আপুনি জানেনে দৈনন্দিন ঘৰত ব্যৱহৃত ঘিউ এক প্ৰকাৰৰ ছুপাৰফুড ? যদি আপুনি সঠিক পৰিমাণত বিশুদ্ধ দেশী ঘিউ খাদ্যত ব্যৱহাৰ কৰে, ই আপোনাক বিভিন্ন দিশত লাভৱান কৰিব পাৰে । ছাল, গাঁঠি আৰু চৰ্বিৰ পৰা আৰম্ভ কৰি দেহৰ বিভিন্ন অংগৰ বাবে ঘিউ ভাল । ঘিউৰ লাভালাভবোৰ জানক...
আমাৰ দেশৰ প্ৰায় প্ৰতিখন ঘৰতে খাদ্যত ঘিউ ব্যৱহাৰ কৰা হয় । ৰুটি, দালি, শাক-পাচলি আদি বহুতো খাদ্যত ঘিউ ব্যৱহাৰ কৰা হয় । বেছিভাগে মানুহেই গৰম দাইল আৰু ভাতৰ লগত ঘিউ খায় । খাদ্যৰ সোৱাদ বৃদ্ধি কৰা ঘিউ সন্দৰ্ভত মানুহৰ প্ৰায়ে এটা চিন্তা হয় যে ঘিউ খালে মেদবহুলতা বৃদ্ধি পায় । অত্যধিক ঘিউ স্বাস্থ্যৰ বাবে উপকাৰী নহয়, কিন্তু এই সকলোবোৰ কথা মিছা ৷ যদি আপুনি বিশুদ্ধ দেশী ঘিউ সঠিক পৰিমাণত ব্যৱহাৰ কৰে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ বিপৰীতে শৰীৰক লাভহে প্ৰদান কৰে ।
ঘিউত বহুতো পুষ্টি পোৱা যায়
বহুতো চিকিৎসক আৰু বিশেষজ্ঞই ঘিউক ছুপাৰফুড বুলি কয় । বিশুদ্ধ দেশী ঘিউ খোৱাৰ বহুতো লাভালাভ আছে । ঘিউ হৈছে একমাত্ৰ চৰ্বি যিয়ে চৰ্বি দহন কৰে, অৰ্থাৎ মেদবহুলতা হ্ৰাস কৰে । ঘিউত বহু প্ৰকাৰৰ পুষ্টি থাকে । যি হজম শক্তি উন্নত কৰে । ঘিউত বুটাইৰিক এচিড পোৱা যায় । ই ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে । ইয়াৰ লগতে, ই ছালৰ বাবেও যথেষ্ট উপকাৰী । ঘিউত ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন এ থাকে । ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণো আছে ।