প্ৰাকৃতিক উজ্বলতাৰ কথাই সুকীয়া ৷ মেকআপ নকৰাকৈও যেতিয়া মানুহে আপোনাক প্ৰশংসা কৰে তেতিয়া যে কিমান ভাল লাগে ৷ ত্ৰুটিহীন, জিলিকি থকা ছাল আৰু বিলাহীৰ দৰে ৰঙা গাল দুখনে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু ইয়াক পাবলৈ কোনেনো নিবিচাৰে ৷ যদি আপুনিও এনে ছালৰ গোপন সূত্ৰ বিচাৰিছে, তেন্তে এই ৰস আপোনাৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভুক্ত কৰক-
- বিশ্বাস কৰক, এই ৰস দৈনিক সেৱনে আপোনাৰ মুখখনক এক বেলেগ উজ্বলতা প্ৰদান কৰিব ৷
- মুখৰ উজ্বলতা বৃদ্ধি কৰিব এই ৰসে
- ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব-
- ডেৰ কাপ বিট, ডেৰ কাপ গাজৰ, ১ আপেল, ডেৰ ইঞ্চি কেঁচা হালধি, ১ আমলখি, ১ কাপ ডালিম
এনেকৈ তৈয়াৰ কৰক এই ৰস
- ব্লেণ্ডাৰত বিট, বিলাহী, আপেল, আমলখি, হালধি আৰু ডালিম দি অলপ পানী দি ভালদৰে মিক্সিত পিচি লওক ৷ ইচ্ছা কৰিলে ইয়াত সিজোৱা বিটো ব্যৱহাৰ কৰিব পাৰে ৷
- এতিয়া ৰসখিনি চেকি লৈ ইয়াত ৰুচি অনুসৰি নেমুৰ ৰস দিয়ক ৷
- অৱশ্যে নেচেকাকৈ পান কৰিলে ই আপোনাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী হ’ব পাৰে কাৰণ শৰীৰেও ৰসৰ পৰা আঁহ লাভ কৰিব ৷
- ওপৰত পদিনা পাত দি পৰিবেশন কৰক ৷
এই ৰসৰ উপকাৰিতা
১/ বিট
বিটত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত থকা ফোলেটে ছালৰ কোষ বৃদ্ধি কৰে ৷ ভিটামিন চি এ বয়স বৃদ্ধিৰ প্ৰভাৱ কমায় আৰু বলিৰেখা আঁতৰায় ৷
২/ গাজৰ
গাজৰত থকা বিটা কেৰটিনে ছালখনক UV ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে ৷
৩/ আপেল