বৰ্তমান সময়ত চকু বা দৃষ্টিশক্তিৰ লগত জড়িত ৰোগ বা সমস্যাৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ শিশু হওক বা প্ৰাপ্তবয়স্ক, আজিকালি দৃষ্টিশক্তি কমি যোৱা বা ম্লান হোৱা, কৰ্ণিয়া বা লেন্সৰ লগত জড়িত সমস্যা আৰু আন বহু ধৰণৰ চকুৰ ৰোগ যথেষ্ট সাধাৰণ হৈ পৰিছে ৷
বিশেষজ্ঞসকলৰ মতে, স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ বাহিৰেও ইয়াৰ বাবে অত্যধিক স্ক্ৰীন টাইম, পুষ্টিৰ অভাৱ আৰু নিয়মীয়া টোপনিৰ অভাৱ আদি কাৰণ দায়ী হ’ব পাৰে ৷
কাৰণ আৰু প্ৰভাৱ
নতুন দিল্লীৰ চকুৰ চিকিৎসক ডাঃ নুপুৰ যোশীয়ে কয় যে, এষ্টিগমেটিজম হৈছে চকুৰ ৰোগ, যিয়ে দৃষ্টিশক্তি ম্লান পেলোৱাৰ লগতে আন বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ তেওঁ কয় যে, আমাৰ চকুত উপস্থিত থকা লেন্স আৰু কৰ্ণিয়াৰ আকৃতি ঘূৰণীয়া ৷
কিন্তু কেতিয়াবা কিছুমান মানুহৰ জিনগত কাৰণত, চকুৰ লগত জড়িত যিকোনো ৰোগৰ বাবে, চকুৰ কোনো অস্ত্ৰোপচাৰ বা আঘাতৰ বাবে, যিকোনো স্ক্ৰীনত বেছি সময় কটোৱা বিশেষকৈ ম’বাইল, লেপটপ, কম্পিউটাৰ, টিভি এইসমূহৰ আগত বেছি সময় কটোৱাৰ ফলত বা অতি কম পোহৰত পঢ়া-শুনা কৰাৰ দৰে কামৰ বাবে লেন্স আৰু কৰ্ণিয়াৰ আকৃতি সলনি হ'বলৈ ধৰে ৷ যাৰ ফলত এষ্টিগমেটিজমৰ সৃষ্টি হয় ৷
এষ্টিগমেটিজমত চকুৰ লেন্স বা কৰ্ণিয়া হয় প্ৰসাৰিত হৈ মূল আকাৰতকৈ ডাঙৰ হয় নাইবা সংকুচিত হয় ৷ এনে পৰিস্থিতিত চকুত প্ৰৱেশ কৰা পোহৰে ৰেটিনাত কেন্দ্ৰীভূত হ’ব নোৱাৰে আৰু ভুক্তভোগীয়ে দৃষ্টিশক্তি ম্লান হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ ইয়াক ৰিফ্ৰেক্টিভ এৰ’ৰ বুলিও কোৱা হয় ৷
এই অৱস্থাত দৃষ্টিশক্তি ম্লান হোৱাটো মায়’পিয়া (দূৰৰ বস্তুবোৰ ধোঁৱাময় যেন লাগে) বা হাইপাৰ’মেট্ৰপিয়া (ওচৰৰ বস্তুবোৰ ধোঁৱাময় যেন লাগে) দুয়োটা হ’ব পাৰে ৷
তেওঁ কয় যে, এই সমস্যাই যিকোনো বয়সৰ লোককে প্ৰভাৱিত কৰিব পাৰে ৷ কিন্তু এই সমস্যা শিশুৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায় ৷
এষ্টিগমেটিজমৰ লক্ষণ
ডাঃ নুপুৰ যোশীয়ে কয় যে, এষ্টিগমেটিজমৰ লক্ষণসমূহ বেছিভাগেই দৃষ্টিশক্তিৰ আন আন সমস্যাৰ সৈতে মিল আছে ৷ যেনেকৈ
মূৰৰ বিষ
দৃষ্টিশক্তি ম্লান বা ধোঁৱাময় যেন দেখা
যিকোনো বস্তুত মনোনিৱেশ কৰাত অসুবিধা
বস্তুবোৰ চাবলৈ চকু দুটা সংকুচিত কৰা
চকুত চাপ অনুভৱ কৰা ইত্যাদি
প্ৰতিৰোধৰ উপায়
ডাঃ নুপুৰ যোশীয়ে বুজাই দিয়ে যে, ৰোগীৰ মায়’পিয়া বা হাইপাৰমেট্ৰ’পিয়া হৈছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰি এষ্টিগমেটিজমৰ নিদান বা চিকিৎসা কৰা হয় ৷ চকু পৰীক্ষা কৰাৰ পিচত প্ৰথম অৱস্থাত ৰোগীৰ অৱস্থা, ৰোগীৰ দৃষ্টিশক্তিৰ দোষৰ প্ৰকাৰ আৰু চকুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চশমা বা কনটেক্ট লেন্স ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে ৷
অৱশ্যেই কিছু সাৱধানতা অৱলম্বন কৰি আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো ৷ ইয়াৰ উপৰিও কেতিয়াবা ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি আই ড্ৰপ আৰু টেবলেট চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব পাৰি ৷
কেতিয়াবা ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে ৰিফ্ৰেক্টিভ চাৰ্জাৰীৰ পৰামৰ্শও দিব পাৰে ৷ লেছিক অস্ত্ৰোপচাৰ বা ফটোৰিফ্ৰেক্টিভ কেৰাটেকটমীৰ দৰে ৰিফ্ৰেক্টিভ চাৰ্জাৰীত অস্ত্ৰোপচাৰ কৰ্মীয়ে লেজাৰ বিমৰ সহায়ত কৰ্ণিয়াক সঠিক আকৃতি দিয়ে ৷
সাৱধানতাৰ আৱশ্যক
চকু বিশেষজ্ঞগৰাকীয়ে কয় যে, আজিৰ সময়ত চকুৰ ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সৰুৰে পৰা নিয়মীয়াকৈ চকুৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ কিছুমান জিনীয় সমস্যাৰ প্ৰভাৱৰ বাহিৰেও আজিকালি অতি কম বয়সতে শিশুৰ ম’বাইলত কাৰ্টুন চোৱা বা গেম খেলাৰ অভ্যাসৰ বাবে আৰু খাদ্যত পুষ্টিৰ অভাৱৰ বাবে এই সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ কাৰণে সৰু ল’ৰা-ছোৱালীয়ে চশমা পিন্ধে ৷
আপুনি শিশু হওক বা প্ৰাপ্তবয়স্ক হওক, আপোনাৰ পৰ্দাৰ সময় নিয়ন্ত্ৰণ কৰক ৷ অৰ্থাৎ যিমানদূৰ সম্ভৱ প্ৰতিদিনে কিছু সময়ৰ বাবেহে গেজেট বা টিভি আদি ব্যৱহাৰ কৰক ৷