অসম

assam

ETV Bharat / health

আপুনিও দীঘলীয়া সময়লৈকে একেৰাহে বহি কাম কৰে নেকি ? - DEAD BUTT SYNDROME

এনে বহুলোক আছে যিয়ে নিজৰ কৰ্ম দায়িত্বৰ ফলত একেৰাৰে বহু সময় ধৰি বহি কাম কৰে কিন্তু এনে কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে হ’ব পাৰে বিপদজনক-

dead butt syndrome causes reasons symptoms
আপুনিও দীঘলীয়া সময়লৈকে একেৰাহে বহি কাম কৰে নেকি ? (ETV Bharat)

By ETV Bharat Health Team

Published : Oct 26, 2024, 5:13 PM IST

কতৰ্ব্যৰ খাতিৰত আজিকালি অধিকাংশ লোকেই ঘণ্টা ঘণ্টাজুৰি একে ঠাইতে বহি থাকিবলগীয়া হয় ৷ বহু সময় একেলেথাৰিৰে বহি থকাৰ ফলত আমি গম নোপোৱাকৈয়ে বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ হয়, অফিচ-কাছাৰীত এইদৰে বহি থকাৰ অভ্যাসৰ ফলত আপোনাৰ কঁকাল জঠৰ, ভৰি আৰু আঁঠুত অত্যন্ত বিষ হ'ব পাৰে ৷ এই স্বাস্থ্য সমস্যাক 'ডেড বাট ছিণ্ড্ৰম' বুলি কোৱা হয় ৷ আজি এই গুৰুতৰ সমস্যাৰ বিষয়ে জানো আহক-

'ডেড বাট ছিণ্ড্ৰম' কি ?

'ডেড বাট ছিণ্ড্ৰম', যাক গ্লুটিয়েল এমনেছিয়া বুলিও কোৱা হয় ৷ ই হৈছে এনে এক স্থিতি য'ত কঁকাল আৰু ভৰিত দুৰ্বলতা আৰু বিষ অনুভৱ হয় ৷ তল পিঠি আৰু কঁকালৰ বিষ এই সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ ৷ সময় বাগৰাৰ লগে লগে এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ৷ ইয়াৰ ফলত আপুনি খোজ কাঢ়িব আৰু থিয় দিব নোৱাৰো হৈ পৰিব পাৰে ৷

'ডেড বাট ছিণ্ড্ৰম'ৰ কাৰণ

এই ৰোগৰ মুখ্য কাৰণ হৈছে দীৰ্ঘ সময় ধৰি একে স্থিতিতে বহি থকা ৷ চকী এখনত বহি ৭-৮ ঘণ্টা কাৰ্যালয়ত কাম কৰা অথবা বিৰতি নোহোৱাকৈ দীঘলীয়া সময় গাড়ী চলোৱাটোৱে এই সমস্যাটো বৃদ্ধি কৰিব পাৰে ৷ কোভিডৰ সময়ত, যেতিয়া ঘৰৰ পৰা কাৰ্যালয়ৰ কাম কৰাৰ সংস্কৃতি (ৱৰ্ক ফৰ্ম হম) বৃদ্ধি পাইছিল, তেতিয়াৰে পৰা এই স্বাস্থ্য সমস্যা তুলনামূলকভাৱে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিলে ৷ নিৰন্তৰ বহি থাকিলে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয় ৷ যাৰ ফলত কঁকাল ফুলা আৰু বিষ হয় ৷

'ডেড বাট ছিণ্ড্ৰম'ৰ লক্ষণ

  • পিঠি আৰু আঁঠুৰ বিষ
  • গোৰোহাৰ বিষ
  • কঁকাল বিষ
  • তলৰ কঁকালত জিনজিননি
  • কঁকালৰ চাৰিওফালে জঠৰ অনুভৱ কৰা বা জ্বলা-পোৰা আৰু বিষ

'ডেড বাট ছিণ্ড্ৰম'ৰ পৰা বাচি থকাৰ উপায়

১) দৈনিক ব্যায়াম কৰক: নিয়মীয়া ব্যায়াম কৰিলে পেশীবোৰ শক্তিশালী হৈ থাকে ৷

২) একেৰাহে বহি থকা পৰিহাৰ কৰক:দীঘলীয়া সময়ৰ বাবে এটা ঠাইত বহি নাথাকিব, মাজে-মাজে উঠি খোজ কাঢ়িব ৷

৩) বহাৰ সঠিক ভংগী:সদায় চকীত সঠিকভাৱে বহিব ৷বেঁকা-বেঁকি হৈ নবহিব ৷

৪) খেলত অংশগ্ৰহণ: টেনিছ বা বাস্কেটবলৰ দৰে ক্ৰীড়াত অংশগ্ৰহণ কৰিব, যিয়ে শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰি যি কোনো ৰোগৰ পৰা আপোনাৰ বচাই ৰাখিব পাৰে ৷

https://www.verywellhealth.com/dead-butt-syndrome-8673848#:~:text=Sitting%20for%20long%20periods%20can,areas%20of%20the%20body%20overcompensate.

লগতে পঢ়ক:দীৰ্ঘসময়লৈকে একেৰাহে বহি কাম কৰে নেকি ? তেন্তে তৎক্ষণাত সলনি কৰক এই অভ্যাস - LONG HOURS WORKING

ABOUT THE AUTHOR

...view details