ৰঙৰ তথা আনন্দৰ উৎসৱ হৈছে হোলী বা ফাকুৱা ৷ এই উৎসৱৰ প্ৰস্তুতিত সকলো ব্যস্ত ৷ সমগ্ৰ দেশতে অতি আড়ম্বৰেপূৰ্ণভাৱে উদযাপন কৰা দীপাৱলীৰ পিছত হিন্দু ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ উৎসৱ হিচাপে এই উৎসৱক গণ্য কৰা হয় ৷ হোলী উৎসৱৰ লগত বহু সুখ আৰু আনন্দৰ সৃষ্টি হয় ৷ ইয়াক কেৱল ৰঙৰ উৎসৱ বুলিয়েই গণ্য কৰা নহয় বৰঞ্চ প্ৰেমৰ উৎসৱ বুলিও গণ্য কৰা হয়, যিয়ে সকলোকে একত্ৰিত কৰে ৷
ৰঙৰ বাহিৰেও এই দিনটোত খাদ্যৰ গুৰুত্বও অতিশয় বেছি ৷ হোলী উপলক্ষে বহু ধৰণৰ খাদ্যৰ সোৱাদ ল’ব পাৰি ৷ গুজিয়া আৰু মালপোৱাৰ বাহিৰেও হোলীত ভাং খোৱাটোও যথেষ্ট জনপ্ৰিয় ৷ এই সময়ছোৱাত মানুহে ভাং থাণ্ডাই উপভোগ কৰে ৷ কিন্তু ভাং খোৱাৰ পিছত ব্যক্তিজনৰ বহু লক্ষণ দেখা যায়, য’ত উল্লাস, বিচ্ছিন্নতা অনুভৱ, বিভ্ৰান্তি, ভ্ৰম, সংযোগ বিচ্ছিন্নতা ইত্যাদি ৷ যদি আপুনিও এই হোলীত ভাং থাণ্ডাই খোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ আফটাৰ ইফেক্টৰ বিষয়ে নিশ্চিতভাৱে জানি লওক-
খাবলৈ ইচ্ছা
ভাঙৰ প্ৰথম পাৰ্শ্বক্ৰিয়া বা পিছৰ প্ৰভাৱ হ’ল খাদ্যৰ প্ৰতি অনিয়ন্ত্ৰিত লোভ বৃদ্ধি পায় ৷ প্ৰায়ে ভাং খোৱাৰ পিচত মানুহৰ খাদ্যৰ হেঁপাহ বাঢ়ি যায়, যাৰ বাবে তেওঁ অবিৰতভাৱে খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে বেছিকৈ খাদ্য খোৱাৰ ফলতো পেটৰ সমস্যাই দেখা দিব পাৰে ৷
অহৰহ হাঁহি বা কান্দি কথা কোৱা
ভাং খোৱাৰ পিচত এজন ব্যক্তিয়ে প্ৰায়ে অবিৰতভাৱে হাঁহিবলৈ বা কান্দিবলৈ আৰম্ভ কৰে ৷ আচলতে ভাং খোৱাৰ পিচত শৰীৰত ড’পামিন হৰম’ন অৰ্থাৎ হেপি হৰম’ন কমি বা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ব্যক্তিজনে অবিৰতভাৱে হাঁহিবলৈ বা কান্দিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাহিৰেও ভাং খোৱাৰ পিছত বহুতে বহু কথাৰ কথাও ক’বলৈ আৰম্ভ কৰে ৷