মৰিংগা বা ড্ৰামষ্টিক বুলিও জনাজাত চজিনা এবিধ কোনো যাদুকৰী গছতকৈ কম নহয় ৷ ভাৰতত যুগ যুগ ধৰি আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ হৈ আহিছে ৷ ইয়াৰ ফুল, গুটি, ফল-মূল আৰু শিপা আটাইবোৰেই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ যদিও ইয়াৰ পাত সেৱন কৰাটো আটাইতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷
এন চি বি আইৰ প্ৰতিবেদন অনুসৰি চজিনাৰ পাতত ভিটামিন (A, C, E), খনিজ পদাৰ্থ (কেলচিয়াম, পটাছিয়াম আৰু আইৰণ) আৰু প্ৰয়োজনীয় এমিনো এচিডকে ধৰি পুষ্টিকৰ পদাৰ্থৰ শক্তিশালী উপাদান পোৱা যায়৷ চজিনাত কুৱেৰচেটিন, ক্ল’ৰ’জেনিক এচিড আৰু বিটা-কেৰটিনৰ দৰে এন্টিঅক্সিডেন্টৰে ভৰপূৰ ৷ সেয়ে ইয়াক সেৱন কৰিলে আয়ুস হ্ৰাস কৰা এই ৬টা ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰো ৷
নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ প্ৰতিবেদন অনুসৰি চজিনাৰ পাত খালে Non-Alcoholic Fatty Liverৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াত থকা পুষ্টিকৰ উপাদানসমূহে যকৃতৰ প্ৰদাহ কমায় আৰু ইয়াক ক্ষতিৰ পৰা ৰক্ষা কৰাতো ফলপ্ৰসূ ৷
ৰক্তচাপ
চজিনাত থকা এন্টিঅক্সিডেন্ট কোৱাৰচেটিনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াৰ পাতত পটাছিয়ামো থাকে, যাৰ ফলত ধমনীত তেজৰ চলাচল সহজ হৈ পৰে ৷
ডায়েবেটিছ