অসম

assam

ETV Bharat / health

গৰমত দেহ শীতল কৰাৰ লগতে ওজন হ্ৰাস কৰিবলৈ এই পাঁচবিধ আমলখিৰ ব্যঞ্জন খাওঁক - 5 Amla Delights

5 Amla Delights : আমলখি ঔষধি গুণেৰে সমৃদ্ধ ফল । ই আমাৰ স্বাস্থ্যক যথেষ্ট লাভান্বিত কৰে । ই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পাচন শক্তি বৃদ্ধি কৰে । ভিটামিন চিৰে ভৰ্তি আমলাই গ্ৰীষ্মকালত শৰীৰ শীতল ৰখাত সহায় কৰে । আমলখিৰে প্ৰস্তুত কৰা এই 5 টা ব্যঞ্জনৰ বিষয়ে জানক...

By ETV Bharat Assamese Team

Published : May 5, 2024, 6:52 PM IST

5 Amla Delights
গৰমত দেহ শীতল কৰাৰ লগতে ওজন হ্ৰাস কৰিবলৈ এই পাঁচবিধ আমলখিৰ ব্যঞ্জন খাওঁক (IANS)

দেশজুৰি যিমানেই তাপমাত্ৰা বৃদ্ধি হৈছে সিমানেই এগৰাকী লোক স্বাস্থ্যৱান আৰু ফিট হৈ থকাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে । উৎকট গৰমৰ ফলত বহু লোক হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে ৷ এই গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে নিজকে নিৰোগী ৰাখিবলৈ খোৱা-বোৱাত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ৷

আমলখি আমাৰ সকলোৰে পৰিচিত এবিধ ঔষধিযুক্ত ফল ৷ এই ফলবিধক ভাৰতীয় গুজবেৰী বুলিও জনা যায় ৷ গ্ৰীষ্মকালত এই আমলখিয়ে আপোনাৰ শৰীৰটোক নিৰোগী কৰাৰ লগতে ওজন হ্ৰাস কৰাটো সহায় কৰিব ৷ ভিটামিন চি আৰু বিভিন্ন এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ সেয়েহে গ্ৰীষ্মকালীন আহাৰত এই ছুপাৰফুড আমলখি আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক ৷

আমলখিৰে প্ৰস্তুত কৰিব পৰা 5 বিধ বিশেষ ব্যঞ্জন:

আমলখিৰ স্মুথি:

হাইড্ৰেটিং আৰু ডিটক্সিফাইং স্মুথিৰ বাবে সতেজ আমলখি, পালেং শাক, তিয়ঁহ আৰু অলপ নাৰিকল পানী একেলগে মিহলি কৰক। এই সেউজীয়া স্মুথিটো কেৱল সুস্বাদু নহয় ই পুষ্টিকৰ ৷ ই আপোনাৰ ভোকৰ বঢ়োৱাৰ লগতে আপোনাৰ শৰীৰটোক সতেজ কৰি ৰাখিব ।

মচলাযুক্ত আমলখিৰ ছালাড:

ই এক সুস্বাদু গ্ৰীষ্মকালীন ছালাড ৷ এই ছালাডৰ বাবে তিয়ঁহ, বিলাহী, পিঁয়াজ আৰু চাট মচলাৰ সৈতে আমলখি মিহলি কৰক ৷ ই হজম বৃদ্ধি কৰাত সহায় কৰে ।

পানীত আমলখি মিহলি কৰি খাওঁক:

সতেজ আমলখি টুকুৰা কৰক আৰু ইয়াক পদিনা পাতৰ সৈতে ঠাণ্ডা পানীৰ এটা জগত ৰাখক । ইয়াক কেইঘণ্টামানৰ বাবে ৰেফ্ৰিজেৰেটৰত থৈ দিয়ক ৷ এই পানীয়ই আপোনাৰ পিয়াহ দূৰ কৰাৰ লগতে ওজন হ্ৰাস কৰাতো সহায় কৰে ৷

আমলখিৰ চৰবত:

মৌ আৰু নেমুৰ ৰসৰ সৈতে আমলখি মিহলি কৰি চৰবত তৈয়াৰ কৰক ৷ এই চৰবতে আপোনাৰ মিঠা খাদ্য খোৱাত নিয়ন্ত্ৰণ কৰে। এই চৰবতে কেৱল সতেজতাই নহয়, সামগ্ৰিক স্বাস্থ্যৰ বাবে পুষ্টিৰে পৰিপূৰ্ণ ।

আমলখি চিয়া পুডিং:

এক পুষ্টিকৰ আৰু ভৰ্তি পুডিং প্ৰস্তুত কৰিবলৈ তিয়াই থোৱা চিয়া ছীডৰ লগত আমলখি, গাখীৰ আৰু সামান্য পৰিমাণৰ ভেনিলা এক্সট্ৰেক্ট মিহলি কৰক ৷ ই গ্ৰীষ্মকালত আপোনাৰ বাবে সুস্বাদু আৰু স্বাস্থ্যকৰ জলপান হ'ব । প্ৰ'টিন সমৃদ্ধ চিয়া ছীড আৰু ভিটামিন সমৃদ্ধ আমলখিৰ সংমিশ্ৰণে আপোনাক গোটেই দিনটো উদ্যমী কৰি ৰাখিব ।

লগতে পঢ়ক:আপোনাৰ শৰীৰত এইকেইটা লক্ষণে দেখা দিছে যদি পৰ্যাপ্ত পানী খাওঁক - Symptoms Of Dehydration

ABOUT THE AUTHOR

...view details