যুগ যুগ ধৰি ছালৰ যত্নৰ বাবে আয়ুৰ্বেদত উবটন ব্যৱহাৰ কৰি অহা হৈছে ৷ ছালৰ বাবে ইমানেই উপকাৰী যে বিয়াৰ আগত কইনাৰ মুখখন উজ্জ্বল কৰিবলৈও ব্যৱহাৰ কৰা হয় ৷ অৱশ্যে এই যাদুকৰী পেষ্টটো যিকোনো সময়তে ব্যৱহাৰ কৰি মুখত সোণালী গ্লো আনিব পাৰে ৷ উবটন সকলো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হয় যাৰ বাবে ৰাসায়নিক পদাৰ্থৰ বাবে ছালৰ ক্ষতি হোৱাৰ কোনো আশংকা নাথাকে ৷ সেয়ে আজি জানো আহকচোন উবটন মুখত ব্যৱহাৰ কৰিলে কি কি লাভ হ’ব পাৰে-
মৃত ছালৰ কোষ আঁতৰোৱাত সহায়ক
উবটনত থকা বেচনে ছালত জমা হোৱা মৃত ছালৰ কোষবোৰ পৰিষ্কাৰ কৰাত ফলপ্ৰসূ হয় ৷ বেচনে প্ৰাকৃতিক ছালৰ এক্সফোলিয়েণ্ট হিচাপে কাম কৰে ৷ গতিকে উবটনৰ সহায়ত আপোনাৰ ছালৰ হেৰাই যোৱা উজ্বলতা ঘূৰাই আনিব পাৰে ৷
ছালখন মইশ্ব’ৰাইজ কৰে
দৈ, মৌ বা গাখীৰ উবটনত ব্যৱহাৰ কৰা হয়, যিয়ে ছালখন আৰ্দ্ৰতা প্ৰদান কৰে ৷ ইয়াৰ ব্যৱহাৰৰ লগে লগে ছালখন শুকান আৰু টানি লোৱা যেন নালাগে আৰু ছালৰ আৰ্দ্ৰতা অক্ষত থাকে ৷
ছাল উজ্জ্বল কৰাত সহায়ক