গুৱাহাটী, 28 মাৰ্চ: হোলীৰ ৰঙত মিহলি হৈ থকা ৰাসায়নিক দ্ৰৱ্যৰ পৰা শিশুৰ পৰা বৃদ্ধলৈকে ভিন্ন ধৰণৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হয় ৷ বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত ছালৰ পৰা আৰম্ভ কৰি জ্বৰ-কাঁহ-চৰ্দি আদি হোৱা পৰিলক্ষিত হয় ৷ সেয়ে এই সময়ছোৱাত শিশুসকলৰ যতন লোৱাটো খুবেই প্ৰয়োজন ৷
হোলীৰ পিচত শিশুসকলৰ কেনেদৰে যতন ল'ব ?
১) হোলীৰ ৰং যদি কেনেবাকৈ চকুত সোমাই তেন্তে চকুৰ ভিন্ন ধৰণৰ অসুবিধা সৃষ্টি হ'ব পাৰে ৷ সেয়ে যদি আপোনাৰ শিশুটিৰ চকুটো খজুৱাই আছে বা ৰঙা পৰিছে তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
২)ছালৰ ভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে যেনে খজুৱাই থাকিব পাৰে, এলাৰ্জিৰ অসুবিধা হ'ব পাৰে, ছালত গুটি গুটি উঠিব পাৰে ৷ এনে যদি হৈছে তেন্তে ভালদৰে প্ৰথমে গাটো ধুৱাই ল'ব আৰু মন কৰিব শৰীৰৰ কোনো অংশ যাতে ৰং লাগি নাথাকে ৷ লগতে এনে যদি সমস্যা আপোনাৰ শিশুটিৰ লগত হৈছে তেনে এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আৱশ্যক ৷
৩)হোলীৰ লগতে যিহেতু পানীৰেও খেলা দেখা যায় ৷ সেয়ে হোলীৰ পিচত শিশুসকলৰ জ্বৰ-কাঁহ-চৰ্দি আদি হোৱা সম্ভাৱনা থাকে ৷ নাইবা কেতিয়াবা উশাহ-নিশাহতো অসুবিধা হ'ব পাৰে ৷ সেয়ে এই সময়ছোৱাত শিশুসকলৰ যতন লোৱাটো আৱশ্যক ৷
৪) নখৰ গুৰিত হোলীৰ ৰং জমা হৈ যদি থাকে তেন্তে নখৰ বিভিন্ন ৰোগ হ’ব পাৰে ৷ সেয়ে হোলী খেলাৰ পিচত ভালদৰে নখৰ গুৰিবোৰ পৰিষ্কাৰ কৰি পানীৰে ধুই ক্ৰীম লগাই দিব লাগে ৷
৫) চুলিৰো ভিন্ন সমস্যাই দেখা দিব পাৰে ৷ সেয়ে শিশুটিক হোলী খেলাৰ পিচত ভালদৰে চুলি আৰু মুৰ ধুই শুকাব লাগে আৰু চুলিত তেল দিব লাগে ৷ নহ’লে চুলিৰ গুৰি খজুৱা, চুলি সৰা আদিৰ সমস্যা হ'ব পাৰে ৷