আয়ুৰ্বেদ বিশেষজ্ঞসকলে কয় যে, ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উত্তম ৷ হাড়ৰ বাবে ই অতি উপযোগী ৷ যদিও বহুতে ঘিউ খোৱাৰ পৰা বিৰত থাকে কাৰণ তেওঁলোকে অনুভৱ কৰে যে ই তেওঁলোকৰ ওজন বৃদ্ধি কৰিব, কিন্তু আয়ুৰ্বেদিক বিশেষজ্ঞসকলে কয় যে সীমিত পৰিমাণত ঘিউ সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰে ৷ আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ গায়ত্ৰী দেৱীয়ে কয় যে, ঘিউৰ বহু ঔষধি গুণ আছে ৷
আয়ুৰ্বেদিক বিশেষজ্ঞ ড৹ গায়ত্ৰী দেৱীয়ে কয় যে, ঘিউয়ে মগজু সক্ৰিয় কৰে, ঘিউয়ে চকুৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হাড় শক্তিশালী কৰাৰ কাম কৰে ৷ এই ক্ৰমত বিশেষজ্ঞসকলে প্ৰত্যেক নিশা শুবলৈ যোৱাৰ আগতে ঘিউ মিহলাই এগিলাচ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে ৷ কোৱা হয় যে ই আপোনাৰ শৰীৰৰ বাবে বহু উপকাৰিতা সাধন কৰে ৷ ঘিউ মিহলি কৰা গাখীৰ খোৱাৰ উপকাৰিতা জানো আহক-
হজম শক্তি উন্নত কৰে:বিশেষজ্ঞসকলে কয় যে, ই পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে কাৰণ ঘিউত প্ৰচুৰ পৰিমাণে বুটাইৰিক এচিড থাকে ৷ কোৱা হয় যে, দৈনিক ঘিউৰ লগত মিহলি কৰি গৰম গাখীৰ খালে হজম শক্তি উন্নত হয় ৷ পেটৰ ফুলাও কম কৰে ৷ ২০১৯ চনত "ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিচাৰ্চ"ত প্ৰকাশিত এক গৱেষণাৰ মতে, বুটাইৰিক এচিডে পাচনতন্ত্ৰৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে ৷
এক চামুচ (১৩-১৫ গ্ৰাম) ঘিউত পুষ্টিকৰ উপাদান কেলৰি – ১১২ কলেষ্টেৰল – ৩৩ মিলিগ্ৰাম |