অসম

assam

ETV Bharat / health

আধা সিজোৱা গাহৰি মাংস খাই ৰহস্যময় ৰোগত আক্ৰান্ত ৰোগী: সামাজিক মাধ্যমযোগে চিকিৎসকে দিলে এই সকিয়নী - Undercooked Pork - UNDERCOOKED PORK

Cysticercosis: ডাঃ ছেম ঘালীয়ে চিষ্টিচাৰক’ছিছ ৰোগত আক্ৰান্ত এজন লোকৰ চিটি স্কেন ছবি শ্বেয়াৰ কৰি জনসাধাৰণক কমকৈ সিজোৱা গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থকাৰ বাবে সকীয়াই দিয়ে ।

Doctor Shares Horrifying Scan of Patient's Legs Filled with Parasites After They Ate Undercooked Pork
আধা সিজোৱা গাহৰি মাংস খাই ৰহস্যময় ৰোগত আক্ৰান্ত ৰোগী (CANVA)

By ETV Bharat Health Team

Published : Aug 31, 2024, 1:45 PM IST

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী চিকিৎসকে কমকৈ সিজোৱা গাহৰিৰ মাংস খোৱাৰ ফলত হোৱা পৰজীৱী সংক্ৰমণত আক্ৰান্ত এগৰাকী ব্যক্তিৰ চিটি স্কেনৰ ছবি সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে ৷

নিয়মিতভাৱে ছ’চিয়েল মিডিয়াত চিকিৎসা বিজ্ঞানৰ কেছ ষ্টাডি শ্বেয়াৰ কৰা জৰুৰীকালীন চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ ছেম ঘালীয়ে সোমবাৰে ৰোগীজনৰ অংগ-প্ৰত্যংগৰ চিটি স্কেনৰ ছবিখন শ্বেয়াৰ কৰে যিটো তেওঁ কয় যে ৰোগীগৰাকী "Infamous Parasitic Infection"ত আক্ৰান্ত হৈছে, যাৰ বৈজ্ঞানিক নাম টেনিয়া ছলিয়াম (Taenia Solium) বা চিষ্টিচাৰক’ছিছ (Cysticercosis) বুলিও কোৱা হয় ৷

স্কেনত যি দেখা গ’ল সেই বিষয়ে ব্যাখ্যা কৰি ঘালীয়ে তেওঁৰ পোষ্টত কয় যে, ‘আধা সিজোৱা গাহৰিৰ মাংসত পোৱা চিষ্ট মানুহে খালে টেনিয়া ছলিয়ামৰ দ্বাৰা সংক্ৰমিত হয় ৷ চিকিৎসকে কয় যে, গ্ৰহণ কৰাৰ প্ৰায় 5 পৰা 12 সপ্তাহৰ পিচত এই চিষ্টবোৰ গেষ্ট্ৰাইটিছৰ ভিতৰত পৰিপক্ক প্ৰাপ্তবয়স্ক টেপৱৰ্মলৈ অৰ্থাৎ পৰজীৱীলৈ পৰিণত হয়, যিটো অৱস্থাক অন্ত্ৰৰ টেনিয়াছিছ হোৱা বুলি জনা যায় ।

কিছুমান বিশেষ মানুহৰ ক্ষেত্ৰত এই পৰজীৱীয়ে শেষত মগজুলৈ গৈ মগজুৰ কলাত চিষ্ট গঠন কৰি মূৰৰ বিষ, বিভ্ৰান্তি, আক্ৰমণ, আৰু অন্যান্য গুৰুতৰ স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ডাঃ ঘালীয়ে জানিবলৈ দিয়ে ৷

চিটি স্কেনপৰীক্ষাত কি দেখিলে চিকিৎসকে ?

এই ভয়ংকৰ ছবিখনত ৰোগীৰ শৰীৰৰ তলৰ অংশৰ হাড়ৰ চাৰিওফালে চাউলৰ কণাৰ দৰে সৰু সৰু কণাবোৰ দেখা গৈছে । ডাঃ ছেম ঘালীয়ে কয় যে, “কাহিনীটোৰ মূল তাৎপৰ্য হ’ল যে ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, সদায় হাত ধোৱা আৰু কেতিয়াও কেঁচা বা কম সিজোৱা গাহৰিৰ মাংস নোখোৱাটো আমাৰ বাবে উপকাৰী ।”

এই ৰোগৰ চিকিৎসা কি ?

ডাঃ ঘালীয়ে কয় যে, এই ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বিকল্প আছে যেনে এণ্টি-পেৰাচাইটিক থেৰাপী, ষ্টেৰইড, এন্টি-এপিলেপ্টিক (নিউৰ’চিষ্টিচাৰক’ছিছ)ৰ লগতে অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰোৱাৰ ব্যৱস্থা । এক্স ব্যৱহাৰকাৰীক স্তম্ভিত কৰা ডাঃ ঘালীৰ এই ভয়ংকৰ পোষ্টটো ছয় মিলিয়নতকৈ অধিক বাৰ চোৱা হৈছে আৰু ১৬০০ৰো অধিক ব্যৱহাৰকাৰীয়ে ইয়াৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:পেটৰ পৰা ওলাল চুলিৰ গোট, ৰহস্যময় ৰোগৰ গ্ৰাসত কণমানি - Habit Of Eating Hair

ABOUT THE AUTHOR

...view details