বাৰিষা ঋতু চলি আছে আৰু এই ঋতুত পোক-পতংগৰ উপৰিও, ৰঙা পৰুৱাৰ সমস্যাও যথেষ্ট পৰিমাণে দেখা যায় । ৰঙা পৰুৱাবোৰ যিমানে সৰু হয় সিমানেই সিহঁতে ধ্বংসৰ সৃষ্টি কৰে । যদি এই ৰঙা পৰুৱাবোৰৰ এক বৃহৎ সংখ্যক পৰুৱা ঘৰত প্ৰৱেশ কৰে, তেনেহ'লে ঘৰত ৰখা প্ৰায় সকলোবোৰ বস্তুৱেই নষ্ট কৰিবলৈ আৰম্ভ কৰে পৰুৱাবোৰে । এই পৰুৱাই কেৱল খাদ্য সামগ্ৰী নষ্ট কৰাই নহয়, বৰঞ্চ মানুহৰ সংস্পৰ্শলৈ আহিলে ছালত কামোৰে, যাৰ ফলত খজুৱতি আৰু জ্বলা-পোৰা আৰু ৰঙা চোকোৰা হয় ।
গাঁও হওক বা চহৰেই হওক, এই ঋতুত এই ধৰণৰ সমস্যা সকলোতে দেখা যায় । এতিয়া প্ৰশ্ন উত্থাপন হয় যে বাৰিষাৰ সময়ত এই ৰঙা পৰুৱাবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি ? আচলতে ঘৰৰ পৰা খেদি পঠিয়াবলৈ বজাৰত বহুতো কীটনাশক আৰু ঔষধ পোৱা যায় । কিন্তু, আজি আমি আপোনালোকক জনাম যে কেনেকৈ ঘৰত ৰখা কিছুমান বস্তুৰে এই সমস্যাৰ পৰা ক্ষন্তেকতে পৰিত্ৰাণ পাব পাৰি ।
বাৰিষাত পৰুৱাৰ পৰা মুক্তি পাবলৈ কিছুমান সহজ কৌশল আগবঢ়োৱা হ’ল :
টেঙা খাদ্য ব্যৱহাৰ কৰক
পৰুৱাবোৰক প্ৰতিহত কৰিবলৈ নেমু আৰু কমলাৰ বাকলি ব্যৱহাৰ কৰিব, কিয়নো ছাইট্ৰাছৰ গোন্ধে সিহঁতক আঁতৰাই ৰাখিব । আপুনি ঘৰত বনোৱা স্প্ৰে ব্যৱহাৰ কৰিও পৰুৱা খেদিব পাৰে । পানীৰ বটল এটা লওঁক আৰু ইয়াত নেমু বা কমলা ৰস চেপি লওঁক । লগতে এক চামুচ ভিনেগাৰো যোগ দিব পাৰে । এতিয়া পৰুৱা জমা হোৱা ঠাইবোৰত এই দ্ৰৱটো স্প্ৰে কৰক ।
নিমখ
প্ৰতিখন ঘৰতে নিমখ উপলব্ধ । আপোনাৰ ঘৰৰ সেই চুকবোৰত নিমখ ছটিয়াই দিব পাৰে য’ত পৰুৱা জমা হয় । এটা পাত্ৰত পানী আৰু নিমখ উতলাই স্প্ৰেৰ বটলত ভৰাই লওক । য'ত প্ৰয়োজন হয় তাতেই স্প্ৰে কৰিলে পৰুৱাৰ পৰা সোনকালে মুক্তি পাব ।