ETV Bharat / health

জিকা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ : সতৰ্কবাণী জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ - Zika Virus

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:29 PM IST

Zika Virus: জিকা ভাইৰাছত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ ভ্ৰূণৰ মাইক্ৰ’চেফেলি আৰু স্নায়ুজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । সেয়েহে ৰাজ্যসমূহক ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনোৱা হৈছে আৰু আক্ৰান্ত ঠাইসমূহত স্বাস্থ্য বিষয়াসকলে জিকা পজিটিভ হোৱা গৰ্ভৱতী মাতৃৰ ভ্ৰূণৰ বিকাশৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

Zika Virus
জিকা ভাইৰাছৰ প্ৰাদূৰ্ভা : সতৰ্কবাণী জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ (ETV Bharat)

২ জুলাইত মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী ৫৫ বছৰীয়া মহিলা জিকা ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছিল । ইয়াৰ পিচত মহাৰাষ্ট্ৰৰ পৰা ধাৰাবাহিকভাৱে জিকা ভাইৰাছত আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে আৰু এতিয়ালৈকে তেওঁলোকৰ সংখ্যা ৭ জন বুলি কোৱা হৈছে । জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে গৰ্ভৱতী মহিলাৰ পৰীক্ষা আৰু তেওঁলোকৰ বিশেষ যত্নৰ বাবে ৰাজ্যসমূহক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে ।

সেয়ে মহাৰাষ্ট্ৰৰ পৰা জিকা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰাৰ খবৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্যসমূহলৈ এক পৰামৰ্শ জাৰি কৰিছে । এই পৰামৰ্শ জাৰি কৰি স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেলে দেশৰ জিকা ভাইৰাছৰ পৰিস্থিতিৰ ওপৰত অহৰহ সতৰ্কতা বজাই ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে । বিশেষকৈ যিসমূহ বৰ্তমান অহৰহ বৃষ্টিপাত হৈ আছে যেনে অসম, ওড়িশা, কেৰালা, দিল্লী আদি ঠাইত এই ৰোগ হোৱাৰো এক আশংকা প্ৰকাশ কৰা হৈছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, “ৰাজ্যসমূহক আক্ৰান্ত অঞ্চলৰ স্বাস্থ্য সুবিধাসমূহ বা আক্ৰান্ত অঞ্চলৰ পৰা অহা ৰোগীক যত্ন লোৱা প্ৰতিষ্ঠানসমূহক নিৰ্দেশিত কৰি গৰ্ভৱতী মহিলাসকলক জিকা ভাইৰাছৰ সংক্ৰমণৰ বাবে পৰীক্ষা কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি কাম কৰা উচিত ।"

ৰাজ্যসমূহক স্বাস্থ্যসেৱা সুবিধা আৰু চিকিৎসালয়সমূহক এজন ন’ডেল বিষয়া চিনাক্ত কৰিবলৈ পৰামৰ্শ দিবলৈও নিৰ্দেশ দিয়া হৈছে যিয়ে চৌহদটো ইডিছ মহমুক্ত কৰি ৰখাৰ বাবে নিৰীক্ষণ আৰু ব্যৱস্থা গ্ৰহণ কৰিব ।

বিষয়াগৰাকীয়ে কয় যে, ৰাজ্যসমূহে আৱাসিক অঞ্চল, কৰ্মস্থলী, বিদ্যালয়, নিৰ্মাণ স্থান, প্ৰতিষ্ঠান আৰু স্বাস্থ্য সুবিধাসমূহত পতংগবিজ্ঞানৰ চোৱাচিতা শক্তিশালী কৰা আৰু ভেক্টৰ নিয়ন্ত্ৰণ কাৰ্য্যকলাপ তীব্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ৰাজ্যসমূহক সমাজৰ মাজত আতংক হ্ৰাস কৰিবলৈ ছ’চিয়েল মিডিয়া আৰু অন্যান্য মঞ্চত সতৰ্কতামূলক আই ই চি বাৰ্তাৰ জৰিয়তে সজাগতা বৃদ্ধি কৰিবলৈও আহ্বান জনোৱা হৈছে, কিয়নো জিকা আন যিকোনো ভাইৰাছৰ সংক্ৰমণৰ দৰেই আৰু বেছিভাগ ক্ষেত্ৰতে ই লক্ষণবিহীন আৰু মৃদু হয় ।

যদিও ইয়াক মাইক্ৰ’চেফেলিৰ সৈতে জড়িত বুলি কোৱা হৈছে, তথাপিও ২০১৬ চনৰ পৰা দেশত জিকা-সংক্ৰান্তীয় মাইক্ৰ’চেফেলিৰ কোনো প্ৰতিবেদন এতিয়ালৈকে পোৱা নাই ।

“যিকোনো আগতীয়া উত্থান আৰু প্ৰাদুৰ্ভাৱ সময়মতে ধৰা পেলোৱা আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্য কৰ্তৃপক্ষক সজাগ, সাজু হৈ থাকিবলৈ আৰু সকলো স্তৰতে সঠিক লজিষ্টিকছৰ উপলব্ধতা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ৰাজ্যসমূহক যিকোনো ধৰা পৰা আক্ৰান্ত ৰোগীৰ বিষয়ে তৎকালীনভাৱে ইন্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম (আইডিএছপি) আৰু নেচনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল (এনচিভিবিডিচি)ক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে ।

জিকা ৰোগ: জিকা হৈছে ডেংগু আৰু চিকুনগুনিয়াৰ দৰে ইডিছ মহে কামোৰাৰ ফলত হোৱা এক ভাইৰাছজনিত ৰোগ । ই এক মাৰাত্মক ৰোগ নহয় যদিও সঠিক সময়ত চিকিৎসা গ্ৰহণ নকৰিলে ৰোগীগৰাকীৰ মৃত্যুও হ’ব পাৰে । কিন্তু আক্ৰান্ত গৰ্ভৱতী মহিলাৰ পৰা জন্ম লোৱা শিশুৰ ক্ষেত্ৰত জিকা মাইক্ৰ’চেফেলি (মূৰৰ আকাৰ হ্ৰাস)ৰ সৈতে জড়িত, যিটো এক ডাঙৰ চিন্তাৰ বিষয়।

সাধাৰণতে জিকা ভাইৰাছত আক্ৰান্ত হোৱা ৮০ শতাংশ লোকৰ ক্ষেত্ৰত কোনো সংক্ৰমণ দেখা নাযায়, কিন্তু যদি কোনোবাই জ্বৰ, ফোহা, গাঁঠি আৰু পেশীৰ বিষ, মূৰৰ বিষ বা কনজাংটিভাইটিছৰ দৰে লক্ষণ দেহত দেখা দিছে, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয় । এই লক্ষণসমূহ সংক্ৰমিত মহে কামোৰাৰ এসপ্তাহৰ পিচত দেখা দিয়ে আৰু প্ৰায় এসপ্তাহলৈকে থাকিব পাৰে ।

ভাৰতে ২০১৬ চনত গুজৰাট ৰাজ্যৰ পৰা প্ৰথম জিকা আক্ৰান্তৰ তথ্য লাভ কৰিছিল । তাৰ পিচৰে পৰা আন কেইবাখনো ৰাজ্য যেনে তামিলনাডু, মধ্যপ্ৰদেশ, ৰাজস্থান, কেৰালা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী আৰু কৰ্ণাটকত এই ভাইৰাছৰ সংক্ৰমণ ঘটনা পোহৰলৈ আহিছে ।

২০২৪ চনত (২ জুলাই পৰ্যন্ত) মহাৰাষ্ট্ৰত পুনে (৬), কলহাপুৰ (১) আৰু সংগমনেৰ (১)ৰ পৰা ৮ জন লোক আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: Zika virus: ডেংগু, চিকুংগুনিয়াৰ লগতে বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.