ETV Bharat / state

অনাদৃত-অৱহেলিত চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ - SUKAPHA DAY 2024

আজিও অৱহেলিত হৈ থাকিল বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পবিত্ৰ সমাধিস্থল । সংৰক্ষণ-সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে আজি পৰ্যন্ত কৰা নহ'ল ব্যৱস্থা ।

Sukaphaa Day celebration, tombstone of neglected Chaolung Sukaphaa
অনাদৃত, অৱহেলিত চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 7:10 PM IST

মৰাণ: আজি চ্যুকাফা দিৱস বা অসম দিৱস । বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ শৌৰ্য-বীৰ্য পৰাক্ৰমক সুঁৱৰি প্ৰতিবছৰে পালন কৰি অহা হৈছে চ্যুকাফা দিৱস নাইবা অসম দিৱস হিচাপে । ৰাজ্যজুৰি দল-সংগঠনে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে চ্যুকাফা দিৱস ।

টাইপাৰ লগতে আহোম জনগোষ্ঠীৰ সংগঠনসমূহে অনুষ্ঠিত কৰা চ্যুকাফা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুকেইগৰাকী মন্ত্ৰী-বিধায়কেও । চ্যুকাফা দিৱসত এনেসমূহ কাৰ্যসূচী প্ৰতিবছৰে দেখা যায় । কিন্তু ইয়াৰ মাজতো আজিও যেন অৱহেলিত হৈ থাকিল বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পবিত্ৰ সমাধিস্থল । চৰকাৰে ঐতিহাসিক ক্ষেত্ৰৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধন কৰাৰ বাবে আঁচনিৰ পাছত আঁচনি ঘোষণা কৰিছে যদিও অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে ।

অনাদৃত, অৱহেলিত চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ (ETV Bharat Assam)

সাতৰাজ সামৰি একৰাজ কৰি আহোম ৰাজ শাসনৰ জৰিয়তে বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পবিত্ৰ সমাধিস্থল সংৰক্ষণ কৰিবলৈ আহৰি নাই ৰজাঘৰৰ । ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পবিত্ৰ সমাধিস্থল অৰ্থাৎ মৈদাম সুদীৰ্ঘকাল অচিনাক্ত হৈ থকাৰ পাছত ২০১৪-১৫ বৰ্ষত উদ্ধাৰ কৰা হৈছিল মৈদামটো । একাংশ আহোম গৱেষক তথা আহোম জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত চাহ বাগিচা অঞ্চলৰ মাজত চাৰিটা মৈদাম উদ্ধাৰ কৰি চিনাক্তকৰণৰ লগতে পৰৱৰ্তী সময়ত চ্যুকাফা মৈদামটোত বেৰা দি সংৰক্ষণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

ইয়াৰ পাছতো অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগক চ্যুকাফা মৈদাম সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলত এতিয়াও অৱহেলিত, অনাদৃত অৱস্থাত পৰি ৰ'ল স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পবিত্ৰ সমাধিস্থল । এই সমাধিস্থলত প্ৰতিবছৰৰ দৰে আজিও স্থানীয় দল-সংগঠনে ধূপ-বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই আহিছে স্বৰ্গদেউ চাওলুং চ্যুকাফাক ।

স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ সমাধিস্থল অৱহেলিত হৈ থকাক লৈ কি কয় সচেতন ৰাইজে :

দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত চ্যুকাফাৰ সমাধিস্থলত আজি এই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । ৰাইজে হাবি-বন কাটি চ্যুকাফাৰ সমাধিস্থল উদ্ধাৰ কৰিছিল যদিও আজিলৈকে চৰকাৰে সমাধিস্থলৰ উন্নয়নৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সমাধিস্থল উদ্ধাৰ হোৱা ১০ বছৰ হ'ল যদিও সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে চৰকাৰে একো নকৰিলে । সমাধিস্থলৰ ভূমি দখল কৰিছে কিছু লোকে । সমাধিস্থল সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্দ্ধন কৰিবলৈ আহ্বান জনালে ৰাইজে ।

সমাধিস্থল সংৰক্ষণৰ আশ্বাস বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:

চৰাইদেউৰ লাংকুৰী দেওশালৰ কাষত থকা চাওলুং চ্যুকাফাৰ সমাধিস্থলত চ্যুকাফা দিৱসৰ দিনটোতে বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চ্যুকাফাক শ্ৰদ্ধাঞ্জলি জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । অৱহেলিত তথা অনাদৃত অৱস্থাত থকা চ্যুকাফা মৈদাম সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব টাই আহোম উন্নয়ন পৰিষদে ।

চ্যুকাফা মৈদামৰ ৪০ বিঘা মাটি বেদখলমুক্ত কৰি মৈদামৰ আন্তঃগাথঁনিৰ উন্নয়ন, সৌন্দৰ্যবৰ্দ্ধনৰ বাবে পুঁজি আবণ্টন দিব উন্নয়ন পৰিষদক । এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে জনালে এই কথা । টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোঁহাইৰ নেতৃত্বত চ্যুকাফা মৈদাম ক্ষেত্ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: গোলাঘাটত বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক স্মৰণ

অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.