অসম

assam

ETV Bharat / health

কেনে স্বভাৱৰ হয় ছেপ্তেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকল, এনে লোকৰ বিশেষত্বসমূহ জানি লওক - September Born People

September Born People: সংখ্যাত্ববিদ তথা জ্যোতিষ শাস্ত্ৰবিদৰ মতে কেনে স্বভাৱৰ হয় ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকল ৷ তথা এইমাহত জন্মগ্ৰহণ কৰা লোকে কেৰিয়াৰ আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন-

Here are some mind-blowing facts about people born in September
কেনে স্বভাৱৰ হয় ছেপ্তেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকল (CANVA)

By ETV Bharat Features Team

Published : Aug 29, 2024, 3:23 PM IST

যিকোনো ব্যক্তিৰ জন্ম তাৰিখ, বছৰ বা মাহে তেওঁৰ ভৱিষ্যতৰ বিষয়ে বহু কথাই কয়। জ্যোতিষ শাস্ত্ৰৰ মতে, এগৰাকী ব্যক্তিৰ স্বভাৱ যেনেকৈ তেওঁৰ ৰাশি অনুযায়ী ক’ব পাৰি, ঠিক তেনেদৰে তেওঁৰ জন্ম মাহ অনুযায়ী তেওঁৰ স্বভাৱ আৰু জীৱনৰ তথ্যও লাভ কৰিব পাৰি । ছেপ্টেম্বৰ মাহ আৰম্ভ হ’বলৈ ওলাইছে । কেলেণ্ডাৰ অনুসৰি ছেপ্টেম্বৰ মাহটো বছৰৰ নৱম মাহ ।

সংখ্যা বিজ্ঞানৰ(Numerology) মতে, ছেপ্টেম্বৰ মাহত মংগলৰ মাহ বুলি গণ্য কৰা হয় । মংগল গ্ৰহ সাহস আৰু বীৰত্বৰ প্ৰতীক । ধৰ্মীয় বিশ্বাস অনুসৰি মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে এই মাহত জন্ম হোৱা লোকসকলে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । সেয়ে আজি আমি জানো আহক ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকল প্ৰকৃতি, কেৰিয়াৰ আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব পাৰে-

কঠোৰ পৰিশ্ৰমী

ছেপ্টেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকসকল কঠোৰ পৰিশ্ৰমী আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ বলত জীৱনত বহুখিনি সাফল্য লাভ কৰে । লগতে, সমস্যাৰ সমাধান অতি সোনকালে বিচাৰি উলিয়াবলৈ কৰে ।

কেৰিয়াৰ ক্ষেত্ৰত কেনেকুৱা ?

ছেপ্টেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকসকলে প্ৰতিটো কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে । জ্যোতিষ শাস্ত্ৰৰ মতে, তেওঁলোকে নিজৰ কেৰিয়াৰত দ্ৰুতগতিত সফলতা লাভ কৰে । ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকল ভাল বিজ্ঞানী, শিক্ষক, ৰাজনীতিবিদ হ’ব পাৰে ।

এই মাহত জন্ম হোৱা মানুহবোৰ হৃদয় বিশুদ্ধ

জ্যোতিষ শাস্ত্ৰৰ মতে, ছেপ্টেম্বৰ মাহত জন্ম হোৱা লোকসকল অতি কোমল হৃদয়ৰ হয় । তাৰোপৰি এই মাহত জন্মলোৱা লোক অতি আৱেগিক হয় । অৱশ্যে এইসকল লোকে আনৰ সন্মুখত নিজকে অতি শক্তিশালী দেখুৱাবলৈ চেষ্টা কৰে ।

ছেপ্টেম্বৰ মাহত জন্ম হোৱা লোকৰ বৈবাহিক জীৱন

ছেপ্টেম্বৰ মাহত জন্ম হোৱা লোকৰ বৈবাহিক জীৱন সুখৰ হয় । ইয়াৰ উপৰিও তেওঁলোকে নিজৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰে । কেতিয়াবা নিজৰ অভ্যাসৰ বাবে বৈবাহিক জীৱনত উত্থান-পতন দেখিবলগীয়া হয় যদিও সময়ৰ লগে লগে পৰিৱৰ্তনৰ পিছত তেওঁলোকে শুভ ফল লাভ কৰে ।

ছেপ্টেম্বৰ মাহত জন্ম হোৱা লোকে পচন্দ নকৰে এই কথা

মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে এই লোকসকলৰ অতি সোনকালে খং উঠে । তেওঁলোকে নিজৰ খং লুকুৱাই ৰাখিব নোৱাৰে আৰু লগে লগে প্ৰকাশ কৰে । লগতে সম্পৰ্কত কোনো ধৰণৰ প্ৰতাৰণা সহ্য নকৰে । এই লোকসকলে নিজৰ আৰু সংগীৰ মাজত কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপ ভাল নাপায় ।

লগতে পঢ়ক:আপোনাৰ জীৱনৰ লাকী নম্বৰটো কি জানেনে ? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য - Lucky Number

ABOUT THE AUTHOR

...view details