মধুৰিআম কেৱল এবিধ সুস্বাদু ফল হোৱাই নহয়, ইয়াৰ পাত সেৱন কৰাটোও স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি সম্প্ৰতি প্ৰমাণিত হৈছে ৷ শেহতীয়াকৈ NIHৰ এটি গৱেষণাতো এয়া প্ৰমাণিত হৈছে মধুৰিআমৰ পাত খালে মেদবহুলতা তথা অন্য বহু ৰোগৰ ক্ষেত্ৰত খুবেই লাভদায়ক ৷
যুগ যুগ ধৰি আয়ুৰ্বেদিক চিকিৎসাত মধুৰিআমৰ পাত ব্যৱহাৰ হৈ আহিছে ৷ মধুৰিআমৰ পাতত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰক বহু দিশত উপকাৰিতা সাধন কৰে ৷
মধুৰিআমৰ পাতত এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ পদাৰ্থ আৰু ঔষধি গুণ থাকে, যিয়ে শৰীৰৰ বহু সমস্যা ভিতৰৰ পৰা দূৰ কৰাত সহায় কৰে ৷ যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে মধুৰিআমৰ পাত চোবাই খাব পাৰে ৷ জানো ইয়াৰ কিছুমান অন্য উপকাৰিতা-
ডায়েবেটিছত উপকাৰী
মধুৰিআমৰ পাত চোবাই খালে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে ৷ এই পাতবোৰত ‘Polypeptide-P’ নামৰ এবিধ মৌল পোৱা যায়, যিয়ে ইনচুলিনৰ দৰে কাম কৰে আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ৷ বিশেষকৈ টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ই অতিকৈ উপকাৰী হ’ব পাৰে ৷
ওজন কমাবলৈ সহায়ক
ওজন কমাবলৈও মধুৰিআমৰ পাত সহায়ক হ’ব পাৰে ৷ এই পাতবোৰে বিপাকীয় ক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰে আৰু শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে ৷ মধুৰিআমৰ পাত খালে ভোক নিয়ন্ত্ৰিত হয় আৰু শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে, ওজন কমোৱাৰ প্ৰক্ৰিয়াত ই যথেষ্ট সহায় কৰে ৷