গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে বজাৰত, ফুটপাথৰ কাষত ফলৰ সমাহাৰ ঘটে ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে ফল নাইবা ফলৰ ৰস গ্ৰহণ কৰে ৷ এই সময়খিনিত অত্যন্ত গৰমৰ ফলত বিভিন্ন ধৰণৰ ৰোগত ভোগাৰো সম্ভাৱনা থাকে ৷ এইক্ষেত্ৰত ফলে আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাত সহায় কৰে ৷ সেয়েহে জনাবলৈ বিচাৰিছোঁ কেইবিধমান বতৰৰ ফল আৰু তাৰ পৰা পাব পৰা পুষ্টিৰ বিষয়ে-
আম
আমাৰ ভাৰতৰ মানুহে উৎকট গৰম পৰা স্বত্ত্বেও বৰ্ষা কালক আমন্ত্ৰণ জনাই ৰসেৰে ভৰা আমৰ সোৱাদ ল’বলৈ ৷ এই দিনকেইটা সকলোৱে আম খাবলৈ ভালপায় ৷ সেয়েহে আমক কোৱা হয় ‘ফলৰ ৰজা’ বুলি ৷ ই অকল সু-স্বাদুৱেই নহয়, আমাৰ শৰীৰৰ বাবে আৰু ইয়াত এণ্টিঅক্সিডেণ্টজাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্ৰব্য থাকে ৷
আনাৰস
আনাৰস বহু লোকৰে প্ৰিয় ফল ৷ আনাৰসৰ মিঠা-টেঙা ৰসাল সেৱাদে ইয়াক সকলোৰে প্ৰিয় কৰি তোলে ৷ সোৱাদৰ লগতে আনাৰসৰ গুণাগুণো যথেষ্ট আছে ৷ হজমশক্তি বঢ়োৱা আটাইকেইবিধ ভিটামিন আৰু খনিজ পদাৰ্থ ইয়াত থাকে ৷ তাৰ উপৰি ই কিডনীক সবল কৰি ৰাখে আৰু হৃদযন্ত্ৰ আৰু ক্ষুদ্ৰান্তৰ বেমাৰৰ পৰাও ৰক্ষা কৰে ৷ কেঁচা আনাৰসৰ ৰসে অন্ত্ৰত হোৱা পেলু নোহোৱা হোৱাত সহায়ক হয় ৷ আনাৰসৰ ৰসত থকা চি ভিটামিৰ দ্বাৰা বেক্টেৰিয়া বা ভাইৰাছৰ ফলত হ’ব পৰা সংক্ৰমণৰ পৰাও শৰীৰক ৰক্ষা কৰে ৷
তৰমুজ
গৰমৰ দিনত ঠাণ্ডা ফলৰ কথা মনলৈ আহিলে তৰমুজৰ নামটোও মনলৈ আহে ৷ গৰম-ভাগৰ লাগিলে তৰমুজ খালে পিয়াহ পলায় ৷ তৰমুজত পানীৰ পৰিমাণ প্ৰায় ৯৫ শতাংশ থাকে ৷ সেয়েহে গৰমৰ দিনত এই ফলবিধ বাট-পথ, বজাৰ সকলোতে পোৱা যায় ৷ সাধাৰণতে তৰমুজ ৰঙা, গুলপীয়া ধৰণৰ হয় যদিও কিছুমান ঠাইত মকলা, হালধীয়া বা বগাও হয় ৷ তৰমুজত নাইক’পিল ভিটামিন বি-৬, ভিটামিন চি, ভিটামিন এ আদি প্ৰচুৰ পৰিমাণে থাকে ৷ ভিটামিন বি-৬য়ে মগজুৰ কোষবোৰ সজীৱ কৰি ৰখাত সহায় কৰে ৷ তাৰ ফলত মানুহে হতাশ বা বিষাদৰ পৰা আঁতৰি থাকিব পাৰে ৷ তাৰ উপৰি বিভিন্ন ধৰণৰ ৰোগ যেনে, কেঞ্চাৰ, হাৰ্টৰ সমস্যা, এজমা আদিৰ পৰাও শৰীৰটোক বচাই ৰাখে ৷ এই ফলবিধত চৰ্বি নাথাকে যদিও শক্তি উত্পন্ন কৰাত সহায় কৰে ৷ ইয়াত ইলেক্ট্ৰ’লাইট যেনে- ছডিয়াম আৰু পটাছিয়ামৰ পৰিমাণ বেছি থকা বাবে ঘামৰ লগত দেহৰ পৰা ওলাই যোৱা ছডিয়াম, পটাছিয়ামৰ পৰিমাণ সন্তুলিত কৰি ৰাখিব পাৰে ৷