অসম

assam

ETV Bharat / health

এদিনত চাৰিটাকৈ কণী ! ভুলতো আশা নকৰিব পজিটিভ ৰিজাল্ট - how much egg per day is good - HOW MUCH EGG PER DAY IS GOOD

Egg side effects: সাৱধান, কণী খাই ভালপোৱাসকল ৷ যদি আপুনি প্ৰতিদিনে অত্যধিক কণী খাই, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে । স্বাস্থ্য উন্নত কৰাৰ নামত অনুন্নত কৰি নল’ব । অত্যধিক কণী খোৱা কিমান বিপদজনক সেয়া জানি লওক-

egg side effects  Eating four eggs daily will cause heart disease and insulin deficiency which will spoil your health
অত্যধিক কণী খোৱা কিমান বিপদজনক সেয়া জানি লওক

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 1:50 PM IST

কণী আপোনাৰ বাৰু প্ৰিয় খাদ্য নেকি ? আমি সকলোৱে জানো যে কণীত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে ৷ সেয়ে হয়তো সকলোৱে খাদ্যৰ তালিকাত কণী নিশ্চয় অন্তভুক্ত কৰে ৷ পিছে এদিনত আপুনি কিমানটা কণী খায় বাৰু ? যদিহে আপুনি এদিন অধিক প্ৰ’টিনৰ আকাংক্ষাত চাৰিটাতকৈ অধিক কণী খায় তেন্তে সাৱধান ৷ কিয়নো আপুনি গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে ৷

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱে অধিক প্ৰ’টিনৰ বাবে এদিনত কিমান কণী খাব লাগে সেই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে ৷ তেওঁ কয় যে কণীক প্ৰ’টিনৰ ভাল উৎস বুলি গণ্য কৰা হয় । কণীত ভিটামিন B প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন B ১২, বায়’টিন, ৰাইব’ফ্লেভিন, থাইয়ামিন আৰু চেলেনিয়ামও থাকে । এই সকলোবোৰ ভিটামিন ভাল ছাল, চুলি আৰু নখৰ বাবে অতি প্ৰয়োজনীয় ।

তেওঁৰ মতে, ৪০ বছৰৰ উৰ্ধৰ এজন ব্যক্তিয়ে দৈনিক এটাকৈ কণী খাব লাগে । ইয়াৰ দ্বাৰা ৪০ বছৰৰ উৰ্ধৰ ব্যক্তিজনৰ প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হয় । যিসকল লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হয় তেওঁলোকে কেৱল কণীৰ বগা অংশটোহে খায় ৷ কাৰণ ই চৰ্বিমুক্ত আৰু কম কেল’ৰিযুক্ত । ইয়াৰ উপৰিও কণী খালে পেশী গঠন হয় আৰু শৰীৰৰ ওজনো বৃদ্ধি নহয় ।

বাদামী আৰু বগা দুয়োটা কণীতে সমান পৰিমাণে প্ৰ’টিন থাকে -

ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱে কয় যে সাধাৰণতে বজাৰত দুবিধ কণী পোৱা যায় । এটা কণী বগা আৰু আনটো বাদামী ৰঙৰ দৰে কিছু ৰঙচুৱা হয় । মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে বগা কণীতকৈ ব্ৰাউন বা বাদামী ৰঙৰ কণীত অধিক পুষ্টিকৰ উপাদান থাকে । কিন্তু এয়া এটা ভুল ধাৰণাহে মাত্ৰ ৷

ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱ

তেওঁ কয় যে পুষ্টিৰ দৃষ্টিকোণৰ পৰা বাদামী আৰু বগা ৰঙৰ দুয়োটা কণীতে একে পৰিমাণৰ প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । দুয়োবিধেই ভিটামিন B ১২, ভিটামিন D, ৰাইব’ফ্লেভিন, চেলেনিয়াম আৰু কলিনৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে, যি সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

দৈনিক কিমান কণী খাব পাৰি ?

ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱৰ মতে যদি কোনো ব্যক্তিয়ে দৈনিক এটাকৈ কণী খাই, তেন্তে তেওঁৰ স্বাস্থ্যৰ বাবে সেয়া স্বাস্থ্যৰ বাবে উত্তম ৷ তেনে ব্যক্তিৰ শৰীৰত ভিটামিন আৰু প্ৰ’টিনৰ অভাৱ নহয় ।

কণীৰ কোনটো অংশ স্বাস্থ্যৰ বাবে উপকাৰী ?

তেওঁ কয় যে বহু যুৱক-যুৱতীয়ে শৰীৰ চৰ্চা কৰে বাবে খাদ্যত কণীৰ বগা অংশহে গ্ৰহণ কৰে আৰু হালধীয়া অংশটো এৰি দিয়ে ৷ কিয়নো কণীৰ হালধীয়া অংশত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল থাকে ৷ যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় ।

অত্যধিক কণী খোৱা কিমান বিপদজনক সেয়া জানি লওক

গ্ৰীষ্মকালত কেনেধৰণৰ সমস্যা আহি পৰে ?

যদি কোনো ব্যক্তিয়ে গ্ৰীষ্মকালত কণী খোৱাৰ পিচত ফোঁহা বা পেটৰ কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

প্ৰতিদিনে চাৰিটা কণী খোৱাৰ পাচত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হয় -

  • গ্ৰীষ্মকালত অতিমাত্ৰা কণী খোৱাটো ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে গ্ৰীষ্মকালত দুটাতকৈ অধিক কণী খাব নালাগে ।
  • দৈনিক চাৰিটা কণী খোৱা ব্যক্তিয়ে হৃদযন্ত্ৰৰ সমস্যাত ভুগিব পাৰে ।
  • কণীত প্ৰজেষ্টেৰনো থাকে ৷ শৰীৰৰত যদি প্ৰজেষ্টেৰনৰ মাত্ৰা বৃদ্ধি হয় ফোঁহা অথবা পিম্পলছ হয় ।

অত্যধিক ৰূপত কণীৰ কুহুম খালে শৰীৰত কলেষ্টেৰল বৃদ্ধি হয় ।

লগতে পঢ়ক :আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - Moringa Oleifera Benefits

ABOUT THE AUTHOR

...view details