মাতৃত্ব অৰ্জনৰ অবিহনে এগৰাকী মহিলাৰ জীৱন আধৰুৱা বুলি কোৱা হয় ৷ সম্প্ৰতি সময়ত সন্তানহীনতাৰ সমস্যাই সমগ্ৰ বিশ্বতে এক জটিল ৰূপ ধাৰণ কৰিছে । বিশ্বজুৰি প্ৰায় ৬০-৮০ নিযুত দম্পত্তি সন্তানহীনতাৰ সমস্যাত ভুগিছে । ইয়াৰে ২৫ শতাংশই হৈছে ভাৰতীয় দম্পতী ।
সন্তানহীনতাক এক অভিশাপ বুলি আজিও আমাৰ সমাজত একাংশই বিশ্বাস কৰে । কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এনে ধাৰণ সলনি হ'বলৈ ধৰিছে । আই ভি এফ পদ্ধতিৰ অগ্ৰগতিৰ লগে লগে সন্তানহীন দম্পতীৰ মুখত এতিয়া হাঁহি-বিৰিঙিবলৈ সক্ষম হৈছে ৷
আই ভি এফ পদ্ধতি কি ?
আই ভি এফ এটা পদ্ধতি য'ত মহিলাগৰাকীৰ ডিম্বাণু বাঢ়িবলৈ বেজী দিয়া হয় । সাধাৰণতে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত এটাই ডিম্বাণু বাঢ়ে, কিন্তু যেতিয়া আই ভি এফ কৰা হয় তেতিয়া আমাৰ ডিম্বাণুৰ সংখ্যাটো অকণমান বেছি লাগে । যেতিয়া আই ভি এফৰ বেজী দিয়া হয় তেতিয়া ডিম্বাণুৰ সংখ্যাটো এটাতকৈ বেছি বৃদ্ধি হয় । যেতিয়া এই ডিম্বাণুসমূহ বেজী দি পুৰঠ কৰোৱা হয় ।