(AI) কৃত্ৰিম বুদ্ধিমত্তা হৈছে এক শক্তিশালী আহিলা যিয়ে বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ গতি, কাৰ্যক্ষমতা আৰু ফলপ্ৰসূতা বৃদ্ধি কৰিব পাৰে ৷ বাস্তৱ সময়ত বৃহৎ পৰিমাণৰ তথ্য বিশ্লেষণ কৰি এআইয়ে ক্লিনিকেল আৰু নন-ক্লিনিকেল সিদ্ধান্ত গ্ৰহণ উন্নত কৰাত সহায় কৰিব পাৰে, চিকিৎসাৰ পৰিৱৰ্তনশীলতা হ্ৰাস কৰিব পাৰে, আৰু কৰ্মচাৰীৰ সংখ্যাক অনুকূল কৰি তুলিব পাৰে ৷
প্ৰখ্যাত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট তথা এআইজি হাস্পতালৰ অধ্যক্ষ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ডাঃ ডি নাগেশ্বৰ ৰেড্ডীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ’ল তথ্য ৷ যদি সঠিক তথ্য দিয়া হয় তেন্তে AI এ সঠিক ফলাফল দিব ৷ চিকিৎসকৰ ঠাইত এআইয়ে লোৱাৰ উদ্বেগ সন্দৰ্ভত তেওঁ কয় যে এআই চিকিৎসা পেছাদাৰীসকলৰ বিকল্প নহয় বৰঞ্চ সহায়কহে ইয়াৰ লগতে তেওঁ সকীয়াই দিয়ে যে যিসকল চিকিৎসকে এই প্ৰযুক্তি গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে নিজকে বহু পিছ পৰি থাকিব ৷ এআই চালিত সঁজুলি আৰু এলগৰিদমে ৰোগ ধৰা পেলোৱা আৰু নিৰ্ণয় কৰাৰ পদ্ধতিত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, ৰোগীৰ ফলাফল উন্নত কৰাৰ লগতে স্বাস্থ্যসেৱাৰ খৰচো হ্ৰাস কৰিছে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ডাঃ ৰেড্ডীয়ে আৰু কয় যে এআইয়ে ৰোগীৰ বিশাল তথ্য বিশ্লেষণ কৰি সৰুতম পৰ্যায়ত ৰোগ ধৰা পেলাব পাৰে ৷ ইয়াৰ উপৰিও এআইৰ সহায়ত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে এতিয়া চিকিৎসা তথ্য, জিনীয় তথ্য, জীৱনশৈলীৰ কাৰক আৰু অন্যান্য প্ৰাসংগিক বিৱৰণৰ বৃহৎ ডাটাছেট বিশ্লেষণ কৰি বছৰ বছৰ আগতেই কিছুমান স্বাস্থ্যজনিত বিপদৰ ভৱিষ্যদ্বাণী কৰিব পাৰে, যাৰ ফলত আগতীয়াকৈ হস্তক্ষেপ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সুবিধা হয় আৰু ঔষধ আৱিষ্কাৰ ত্বৰান্বিত হয় ৷
চিকিৎসা নিদানত এআইয়ে কেনেদৰে ভূমিকা পালন কৰে ?
ডাঃ নাগেশ্বৰ ৰেড্ডীয়ে কয় যে এজন চিকিৎসকে এদিনত সীমিত সংখ্যক এক্স-ৰেহে পৰ্যালোচনা কৰিব পাৰে ৷ কিন্তু এআইয়ে ১০০ শতাংশ সঠিকতাৰে মাত্ৰ আধা ঘণ্টাত ১০০০ এক্স-ৰে বিশ্লেষণ কৰিব পাৰে ৷ জটিল ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত চিকিৎসকসকলে কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ যদি কোনো ৰোগীৰ বয়স, উচ্চতা, ওজন, লক্ষণ আৰু পৰীক্ষাৰ ফলাফল এআই ব্যৱস্থাত প্ৰৱেশ কৰা হয়, তেন্তে ই অতি সঠিক নিদানমূলক তথ্য সৃষ্টি কৰিব পাৰে ৷
এটা উদাহৰণ দি তেওঁ কৈছিল যে এসময়ত এজন ৰোগী ৷ কোনো কাৰণ নোহোৱাকৈ জ্বৰ লৈ আমাৰ ওচৰলৈ আহিছিল ৷ পৰীক্ষাৰ স্বাভাৱিক ফলাফল পোৱাৰ পিছতো এআইয়ে তেজত এটা অস্বাভাৱিক প্ৰটিন ধৰা পেলাই এক্স-ৰেত এটা সৰু দাগ চিনাক্ত কৰিছিল যিটো অভিজ্ঞ চিকিৎসকেও হেৰুৱাই পেলাইছিল ৷ এ আইয়ে যক্ষ্মা ৰোগ নিশ্চিত কৰিছিল, তাৰ পিছত তৎকালীন চিকিৎসাৰ দ্বাৰা ৰোগীজন এমাহৰ ভিতৰতে সুস্থ হৈ উঠিছিল ৷ তেওঁ আৰু কয় যে এণ্ড’স্কপিক অপটিকেল বায়’প্সিৰ সময়তো এআইয়ে ছালৰ চিন তৎক্ষণাত চিনাক্ত কৰি কেন্সাৰ টিউমাৰ ধৰা পেলাব পাৰে, “যদি আপুনি এআইক টিউমাৰ, চিহ্ন বা সন্দেহজনক ছবি দেখুৱাই তেন্তে ই কেন্সাৰ হয় নে নহয় সেইটো নিৰ্ণয় কৰিব পাৰে ৷”
এআইয়ে অস্ত্ৰোপচাৰৰ পদ্ধতি কেনেকৈ উন্নত কৰিছে ?
ডাঃ নাগেশ্বৰ ৰেড্ডীয়ে কয় যে ৰবটিক অস্ত্ৰোপচাৰৰ সৈতে এআইৰ একত্ৰীকৰণে ইয়াৰ সঠিকতা বহু পৰিমাণে বৃদ্ধি কৰিছে ৷ অপাৰেচনৰ সময়ত মানুহৰ চকুত অদৃশ্য হোৱা বাবে সৰু সৰু ৰক্তবাহী নলী কাটি যোৱাৰ আশংকা সদায় থাকে ৷ এআইয়ে এনে বিপদ ধৰা পেলায় আৰু বাস্তৱ সময়ত অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলক সতৰ্ক কৰি দিয়ে ৷ বিশেষকৈ মগজুৰ অস্ত্ৰোপচাৰত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ, য’ত নিখুঁততাৰ গুৰুত্ব সৰ্বোচ্চ ৷
এআইয়ে আগতীয়াকৈ ৰোগৰ ভৱিষ্যদ্বাণী কৰিব পাৰেনে ?
ডাঃ নাগেশ্বৰ ৰেড্ডীয়ে আৰু কয় যে এআইয়ে এজন ব্যক্তিৰ চিকিৎসাৰ ইতিহাস গভীৰভাৱে বিশ্লেষণ কৰি ব্যক্তিগত চিকিৎসা প্ৰদান কৰিব পাৰে ৷ উদাহৰণস্বৰূপে, এজন ব্যক্তিৰ তেজৰ নমুনা বিশ্লেষণ কৰি এআইয়ে আগন্তুক কেইবছৰমানৰ ভিতৰত ডায়েবেটিছ বা কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে নে নাই সেইটো অনুমান কৰিব পাৰে ৷ একে সময়তে আন এটা উদাহৰণৰ অধীনত বুজি লওক যে কিছুমান মানুহে ওজন বৃদ্ধি নকৰাকৈয়ে বৃহৎ পৰিমাণে চেনি সেৱন কৰে, আনহাতে কিছুমানে কম খোৱাৰ পিছতো ওজন বৃদ্ধি পায় ৷ জিনীয় পাৰ্থক্যৰ বাবে এনে হয় ৷ এআইয়ে জিনীয় ক্ৰম বিশ্লেষণ কৰিব পাৰে আৰু ব্যক্তিগতকৃত খাদ্য আৰু জীৱনশৈলীৰ সালসলনিৰ পৰামৰ্শ দিব পাৰে ৷
ৰক্তচাপ, চেনি, নাড়ীভুৰু আৰু অক্সিজেনৰ মাত্ৰা নিৰীক্ষণ কৰা স্মাৰ্টৱাচ আৰু আঙঠিৰ দৰে পৰিধানযোগ্য যন্ত্ৰই এতিয়া বাস্তৱ সময়ত স্বাস্থ্যৰ আপডেট প্ৰদান কৰিব পাৰিব ৷ এআইয়ে এই তথ্য বিশ্লেষণ কৰে আৰু ব্যৱহাৰকাৰীসকলক অস্বাভাৱিক ধাৰাসমূহৰ বিষয়ে সতৰ্ক কৰে, যাৰ ফলত সময়মতে চিকিৎসাৰ সুবিধা হয় ৷ ইয়াৰ পূৰ্বে নতুন ঔষধ প্ৰস্তুত কৰিবলৈ ২০ বছৰতকৈও অধিক সময় লাগিছিল ৷ এআইৰ সহায়ত নতুন ঔষধৰ আৱিষ্কাৰ মাত্ৰ দুবছৰলৈ হ্ৰাস পাইছে ৷ ক’ভিড-১৯ৰ ভেকচিনৰ দ্ৰুত বিকাশ সম্ভৱ হৈছে কেৱল এআইৰ বাবেই ৷
এআই মেডিকেল বেড কেনেকৈ কাম কৰে ?
ডাঃ নাগেশ্বৰ ৰেড্ডীয়ে আৰু কয় যে এতিয়া আধুনিক এ আই মেডিকেল বেড উপলব্ধ ৷ যেতিয়া কোনো ৰোগীয়ে ইয়াৰ ওপৰত শুই থাকে, তেতিয়া বিচনাত স্বাস্থ্যৰ কেইবাটাও পৰিমাপ যেনে নাড়ী, বি পি, চেনি, ইলেক্ট্ৰলাইট, উষ্ণতা আৰু অক্সিজেনৰ পৰিপূৰকতা লিপিবদ্ধ কৰা হয় ৷ যদি কোনো ঔষধ দিয়া হয় তেন্তে এআইয়ে সবিশেষ লিপিবদ্ধ কৰি ৰোগীৰ আৰোগ্যৰ তথ্য লয় ৷ উদাহৰণস্বৰূপে, যদি চেলাইন ড্ৰিপ প্ৰতি মিনিটত ২০ টোপালকৈ স্থাপন কৰা হয় আৰু ৰোগীৰ অৱস্থা ভাল হয়, তেন্তে এআইয়ে ড্ৰিপৰ হাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিব ৷ ইয়াৰ দ্বাৰা ঔষধৰ সঠিক মাত্ৰাও পৰামৰ্শ দিব পাৰি ৷
এআইয়ে চিকিৎসক-ৰোগীৰ পাৰস্পৰিক কাৰ্য-কলাপ কেনেকৈ সুশৃংখলিত কৰে ?