পুৱাৰ ভাগত ইমান পৰিমাণে খাওক পানী আৰু পাওক এই লাভ - Water benefits - WATER BENEFITS
Drinking Water Benefits: পুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ পানী খোৱাটো বহুতৰে দৈনন্দিন জীৱনৰ এটা অংশ ৷ কিন্তু আপুনি জানেনে যে এই সৰু অভ্যাসৰ বহু ডাঙৰ উপকাৰিতা আছে ? পুৱা প্ৰথমে উঠিয়েই পানী খালে আপোনাৰ স্বাস্থ্যই কেনেধৰণৰ উপকাৰিতা লাভ কৰে জানি লওক-
পুৱাৰ ভাগত ইমান পৰিমানে খাওক পানী আৰু পাওক এই লাভ (CANVA)
ওজন কমাবলৈ সহায়ক-পানী খোৱাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন কমাবলৈ সহায় কৰে ৷
বৃক্ক সুস্থ কৰি ৰাখে-পানীয়ে বৃক্ক বিষমুক্ত কৰাত সহায় কৰে ৷
কিমান পানী খাব লাগে ?
পুৱা সাৰ পোৱাৰ পিছত কিমান পানী খাব লাগে সেয়া ব্যক্তিভেদে আৰু ঋতু অনুসৰি বেলেগ বেলেগ হয় ৷ সাধাৰণতে পুৱা টোপনিৰ পৰা উঠাৰ পিছত কমেও ২-৩ গিলাচ পানী খাব পাৰে ৷ যদি আপুনি আৰম্ভণিতে ইমান পৰিমাণে পানী খাব নোৱাৰে তেন্তে এক গিলাচৰ পৰা আৰম্ভ কৰক আৰু লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰক ৷
কুহুমীয়া নে ঠাণ্ডা পানী ?
পুৱা কুহুমীয়া বা ঠাণ্ডা পানী খাব পাৰে ৷ কুহুমীয়া পানীয়ে পাচনতন্ত্ৰ শান্ত কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে ৷ একে সময়তে ঠাণ্ডা পানীয়ে শৰীৰক সতেজ অনুভৱ কৰায় ৷
পুৱা পানী খোৱাৰ অন্যান্য উপকাৰিতা
মাংসপেশীৰ বিষ কম কৰে-ব্যায়ামৰ পিছত পানী খালে পেশীৰ বিষ কম হয় ৷