অসম

assam

ডেংগু আৰু মেলেৰিয়াত ভুগিছে নেকি ? কেনেকৈ ল’ব শৰীৰৰ সঠিক যতন - World Mosquito Day 2024

By ETV Bharat Health Team

Published : Aug 20, 2024, 4:00 PM IST

Updated : Aug 20, 2024, 5:16 PM IST

Post mosquito disease care tips: ডেংগু আৰু মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতো প্ৰয়োজন শৰীৰৰ সঠিক যতন । বিশেষজ্ঞৰ পৰা জানো আহক ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ পিছত আমি কিদৰে আমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত-

Post Mosquito Disease Care Tips
ডেংগু আৰু মেলেৰিয়াত ভুগিছে নেকি ? কেনেকৈ ল’ব শৰীৰৰ সঠিক যতন (CANVA)

বৰ্তমান সময়ত ডেংগু আৰু মেলেৰিয়াৰ দৰে মহজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ এই ৰোগবোৰৰ পৰা হাত সাৰিবলৈ মানুহে প্ৰায়ে আঁঠুৱা বা মহ মৰা ক্ৰীম ব্যৱহাৰ কৰে ৷ কিন্তু, সকলো প্ৰচেষ্টাৰ পিছতো বহু লোক এতিয়াও মহৰ দ্বাৰা সংক্ৰমিত ৰোগত ভোগে ৷ মহৰ দ্বাৰা হোৱা ৰোগ মধ্যমীয়াৰ পৰা গুৰুতৰলৈকে হ’ব পাৰে ৷ কিছুমান ক্ষেত্ৰত এই ৰোগবোৰ মাৰাত্মক হ’ব পাৰে ৷ গতিকে এই ৰোগবোৰক একেবাৰেই আওকাণ নকৰি সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰাটো উচিত ৷ কিন্তু ডেংগু আৰু মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতো শৰীৰত ভাগৰ আৰু দুৰ্বলতা স্থায়ী হৈ থাকে ৷ এনে অৱস্থাত সুস্থ হোৱাৰ পাছতো তেওঁ নিজৰ সম্পূৰ্ণ যত্ন লোৱাটো উচিত ৷ বিশ্ব মহ দিৱস প্ৰতি বছৰে ২০ আগষ্টত অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৷ সেয়ে এই উপলক্ষে চিকিৎসক ডাঃ ৰমন কুমাৰৰ পৰা জানো আহক, মহজনিত ৰোগৰ পৰা সুস্থ হৈ উঠাৰ পিছত আমি কেনেকৈ নিজৰ উপযুক্ত যত্ন ল’ব পাৰো ৷

মহজনিত ৰোগৰ পৰা সুস্থ হৈ উঠাৰ পিছত কেনেকৈ উপযুক্ত যত্ন ল’ব?

১) প্ৰচুৰ পৰিমাণে পানী খাব লাগে

যদি আপোনাৰ ডেংগু-মেলেৰিয়াৰ দৰে কোনো ৰোগত ভুগি আছে বা মহৰ দ্বাৰা হোৱা ৰোগৰ পৰা বৰ্তমান পৰিত্ৰাণ লাভ কৰিছে, তেন্তে নিশ্চিতভাৱে হাইড্ৰেচনৰ যত্ন লওক ৷ দৰাচলতে এই ৰোগবোৰৰ সময়ত শৰীৰত পানীৰ অভাৱ হয় ৷ গতিকে সুস্থ হোৱাৰ পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ হাইড্ৰেটেড হৈ থাকিবলৈ হ’লে দৈনিক ৮-১০ গিলাচ পানী খাবলৈ চেষ্টা কৰক ৷ লগতে খাদ্যত নাৰিকল পানী আৰু নেমুৰ পানী অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক ৷

২) শৰীৰক জিৰণি দিয়ক

মহজনিত ৰোগ যেনে ডেংগু, মেলেৰিয়াৰ পৰা আৰোগ্য লাভ কৰাৰ লগে লগে সকলো কাম আৰম্ভ নকৰিব ৷ ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ পিছত আপোনাৰ শৰীৰটো সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ জিৰণিৰ প্ৰয়োজন হয় ৷ সম্পূৰ্ণ টোপনি আৰু জিৰণি লওক ৷ ইয়াৰ ফলত আপোনাৰ দুৰ্বলতা আৰু ক্লান্তিও দূৰ হ’ব ৷

৩) খাদ্যৰ প্ৰতি নিশ্চয় যত্ন লওক

ডেংগু, মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত খাদ্যাভ্যাসৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে ভাগৰ আৰু দুৰ্বলতা সোনকালে নাইকিয়া হয় ৷ এই সময়ছোৱাত প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে ৷ আৰোগ্য লাভ কৰাৰ পিছত খাদ্যত ফল-মূল, শাক-পাচলি, দালি আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰাটো উচিত ৷ ইয়াৰ উপৰিও বাদাম আৰু কিছুমান বিশেষ বীজ যেনে, ৰঙালাওৰ বীজ, খৰবুজৰ বীজ, সূৰ্যমূখী ফুলৰ বীজ, তিল আদি খাব লাগে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ভিটামিন চি যুক্ত আহাৰ গ্ৰহণ কৰিব লাগে ৷ ইয়াৰ ফলত আপুনি সোনকালে সুস্থ হৈ উঠিব ৷ মহে কামোৰাৰ ফলত হোৱা ৰোগত প্লেটলেট আৰু ৰক্তহীনতাৰ সমস্যাই দেখা দিয়ে ৷ যাৰ ফলত আমাৰ শৰীৰটো খুবেই দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত তেজ বৃদ্ধি কৰিবলৈ পালেং, ডালিম আৰু গুড় আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে ৷

৪) যোগাসন কৰক

সম্পূৰ্ণভাৱে সুস্থ হ’বলৈ হ’লে যোগাভ্যাস কৰাটো খুবেই প্ৰয়োজনীয় ৷ যদি আপুনিও মহৰ দ্বাৰা সংক্ৰমিত কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে, তেন্তে প্ৰতিদিনে পুৱা যোগাসন কৰক ৷ যোগাসন, প্ৰাণায়াম বা ষ্ট্ৰেচিং আদি কৰাৰ অভ্যাস কৰিব পাৰে ৷ ইয়াৰ ফলত আপুনি সক্ৰিয় হৈ থাকিব আৰু আপোনাৰ পেশীবোৰো শক্তিশালী হ’ব ৷ কিন্তু, গধুৰ ব্যায়াম কৰাটো কিছুদিনৰ বাবে এৰাই চলক ৷

৫) মানসিক স্বাস্থ্যৰ যত্ন লোৱা

মহে কামোৰাৰ ফলত হোৱা ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ দৰাচলতে ডেংগু, মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ ফলত আৰোগ্য লাভতো বিলম্ব হ’ব পাৰে ৷ গতিকে দ্ৰুত আৰোগ্য লাভৰ বাবে মানসিক স্বাস্থ্য সবল কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে আপুনি ধ্যান কৰি টোপনি সম্পূৰ্ণ কৰা উচিত ৷

যদি আপুনিও ডেংগু আৰু মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত যিকোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে তেন্তে নিজৰ বিশেষ যত্ন লওক ৷ সুস্থ হোৱাৰ পিছতো স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ শৰীৰৰ সম্পূৰ্ণ যত্ন লৈ থকাৰ সময়তো আপুনি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত ৷ চৌপাশৰ অংশ পৰিষ্কাৰ কৰি ৰাখক ৷ লগতে মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু অন্য সাৱধানতা গ্ৰহণ কৰিবলৈ নাপাহৰিব ৷

লগতে পঢ়ক:মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024
Last Updated : Aug 20, 2024, 5:16 PM IST

ABOUT THE AUTHOR

...view details