ভাৰতত আমিষ আহাৰ খোৱা লোকৰ অভাৱ নাই । দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰায়সংখ্যক লোকেই আমিষ আহাৰ খায় ৷ সাধাৰণতে কোনো উৎসৱ তথা কোনো বিশেষ উদযাপনত আমিষ আহাৰ খোৱাটো একপ্ৰকাৰৰ পৰম্পৰা স্বৰূপ ৷ নিৰামিষ আহাৰ খোৱা লোকতকৈ দেশত আমিষ আহাৰ গ্ৰহণ কৰা লোকৰ সংখ্যা অধিক ৷
শেহতীয়াকৈ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে এক আচৰিত তথ্য প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত কোৱা হৈছে যে, 2022-23 বৰ্ষৰ বাবে কৰা জৰীপত ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি আমিষ খাদ্য খোৱা লোক আছে ইয়াৰ তথ্য লাভ কৰা হৈছে ।
এই প্ৰতিবেদন অনুসৰি, কেৰালা গ্ৰাম্য আৰু চহৰ দুয়োটা অঞ্চলতে কণী, মাছ আৰু মাংসকে ধৰি আমিষ খাদ্যৰ খোৱাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে । ঘৰুৱা ব্যৱহাৰ ব্যয়ৰ ওপৰত কৰা জৰীপে দেখুৱাইছে যে কেৰালাৰ গ্ৰাম্য অঞ্চলৰ লোকসকলে তেওঁলোকৰ খাদ্য ব্যয়ৰ 23.5 শতাংশ আমিষ খাদ্যৰ ওপৰত ব্যয় কৰে । আনহাতে চহৰৰ লোকসকলে 19.8 শতাংশ ব্যয় কৰে, যি হৈছে দেশৰ ভিতৰত সৰ্বাধিক ।