অসম

assam

ETV Bharat / health

ইউৰিক এচিড-হাই কলেষ্ট্ৰল নিয়ন্ত্ৰণত কেঁচা নহৰুৱে কিদৰে সহায় কৰে ? - GARLIC HEALTH BENEFITS

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কিন্তু আপোনালোকে জানেনে ইউৰিক এচিড বা উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে কেঁচা নহৰু কিমান উপকাৰী-

Garlic's Potential Health Benefits: Regulating Uric Acid and Cholesterol Levels
ইউৰিক এচিড-হাই কলেষ্ট্ৰল নিয়ন্ত্ৰণত কেঁচা নহৰুৱে কিদৰে সহায় কৰে ? (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 14, 2024, 5:21 PM IST

আজিকালি ভাৰতৰ বেছিভাগ মানুহেই ইউৰিক এচিড আৰু হাই কলেষ্ট্ৰলৰ সৈতে যুঁজি আছে ৷ ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল নিয়ন্ত্ৰণৰ বাবেও ঔষধ সেৱন কৰে ৷ কিন্তু কেতিয়াবা ঔষধৰ অত্যধিক আৰু অবিৰত খোৱাৰ বাবে আন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এই সময়ত যদি আপুনি ঘৰুৱা ঔষধৰ সহায়ত ইউৰিক এচিড বা উচ্চ কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে ৷ কেঁচা নহৰু খালে আৰু কি কি উপকাৰিতা সাধন হয় সেই বিষয়ে জানো আহক-

আচলতে কেঁচা নহৰু খালে আপুনি এই দুয়োটা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে ৷ নহৰু এনেকুৱা বস্তু যিটো প্ৰতিটো ঘৰতে সহজে উপলব্ধ, যদিও নহৰুৱে যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত সহায় কৰে, কিন্তু আয়ুৰ্বেদতো ইয়াৰ গুৰুত্বপূৰ্ণ স্থান আছে ৷ কাৰণ কেঁচা নহৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াত এলিচিন নামৰ এনজাইম থাকে, যাৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ থাকে ৷

নহৰুত মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় ৷

ইউৰিক এচিড-হাই কলেষ্ট্ৰল নিয়ন্ত্ৰণত কেঁচা নহৰুৱে কিদৰে সহায় কৰে ? (ETV Bharat)

নহৰুৰ উপকাৰিতা-

  • নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হ’ব নিদিয়ে ৷
  • নহৰুৱে এচপ্ৰিনৰ দৰে কাম কৰে ৷ গতিকে নহৰুৱে ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে ৷
  • উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক ৷
  • তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে ৷
  • দুফুটা নহৰু আৰু অকণমান নেমুৰ ৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷
  • নিয়মীয়াকৈ নহৰু খালে বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰ’ষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় ৷
  • নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয় ৷
  • কাহ, চৰ্দি আদিৰ ক্ষেত্ৰত নহৰুৱে নিৰাময় কৰে ৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয় ৷
  • নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে ৷
  • ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে ৷
  • ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী ৷
  • হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী ৷
  • চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক ৷
  • লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয় ৷

কেঁচা নহৰু কেতিয়া আৰু কিমান খাব লাগে ?

কেঁচা নহৰু খোৱাৰ উপযুক্ত সময় হ’ল পুৱা ৷ পুৱা সোনকালে খালী পেটত খালে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব ৷ প্ৰতিদিনে পুৱা ২ টা নহৰু খাব পাৰি ৷ ৰাতি শুবলৈ যোৱাৰ পূৰ্বে ২টা নহৰু পানীত তিয়াই পুৱা খালী পেটত খাওক ৷ কিন্তু যদি আপোনাৰ কোনো এলাৰ্জী আছে বা কোনো ঔষধ খাই আছে তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিচত কেঁচা নহৰু খাব পাৰে ৷

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC6392629/

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক:কম বয়সতে দেখা দিছে ষ্ট্ৰোকৰ আশংকা...আপুনিও এই লক্ষণ দেখিলে হৈ যাওক সাৱধান!

ABOUT THE AUTHOR

...view details