Corona ভাইৰাছৰ ফলত সৃষ্টি হোৱা Covid-19 মহামাৰীয়ে ইতিমধ্যে পৃথিৱীৰ বহু লোকৰ প্ৰাণ কাঢ়িছে ৷ এই ৰোগৰ বাবে ভাৰতকে ধৰি আন দেশৰ লোকক মাহৰ পিচত মাহ ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য কৰাইছিল ৷ ইয়াক আনুষ্ঠানিকভাৱে আন্তৰ্জাতিক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন ঘোষণা কৰাৰ চাৰি বছৰৰ পিচতো আমি জ্ঞাত নহয় যাক বিজ্ঞানীসকলে Long Covid বুলিও কয় ৷ একে সময়তে এই ৰোগে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে ৷
Sapien Labৰ দ্বাৰা প্ৰকাশিত Tara Thiagarajan আৰু Jennifer Newsonৰ Global Mental State Report for 2023ত উল্লেখ আছে যে, Covidৰ অন্ত পৰাৰ পিচত লকডাউন প্ৰত্যাহাৰ কৰি সকলো পূৰ্বৰ দৰেই হ’ব বুলি সকলোৱে ভাবিছিল ৷ কিন্তু এই মহামাৰীৰ প্ৰস্থানৰ পিছতো, মানুহৰ মানসিক স্বাস্থ্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা নগ’ল ৷
ভাৰত আৰু বিদেশৰ লোকৰ মানসিক স্বাস্থ্যৰ অৱস্থা
৭১ খন দেশৰ (ভাৰতত ৪৬,৯৮২) চাৰি লাখতকৈ অধিক লোকৰ সৈতে কৰা সমীক্ষাত দেখা গৈছে যে ৩০.৪ শতাংশ ভাৰতীয় মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু দুৰ্বল মানসিক স্বাস্থ্যৰ সৈতে যুঁজিছে ৷ আনহাতে বিশ্ব পৰ্যায়ত এই পৰিসংখ্যা... ২৭.১ শতাংশ ৷ যুক্তৰাজ্য, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াত ভাৰততকৈ অধিক লোক মানসিক সমস্যাত ভুগিছে ৷ ইয়াৰ বিপৰীতে কানাডা, আমেৰিকা, ছিংগাপুৰ, ফ্ৰান্স, ইজৰাইল, ইটালী আৰু শ্ৰীলংকাত মানুহৰ মানসিক স্বাস্থ্য উন্নত ৷
মানসিক স্বাস্থ্যৰ ওপৰত বয়স আৰু লিংগৰ প্ৰভাৱ:
প্ৰতিবেদনত দেখা গৈছে যে কম বয়সতে স্মাৰ্টফোন ব্যৱহাৰ কৰা আৰু আল্ট্ৰা প্ৰচেছড খাদ্য খোৱাৰ ফলত মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি পায় ৷ ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে ৩৫ বছৰীয়া যুৱক-যুৱতীসকলৰ ওপৰত ৷ আনহাতে ৬৫ বছৰৰ ওপৰৰ লোকৰ মানসিক স্বাস্থ্যৰ কোনো পৰিৱৰ্তন দেখা পোৱা নাই ৷
ভাৰতত ১৮-২৪ বছৰ বয়সৰ আধাতকৈ অধিক লোক (৫০.৭ শতাংশ) মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে ৷ আনহাতে এই সংখ্যা ২৫-৩৪ বছৰ বয়সৰ গোটত ৪২.৯ শতাংশ, ৩৫-৪৪ বছৰৰ ভিতৰৰ লোকৰ ক্ষেত্ৰত ২৮.৭ শতাংশ আৰু ৪৫-৫৪ বছৰ বয়সৰ লোকৰ ১৭.৬ শতাংশ আছিল ৷ ইয়াৰ বাহিৰেও ৫৫ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত এই অনুপাত বহু কম ৷
লিংগৰ ভিত্তিত চাবলৈ গ’লে পুৰুষতকৈ মহিলাসকল অধিক হাৰত মানসিক চাপত ভোগা দেখিবলৈ পোৱা গৈছে ৷ বিশ্বজুৰি ২৮.৭ শতাংশ মহিলা মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছে ৷ একে সময়তে বিশ্বৰ গড় ২৫.৫ শতাংশতকৈ পুৰুষৰ অংশ (২৮.৮ শতাংশ) অধিক ৷