তেওঁলোকৰ জীৱনশৈলী গাঁৱত বসবাস কৰা মানুহৰ পৰা ইমানেই পৃথক যে তেওঁলোকৰ হাতত আন কোনো বিকল্প নাই । কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল যে আপুনি যিখন ৰুটি ভাল ভাবি খায় ৷ সেই ৰুটিয়ে লাহে লাহে অসুস্থ কৰি তুলিব পাৰে আপোনাক ।

দৰাচলতে বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে আপুনি কেনেধৰণৰ পিহি লোৱা শস্যৰ খাদ্য খায় ৷ সেই খাদ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত । বজাৰত পোৱা আটাত বহু ধৰণৰ সংৰক্ষক পদাৰ্থ যোগ কৰা হয় । যিয়ে শস্যত পোৱা পুষ্টিকৰ উপাদান সম্পূৰ্ণৰূপে ধ্বংস কৰে ।

স্বাস্থ্যৰ বাবে বিপদজনক এনে আটা

বজাৰত পোৱা আটা ইমান মিহিকৈ পিহি লোৱা হয় ৷ যাৰ বাবে ইয়াৰ সকলো পুষ্টিকৰ উপাদান নাইকিয়া হৈ যায় । এই আটাত একেবাৰে আঁহ নাথাকে । এনে পৰিস্থিতিত পেকেটত থকা আটাৰ ৰুটি হজম কৰাটো অতি কঠিন হৈ পৰে । আটাক বগা কৰিবলৈ ইয়াত নিম্নমানৰ চাউলৰ আটা মিহলাই দিয়া হয় । আটা সোনকালে নষ্ট নহ’বলৈ ইয়াত ৰাসায়নিক পদাৰ্থও মিহলি কৰা হয় । পেকেট আটা খালে ডায়েবেটিছ, মেদবহুলতা আৰু পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয় । যিটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয় ।

স্বাস্থ্যৰ বাবে কেনেকুৱা আটা খাব লাগে ?

যদি আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব বিচাৰে তেন্তে আপুনি আটা সলনি কৰি খাব পাৰে ৷ অৰ্থাৎ প্ৰত্যক সময়ত বেলেগ বেলেগ আটা ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ পৰিৱৰ্তে মাল্টিগ্ৰেইন আটা ব্যৱহাৰ কৰিব পাৰে ।

যদি আপুনি মিলৰ পৰা আটা পিহি খাবলৈ পায়, তেন্তে ই আৰু ভাল । যিটো আটাত ঘেঁহুৰ ভিতৰৰ সোণালী খোলা বেছি থাকে সেই আটা পেট আৰু হজম দুয়োটাৰে বাবে অতি উত্তম । আঁহযুক্ত আটা খালে মেদবহুলতা নিয়ন্ত্ৰণত থাকে । ঘেঁহুৰ আটাত কুঁহিয়াৰ, জোৱাৰ, সৰিয়হ আৰু বুট মিহলাই পিহি ল’ব । পেটৰ বাবে এয়া একেবাৰেই উত্তম ।

লগতে পঢ়ক:এই ৫টা টিপছৰ সহায়ত নিমিষতে চাফা কৰক আপোনাৰ বাচন-বৰ্তন

ABOUT THE AUTHOR

...view details