অসম

assam

ETV Bharat / health

কম বয়সীয়া লোকৰ মাজত কৰ্কট ৰোগ অধিক মাত্ৰাত দেখিবলৈ পোৱা গৈছে নেকি ? - cancer in young adults - CANCER IN YOUNG ADULTS

Cancer in young adults : ৫০ বছৰতকৈ কম বয়সীয়া লোকৰ মাজত কৰ্কট ৰোগৰ সংখ্যা অধিক হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ গৱেষকসকলে এই নাটকীয় বৃদ্ধিৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । ভাল খবৰটো হ’ল যে ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি যদিও জীয়াই থকাৰ হাৰো বেছি । বিশেষজ্ঞসকলে কি কয় ? এই সন্দৰ্ভত তৌফিক ৰশ্বিদৰ এক প্ৰতিবেদন ..

Is Cancer Showing a Demographic Shift Towards Younger People Experts Say Certain Cancers Are
কৰ্কট ৰোগ (ETV BHARAT)

By Toufiq Rashid

Published : Mar 30, 2024, 7:56 PM IST

কেন্সাৰৰ সন্দৰ্ভত আমি বয়স এটা ডাঙৰ কাৰক বুলি ভাবিছিলো, কিয়নো ৭৫ শতাংশ কেন্সাৰ ৰোগীয়ে ৫৫ বছৰ আৰু তাৰ ওপৰৰ বয়সৰ গোটত আছিল । অৱশ্যে এতিয়া কথাবোৰ সলনি হোৱা যেন অনুমাল হয় । বিশেষজ্ঞসকলে কয় যে এণ্ড’ক্ৰাইন কেন্সাৰৰ দৰে কিছুমান বিশেষ ধৰণৰ কেন্সাৰৰ ‘কেন্সাৰ ডেম’গ্ৰাফিক’ হয়তো নৱ প্ৰজন্মৰ ফালে স্থানান্তৰিত হৈছে ।

ব্ৰিটেইনৰ ভৱিষ্যতৰ ৰাণী আৰু ৱেলছৰ ৰাজকুমাৰী কেট মিডলটন ৪২ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হয় ৷ অভিনেত্ৰী অলিভিয়া মুনৰ দৰে বহু চেলেব্ৰিটিয়ে ডাবল মেষ্টেক্টমী কৰা বুলি ঘোষণা কৰাৰ পিচত ৪০ আৰু ৫০ বছৰৰ আৰম্ভণিৰ লোকসকলৰ মাজত কেন্সাৰ হোৱাৰ ওপৰত গুৰুত্ব দিয়া হয় । হলীউডত আৰু বলীউডত বহু তাৰকাৰ কৰ্কট ৰোগত মৃত্যু ঘটিছে ৷ বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা ইৰফান খান আৰু মাৰ্ভেলৰ ছুপাৰহিৰো চেডউইক বছমেনৰ নাম উল্লেখ কৰিব পাৰি ।

২০২২ চনৰ অক্টোবৰ মাহত ব্ৰিঘাম এণ্ড মহিলা চিকিৎসালয়ৰ গৱেষকসকলে প্ৰকাশ কৰিছিল যে স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত, আৰু অগ্নাশয়কে ধৰি আগতীয়াকৈ আৰম্ভ হোৱা কেন্সাৰৰ প্ৰাদুৰ্ভাৱ সমগ্ৰ বিশ্বতে ১৯৯০ চনৰ আশে-পাশে নাটকীয়ভাৱে বৃদ্ধি পাইছে ৷

গৱেষকসকলে birth cohort effect নামৰ কিবা এটা পৰ্যবেক্ষণ কৰিছিল । এই প্ৰভাৱে দেখুৱাইছে যে পিচত জন্ম হোৱা প্ৰতিটো গোটৰ লোকৰ কেন্সাৰ হোৱাৰ আশংকা অধিক । গৱেষকসকলে লক্ষ্য কৰিছে যে প্ৰতিটো প্ৰজন্মৰ লগে লগে এই বিপদ বৃদ্ধি পাইছে । উদাহৰণস্বৰূপে, ১৯৫০ চনত জন্মগ্ৰহণ কৰা লোকসকলতকৈ ১৯৬০ চনত জন্মগ্ৰহণ কৰা লোকসকলে ৫০ বছৰ সম্পূৰ্ণ কৰাৰ আগতে কৰ্কট ৰোগৰ আশংকা অধিক অনুভৱ কৰিছিল । তথ্য অনুসৰি ৫০ বছৰৰ আগতে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কমেও ১৪টা প্ৰকাৰৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখা গৈছে ।

দলটোৱে এইটোও বিচাৰি উলিয়াইছে যে প্ৰাথমিক জীৱনৰ “এক্সপ’জম” যি হৈছে এজন ব্যক্তিৰ খাদ্য, জীৱনশৈলী, ওজন, পৰিৱেশৰ সংস্পৰ্শ আৰু মাইক্ৰ’বায়’মৰ পৰিৱৰ্তন, ইয়াৰ ফলতো এই ৰোগ বৃদ্ধি হৈছে ।

"এইটো সত্য যে এই ৰোগৰ কম বয়সীয়া লোকৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে । কিছুমান কৰ্কট ৰোগ যেনে অন্তঃস্ৰাৱী কৰ্কটৰোগৰ ক্ষেত্ৰত ই সঁচা, য’ত স্তনৰ কৰ্কট বা থাইৰইড কৰ্কট ৰোগ অন্তৰ্ভুক্ত থাকে । এই কৰ্কট ৰোগবোৰ 40 আৰু 50 ৰ দশকৰ কম বয়সীয়া লোকৰ ক্ষেত্ৰত অধিক পৰিমাণে দেখা যায়," ভাৰতৰ এজন আগশাৰীৰ অংক’লজিষ্ট ডাঃ সমীৰ কৌলে কয় ।

ডাঃ কৌলে কয় যে ইয়াৰ কাৰণসমূহ হৈছে আভ্যন্তৰীণ কাৰক যেনে জিন আৰু বাহ্যিক পৰিৱেশৰ পৰিৱৰ্তন, যেনে আমি গ্ৰহণ কৰা খাদ্য, পৰিৱেশত হোৱা প্ৰদূষণ আৰু আমাৰ পৰিৱৰ্তিত জীৱনশৈলী ।

"আমি কম বয়সতে এজন ব্যক্তিৰ জেনেটিক ৰিস্কৰ অধিক শলাগ লওঁ ।" আমি সাধাৰণতে এতিয়া ৫০ বছৰ বয়সত বংশগত কাৰকৰ প্ৰতি লক্ষ্য ৰাখোঁ, সেয়েহে আমি অতি সোনকালে কৰ্কট ৰোগ ধৰা পেলাব পাৰিছো ,'' ডাঃ কৌলে লগতে কয় ৷ কিন্তু বিজ্ঞানীসকলে মদ্যপান, টোপনিৰ অভাৱ, ধূমপান, মেদবহুলতা, ডায়েবেটিছ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিকো অন্যান্য কাৰণ বুলি কয় ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিসংখ্যাই এতিয়া ৫০ বছৰৰ তলৰ প্ৰাপ্তবয়স্কসকলৰ মাজত আৰু অধিক কৰ্কট ৰোগ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে । বিশ্বব্যাপী তথ্যৰ ভিত্তিত বিভিন্ন মডেল অনুসৰি ২০১৯ চনৰ পৰা ২০৩০ চনৰ ভিতৰত আগতীয়াকৈ আৰম্ভ হোৱা কেন্সাৰ ৰোগীৰ সংখ্যা প্ৰায় ৩০% বৃদ্ধি পাব । চলিত মাহৰ আৰম্ভণিতে প্ৰকাশিত আগশাৰীৰ বিজ্ঞান আলোচনী নেচাৰত প্ৰকাশিত এটা প্ৰৱন্ধত বিশেষজ্ঞসকলে লিখিছে যে কলৰেক্টাল কেন্সাৰৰ দৰে কেন্সাৰ — যিটো সাধাৰণতে ৬০ৰ দশকৰ মাজভাগ বা তাতকৈ অধিক বয়সৰ পুৰুষৰ ক্ষেত্ৰত দেখা দিয়ে — আমেৰিকাত ৫০ বছৰৰ তলৰ পুৰুষৰ কৰ্কট ৰোগত মৃত্যুৰ প্ৰধান কাৰণ হৈ পৰিছে ৷ যুৱতীসকলৰ ক্ষেত্ৰত এই কৰ্কট ৰোগ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হৈ পৰিছে ।

৫০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই কেন্সাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল যদিও জীয়াই থকাৰ হাৰো বৃদ্ধি পাইছিল । ডাঃ কৌলে কয় যে যেতিয়া আগতীয়াকৈ ৰোগ ধৰা পৰে তেতিয়া জীয়াই থকাৰ সম্ভাৱনাও বেছি থাকে ।

"আমেৰিকাত, য'ত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱৰ তথ্য বিশেষভাৱে কঠোৰ, ৫০ বছৰৰ তলৰ প্ৰাপ্তবয়স্কৰ মাজত ১৯৯০ চনৰ মাজভাগৰ পৰা প্ৰতি বছৰে জৰায়ুৰ কৰ্কট ৰোগ ২% বৃদ্ধি পাইছে ।" ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত আগতীয়াকৈ আৰম্ভ হোৱা স্তন কেন্সাৰ প্ৰতি বছৰে ৩.৮% বৃদ্ধি পাইছে,'' নেচাৰত প্ৰকাশিত প্ৰবন্ধটোত কোৱা হৈছে ।

"আমেৰিকাত যুৱ প্ৰাপ্তবয়স্কৰ মাজত কৰ্কট ৰোগৰ হাৰ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু হিস্পানিক লোকৰ ক্ষেত্ৰত অহিস্পানিক বগা লোকতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ।'' গৱেষকসকলে ইয়াৰ এটা সম্ভাৱ্য কাৰণ মানুহৰ শৰীৰত বাস কৰা অণুজীৱৰ পৰিৱৰ্তন হৈছে নেকি সেই বিষয়েও অনুসন্ধান কৰি আছে, যাক মাইক্ৰ’বায়’ম বুলি কোৱা হয় ৷

কৰ্কট ৰোগ বৃদ্ধি পোৱাটো সত্য যদিও বৃদ্ধিৰ কোনো এটা সাধাৰণ কাৰণ, ইয়াৰ বাবে বহুতো কাৰক দায়ী । ইয়াৰ মূলতে হৈছে সুস্থ জীৱনশৈলীৰ অভাৱ, সঠিক খাদ্য গ্ৰহণৰ অভাৱ, শৰীৰে জিৰণি ল’ব পৰাকৈ পৰ্যাপ্ত টোপনিৰ অভাৱ ।

কৰ্কট ৰোগ প্ৰতিৰোধ সম্ভৱ

Blurb 1- কিছুমান পৰিসংখ্যা

২০২২ চনত কৰ্কট ৰোগৰ ফলত আনুমানিক ১৯.৩ নিযুত ঘটনা আৰু প্ৰায় ১০ নিযুত লোকৰ মৃত্যু হৈছিল ।

কৰ্কট ৰোগ এতিয়া বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ ।

২০৪০ চনৰ ভিতৰত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু মৃত্যুৰ হাৰ ৪০% বৃদ্ধি পোৱাৰ লগে লগে কৰ্কট ৰোগৰ বিশ্বব্যাপী বোজা বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে ।

Blurb 2

ইউনিয়ন ফৰ ইণ্টাৰনেশ্যনেল কেন্সাৰ কণ্ট্ৰলৰ তথ্য অনুসৰি বিশ্বৰ আধা কৰ্কট ৰোগ প্ৰতিৰোধযোগ্য । প্ৰাথমিক কৰ্কট প্ৰতিৰোধৰ ব্যৱস্থাসমূহৰ ভিতৰত ধঁপাতৰ ধোঁৱা, মদ, বৃত্তিগত কাৰ্চিনোজেন, বিকিৰণ, অতিৰিক্ত ওজন আৰু মেদবহুলতা আদিৰ পৰা আঁতৰত ৰাখি কেন্সাৰ আৰম্ভ হোৱাত বাধা প্ৰদান কৰা হয় ৷

গৌণ কৰ্কট প্ৰতিৰোধৰ ব্যৱস্থাসমূহ কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু পৰিস্থিতি অধিক বেয়া হোৱাটো প্ৰতিহত কৰাৰ সৈতে জড়িত । ইয়াত স্ক্ৰীনিং পৰীক্ষা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে কেন্সাৰ বিকাশৰ আৰম্ভণিতে চিনাক্ত আৰু চিকিৎসা কৰিব পাৰে ।

লগতে পঢ়ক :তিতাবিধৰহে আছে উপকাৰিতা: ভাল পালেও কমাই খাওক মিঠাবিধ - Benefits Of Chocolate

ABOUT THE AUTHOR

...view details