গুৱাহাটী, 16 জুলাই: গৰমৰ এই সময়ছোৱাত প্ৰায়ভাগে ঘৰতে হওঁক বা বাহিৰলৈ যাওঁতেই হওক চুটি বা স্লিভলেচ(sleeveless) কাপোৰ পিন্ধা পৰিলক্ষিত হয় ৷ কিন্তু সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই কয় যে গৰমৰ সময়ছোৱাত আমি এনেধৰণৰ সাজ-পাৰ পৰিধান কৰিব লাগে যি কাপোৰ পৰিধান কৰিলে আমাৰ গৰম কম লাগে আৰু আমাক দেখি আনেও সতেজ অনুভৱ কৰে ৷ এই সময়ছোৱাত যিসমূহ পাতল ৰঙৰ কাপোৰ আছে সেইসমূহ আমি পৰিধান কৰিব পাৰো ৷ গৰমৰ সময়ছোৱাত কপাহী সূতাৰে প্ৰস্তুত কৰা কাপোৰ পৰিধান কৰিলে ছালখনত গৰম কমকৈ লাগে ৷ লগতে ছালৰ যিসমূহ সমস্যা থাকে ঘামচি আদিকে ধৰি এইসমূহ পৰা ৰক্ষা পাব পাৰি ৷ লগতে কপাহী কাপোৰ পৰিধান কৰাৰ ফলত ঘামৰ সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি ৷
গৰমৰ সময়ছোৱাত হাত, ভৰিৰ ছালৰ কেনেদৰে যতন ল'ব ?
গৰমৰ এই সময়ছোৱাত বহুতে চুটি কাপোৰ, স্লিভলেচ(sleeveless) পিন্ধি খুব ভাল পায় ৷ এনে ধৰণৰ কাপোৰ পৰিধান কৰিবলৈ হ'লে হাত-ভৰিৰ ছালো ধুনীয়া হৈ থকাটো খুবেই প্ৰয়োজনীয় ৷ হাত-ভৰিৰ ক্ষেত্ৰত সাধাৰণতে Strawberry Legsৰ সমস্যা দেখা যায় যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Keratosis Pilaris বুলিও কোৱা হয় ৷ এই সমস্যাটোত হাত-ভৰি ছালৰ তলত প্ৰ’টিন জমা হৈ নোমৰ গুৰিবোৰ বন্ধ হৈ যায় ৷ যাৰ ফলত নোমৰ গুৰিত সৰু সৰু গুটিৰ নিচিনা সৃষ্টি হয় ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে স্কাবিং(Scrubbing) আৰু ময়শ্বৰাইজিং ৷ এই দুটা কাম নিয়মীয়াভাৱে কৰি থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷