ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ'ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বক্সবোৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা ৷
হয়, শেহতীয়াকৈ এই সন্দৰ্ভত অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ এই অধ্যয়নত প্ৰমাণিত হৈছে যে, স্তনৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত প্ৰায় ২০০ টা ৰাসায়নিক পদাৰ্থ খাদ্য পেকেজিঙৰ বক্স আৰু বিভিন্ন প্লাষ্টিকৰ বাচন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ৷
অধ্যয়নৰ সহ-লেখক জেন মুনকে উল্লেখ কৰা মতে, দৈনন্দিন জীৱনত বিপদজনক ৰাসায়নিক পদাৰ্থ হ্ৰাস কৰি কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়া অধিক মনোযোগৰ প্ৰয়োজন হৈছে ৷ এই অধ্যয়নটোয়ে প্ৰমাণ কৰে যে স্তনৰ কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো প্ৰতিহত কৰাৰ এক বৃহৎ সুযোগ আছে ৷
স্তনৰ কৰ্কট হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত ২.৩ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু বিশ্বব্যাপী ৬,৭০,০০০ মহিলাৰ মৃত্যু হৈছিল ৷ অধ্যয়নটোত গৱেষকসকলে খাদ্য সমগ্ৰীত ১৮৯ টা সম্ভাৱ্য স্তন কাৰ্চিনোজেন বিচাৰি পাইছিল, যাৰ ভিতৰত আছে প্লাষ্টিকৰ বক্সত থকা খাদ্যত ১৪৩ টা আৰু কাগজ বা বোৰ্ডৰ বক্সত থকা ৮৯ টা ৷