ঘাম !ই এক শাৰীৰিক প্ৰক্ৰিয়া যাৰ সন্মুখীন হ’বলগীয়া হয় সকলোৱে । চৌপাশৰ পৰিৱেশ গৰম হ’লে আমাৰ ঘাম ওলাবলৈ আৰম্ভ কৰে । কাৰোবাৰ ঘাম ওলালে সেই ব্যক্তিজনে বৰ অস্বস্তি অনুভৱ কৰে । ইয়াৰ পৰা সকাহ পাবলৈ মানুহে ফেন, কুলাৰ বা এচিৰ সহায় লয় । কিন্তু বহুতৰে এটা প্ৰশ্ন আছে যে ঘাম ওলোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?
ঘাম কিয় ওলায় ?
প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে, আমি জানো আহক ঘাম কিয় ওলায় ? প্ৰকৃততে, মানুহ হৈছে এক সমতাপীয় জীৱ । মানুহে বাহ্যিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে । বাহ্যিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি শৰীৰৰ উষ্ণতা সন্তুলিত কৰিবলৈ আমাৰ শৰীৰে ঘাম উলিয়াই । যেতিয়া তাপমাত্ৰা অধিক হয়, আমাৰ শৰীৰে ঘাম উলিয়াই আৰু শৰীৰটো শীতল কৰিবলৈ চেষ্টা কৰে ।
ঘাম ওলোৱাৰ লাভালাভ :
- দিল্লীৰ আগশাৰীৰ ছালৰ বিশেষজ্ঞ ডাঃ মহাজনে কয় যে ঘাম ওলোৱাটো বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী । তেওঁ কয় যে ঘামচিৰ ফলত বেক্টেৰিয়াৰ বৃদ্ধি হ্ৰাস পায় আৰু ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে ।
- লগতে..২০১৬ চনত ‘জাৰ্নেল অৱ ইনভেষ্টিগেটিভ ডাৰ্মেট’লজী’ত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘামৰ ফলত ছালৰ পি এইচ কম হয়, যিয়ে বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে ।
- ঘামে ছিদ্ৰবোৰত জমা হোৱা অতিৰিক্ত লেতেৰা, তেল আৰু অশুদ্ধি আঁতৰ কৰাত সহায় কৰে । ইয়াৰ উপৰিও, ঘামে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, ছালৰ সমস্যা যেনে পিম্পল আৰু দাগ আদিও নাইকিয়া হয় । ফলস্বৰূপে, ছালৰ স্বাস্থ্য উন্নত হয় ।
- ঘামৰ যোগেদি শৰীৰৰ পৰা অতিৰিক্ত নিমখ আঁতৰি যায় । লগতে হাড়বোৰে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পায় । চিকিৎসকৰ মতে, ঘাম ওলোৱাৰ ফলতো কিডনীত পাথৰ গঠন হোৱাৰ পৰা হাত সাৰিব পাৰি ।
- ঘাম ওলোৱাটোৱে ছালত ৰক্ত সঞ্চালন উন্নত কৰে । কোৱা হয় যে ই ছালখন স্বাস্থ্যৱান আৰু উজ্জ্বল দেখায় ।
- ডাঃ মহাজনে কয় যে ঘাম ওলোৱা শৰীৰৰ বাবে অতি উপকাৰী । ই শৰীৰৰ উষ্ণতা শীতল কৰে । ইয়াৰ উপৰিও ই আপোনাৰ ছালখনক হাইড্ৰেট আৰু মইশ্ব’ৰাইজ কৰে ।