বয়স বৃদ্ধিৰ লগে লগে চুলি বগা হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া ৷ হেয়াৰ ডাই আৰু চুলিত লগোৱা ৰঙৰ সহায়ত বগা চুলি নিশ্চয় লুকুৱাব পাৰি, কিন্তু বন্ধ কৰিব নোৱাৰি ৷ গতিকে এই বিষয়ে বেছি মানসিক চাপ নলৈ আৰু নিৰ্দয়ভাৱে বগাচুলিখিনি ছিঙি পেলোৱাৰ ভুল নকৰিব ৷ বহুতে এডা বগাচুলি ছিঙিবলৈ টকা খৰচ কৰাৰ পৰিৱৰ্তে সহজ বিকল্প বুলি গণ্য কৰে ৷ কিন্তু ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে তেওঁলোক অজ্ঞাত ৷ গতিকে আজিৰ এই প্ৰতিবেদনত আমি এই বিষয়ে জানিবলৈ ওলাইছো ৷
চুলি বগা হোৱাৰ কাৰণ
বয়স বৃদ্ধিৰ লগে লগে মেলানিন আৰু চুলিৰ ৰং বজাই ৰখা ৰঞ্জক পদাৰ্থও কমি যায় ৷ প্ৰতিটো চুলিৰ গুৰিতে ৰং উৎপাদনকাৰী কোষ থাকে ৷ যিবোৰক মেলানোচাইট বুলি জনা যায় ৷ বয়স বৃদ্ধিৰ লগে লগে এই কোষবোৰে কাম কৰাটো বন্ধ হৈ যায় ৷ অৰ্থাৎ মেলানিন উৎপাদনৰ কাম বন্ধ হৈ যায় ৷ যাৰ বাবে চুলিৰ ৰং বগা হ’বলৈ আৰম্ভ কৰে ৷
বগাচুলি ছিঙি পেলোৱাৰ অসুবিধা
- মূৰত খজুৱতি আৰু জ্বলা-পোৰা হোৱা