ETV Bharat / health

এডাল টুথব্ৰাছ কিমান দিনলৈ ব্যৱহাৰ কৰিব লাগে ? আজিয়েই জানি লওক অন্যথা হ’ব ডাঙৰ লোকচান - Toothbrush Make You Sick

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 4:02 PM IST

Toothbrush Make You Sick: আপোনাৰ মুখ আৰু দাঁত সুস্থ, নিৰাপদ তথা বীজাণুমুক্ত কৰি ৰাখে টুথব্ৰাছে । কিন্তু আপুনি জানেনে যে বাৰিষাৰ সময়ত এই টুথব্ৰাছেই আপোনাৰ অসুস্থতাৰ কাৰণো হ’ব পাৰে ? আজি এই সন্দৰ্ভত বিতংভাৱে দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ হিতেশ মিশ্ৰৰ পৰা জানি লও আহক ৷

TOOTH BRUSH KEPT IN YOUR BATHROOM MAY MAKE YOU SICK
লাখ লাখ বেক্টেৰিয়াৰ বাসস্থান হৈছে টুথব্ৰাছ; বাৰিষাত ৰোগৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই সাৱধানতা (ETV Bharat)

আমি সকলোৱে পুৱা প্ৰথমে দাঁত ব্ৰাছ কৰি দিনটোৰ আৰম্ভণি কৰোঁ ৷ কিন্তু আপুনি জানেনে যে আমি দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথব্ৰাছে আমাৰ বাবে বহু ৰোগ কঢ়িয়াই আনে ? বাৰিষাৰ সময়ত টুথব্ৰাছত বেক্টেৰিয়া বাঢ়ি যায়, যিবোৰ ব্ৰাছৰ লগতে আমাৰ শৰীৰতো প্ৰৱেশ কৰে ৷ ইয়াৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় ৷

সেয়ে আজি টুথব্ৰাছ কৰাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তথা ব্ৰাছ কৰাৰ সময়ত সাৱধানতা সম্পৰ্কে দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ হিতেশ মিশ্ৰৰ পৰা জানি লওক-

ৱাশ্বৰূমত তিতা টুথব্ৰাছে কৰিব অসুস্থ

ডাঃ হিতেশ মিশ্ৰই কয়, "পেটৰ ৰোগৰ বেছিভাগ সমস্যা বাৰিষাৰ সময়তে আহে ৷" ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ টুথব্ৰাছো হ’ব পাৰে ৷ দৰাচলতে বেছিভাগ মানুহেই টুথব্ৰাছ ব্যৱহাৰ কৰাৰ পিচত ৱাশ্বৰূমত তিতি থকা অৱস্থাতে থৈ দিয়ে ৷ তিতা ঠাইত বেক্টেৰিয়া অধিক সক্ৰিয় হয় আৰু ৱাশ্বৰূমত সদায় বেক্টেৰিয়া থাকে ৷ কিন্তু বাৰিষাৰ সময়ত বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়, যিবোৰ তিতা টুথব্ৰাছত জমা হয় আৰু তাৰ পিচত ব্ৰাছ কৰাৰ সময়ত বেক্টেৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে, যাৰ ফলত ৰোগৰ সৃষ্টি হয় ৷

গৰম পানীত ধুইহে ব্যৱহাৰ কৰক টুথব্ৰাছ

দন্ত চিকিৎসক হিতেশ মিশ্ৰই কয়, "ব্ৰাছ কৰাৰ আগতে গৰম পানীত ভালদৰে ধুই টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে ৷" গৰম পানীৰ সংস্পৰ্শলৈ আহিলে বেক্টেৰিয়া নষ্ট হয়, যিবোৰ আমাৰ বাবে উপকাৰী ৷ ইয়াৰ লগতে টুথব্ৰাছ ৱাশ্বৰূমত নাৰাখি বাহিৰত ৰাখিব লাগে ৷ সম্ভৱ হ’লে টুথব্ৰাছডাল এটা কভাৰত ৰাখিব পাৰিলে ভাল ৷ টুথব্ৰাছ দুমাহ বা তিনিমাহৰ ভিতৰত সলনি কৰিব লাগে

দন্ত চিকিৎসক হিতেশ মিশ্ৰই কয় যে টুথব্ৰাছ দুমাহ বা তিনিমাহৰ ভিতৰত সলনি কৰিব লাগে কাৰণ ইয়াৰ পিচত টুথব্ৰাছৰ ব্ৰিষ্টলবোৰ কঠিন হৈ বিয়পি পৰে, যিয়ে আপোনাৰ দাঁতৰ গুৰিৰ ক্ষতি কৰে ৷ ইয়াৰ বাবে বহু সময়ত মুখ আৰু দাঁতত সমস্যা দেখা দিবলৈ আৰম্ভ কৰে প্ৰতি ২ৰ পৰা ৩ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷

দূষিত টুথব্ৰাছ আমাৰ শৰীৰৰ বাবে কিমান বিপজ্জনক ?

দন্ত চিকিৎসকগৰাকীয়ে কয় যে গৱেষকৰ মতে, টুথব্ৰাছত ১২ লাখ বেক্টেৰিয়া থাকিব পাৰে । লগতে নিউয়ৰ্ক ষ্টেট ডেণ্টেল জাৰ্নেলে প্ৰকাশ কৰিছে যে ব্যৱহৃত ৭০% টুথব্ৰাছ এই বেক্টেৰিয়াৰ দ্বাৰা দূষিত। "গৱেষকসকলে বিচাৰি উলিয়াইছে যে ব্যৱহৃত টুথব্ৰাছত ফ্লু ভাইৰাছ, ষ্টেফ বেক্টেৰিয়া, ই.কলাই, ঈষ্ট ভেঁকুৰ আৰু ষ্ট্ৰেপ ভাইৰাছ থাকে যিয়ে ৰোগ সৃষ্টি কৰে ।"

লগতে পঢ়ক: Expiry Date Of Tooth Brush: দীৰ্ঘদিনে ব্যৱহাৰ কৰে নেকি এডাল টুথব্ৰাছ, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.