ETV Bharat / state

ভূমিহীনৰ বাবে কম প্ৰিমিয়ামতে মাটিৰ বন্দৱস্তি: কেবিনেটৰ সিদ্ধান্ত - ASSAM CABINET

গুৱাহাটীত মাটি ল'ম বুলি ভাবিছে নেকি ? গুৱাহাটীত ভূমিহীন লোকক কম প্ৰিমিয়ামত মাটিৰ বন্দৱস্তি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে ।

A number of important decisions in the cabinet from settlement of land at premium in Guwahati
ভূমিহীনৰ বাবে কম প্ৰিমিয়ামতে মাটিৰ বন্দৱস্তি: কেবিনেটৰ সিদ্ধান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 9:25 PM IST

গুৱাহাটী: গুৱাহাটীত ভূমিহীনৰ বাবে চৰকাৰে এক সু-খবৰ কঢ়িয়াই আনিছে । গুৱাহাটীত ভূমিহীন লোকক কম প্ৰিমিয়ামত মাটিৰ বন্দৱস্তি দিয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় ।‌

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে মিছন বসুন্ধৰা ৩.০ জৰিয়তে গুৱাহাটীৰ ভূমিহীন আবেদনকাৰীয়ে কম প্ৰিমিয়ামতে মাটিৰ বন্দৱস্তি কৰিব পাৰিব । পূৰ্বে ধাৰ্য কৰা ৩০ শতাংশ প্ৰিমিয়ামৰ ঠাইত ১০ শতাংশ কৰা হ'ব । এইক্ষেত্ৰত কেবিনেটত চুড়ান্ত সিদ্ধান্ত হয় ।

ভূমিহীনৰ বাবে কম প্ৰিমিয়ামতে মাটিৰ বন্দৱস্তি: কেবিনেটৰ সিদ্ধান্ত (ETV Bharat Assam)

বৈঠকৰ অন্তত মন্ত্ৰী ৰণোজ পেগুৱে সাংবাদিকক সম্বোধন কৰি এই কথা‌ সদৰী কৰে । তেওঁ কয়,"কিছু চৰ্ত সাপেক্ষে এই ব্যৱস্থা কৰা‌ হ'ব । মাটিৰ পট্টা লাভ কৰাজনে মাটিখিনি বিক্ৰী কৰিলে বা মাটিখিনি আমানত হিচাপে থৈ বেংকৰ পৰা ঋণ ল'লে তেওঁ বাকী ৯০ শতাংশ প্ৰিমিয়াম চৰকাৰক আদায় দিব লাগিব । ‌

decisions taken in Assam cabinet meeting
কেবিনেটৰ সিদ্ধান্ত (ETV Bharat Assam)

অন্যথা তেওঁ মাটিখিনি বিক্ৰী বা মাটিখিনি আমানত হিচাপে থৈ বেংকৰ পৰা ঋণ ল'ব নোৱাৰে ।" ইপিনে কেবিনেটত ২০২৫ চনৰ ৰাজ্যিক সীমিত বন্ধৰ দিন ৩৬ দিন নিৰ্ধাৰণ কৰা হয় ।

সাতটা অতিৰিক্ত সীমিত বন্ধ এই ৩৬ টা বন্ধৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে । আনহাতে আলি আয়ে লৃগাং উৎসৱৰ অতিৰিক্ত সীমিত বন্ধৰ দিনটো অসমৰ ১১ খন জিলাত সীমিত বন্ধৰ দিন হিচাপে তালিকাভুক্ত কৰা‌ হৈছে ।

কেবিনেটত কৃষি বিভাগৰ অধীনত থকা কৃষি বিপণন পৰিষদৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে ১১০ কোটি টকাৰ এক আঁচনিত অনুমোদন জনায় ।

লগতে মৃত্যুঞ্জয় ১০৮ সেৱাৰ উন্নতিকৰণৰ বাবে মৃত্যুঞ্জয় ১০৮ সেৱাক আদায় দিবলগীয়া ১১৫ কোটি টকা কেবিনেটে অনুমোদন জনায় । লগতে মাইক্ৰ'ফাইনেঞ্চৰ গ্ৰাহকসকলৰ ঋণ ৰেহাই দিয়াৰ বাবে চৰকাৰে ২২৩.২৬ কোটি টকাৰ অনুমোদন‌ জনায় । কেবিনেটত হোজাই জিলাৰ সদৰ 'শংকৰদেৱ নগৰ'ৰ নাম 'শ্ৰীমন্ত শংকৰদেৱ নগৰ' হিচাপে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: কৰিমগঞ্জ জিলাৰ নতুন নাম 'শ্ৰীভূমি জিলা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.