ETV Bharat / state

একেদিনাই ১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত - AHOM TRADITION FURALUNG

থাইলেণ্ড, ভিয়েটনামসহ চৈধ্যখন দেশৰ লগতে ভাৰতৰ শতাধিক পৰ্যটকে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম । টাই আহোমৰ পৰম্পৰাগত "ফুৰালুং" প্ৰথাৰ লগতে খাদ্যাভাস-সংস্কৃতিৰ বিষয়েও মন দি শুনিলে-বুজিলে ৷

INTERNATIONAL TOURISM FAIR 2024
১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 11:01 PM IST

সোণাৰি: আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে ।

এই বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ।

একেদিনাই ১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত (ETV Bharat Assam)

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে । ইয়াৰ পাছতে মঙলবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত এটা দিন অতিবাহিত কৰিলে ১৪ খন দেশৰ শতাধিক পৰ্যটকে । কাজিৰঙাত তিনিদিনীয়াকৈ আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ ত ভাগ ল'বলৈ মঙলবাৰে ডিব্ৰুগড় বিমানবন্দৰত আহি উপস্থিত হোৱা পৰ্যটকসকলক আজি অসম চৰকাৰৰ পৰ্যটন বিভাগে ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিবলৈ চৰাইদেউলৈ আনে ।

সেয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতেই চৰাইদেউ মৈদামত প্ৰথমবাৰলৈ দেখা গ'ল একেলগে শতাধিক দেশী-বিদেশী পৰ্যটক । আজি থাইলেণ্ড, ভিয়েটনাম, স্পেইনকে ধৰি চৈধ্যখন দেশৰ লগতে ভাৰতৰ শতাধিক পৰ্যটকে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম । মৈদাম ক্ষেত্ৰত উপস্থিত হৈ পৰ্যটকসকলে টাই আহোমৰ পৰম্পৰাগত "ফুৰালুং" প্ৰথাৰ লগতে অসমীয়া খাদ্যাভাস তথা সংস্কৃতিৰ বুজ লয় । আহোমৰ ধৰ্মীয় পূজাৰ পৰা আৰম্ভ কৰি খাদ্যাভাস আৰু সংস্কৃতি সকলো পৰ্যটকসকলৰ আগত উপস্থাপন কৰাৰ ব্যৱস্থা কৰে পৰ্যটন বিভাগে । দিনটো পৰ্যটকসকলে চৰাইদেউ মৈদামত থাকি মৈদাম ক্ষেত্ৰৰ সকলো দিশৰ পৰ্যবেক্ষণ কৰে । অসম চৰকাৰৰ হৈ পৰ্যটন বিভাগ, পুৰাতত্ব বিভাগৰ বিষয়াসকলৰ লগতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা প্ৰশাসনে পৰ্যটকসকলক সহযোগিতা আগবঢ়ায় ।

কি কয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে :

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, "অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত দেশ-বিদেশৰ ১৮০ জন পৰ্যটক আজি চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিছে । চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত প্ৰথমবাৰলৈ একেদিনাই বৃহৎ সংখ্যক পৰ্যটক একেলগে আহিছে । এই কাৰ্যসূচীৰ পাছত চৰাইদেউ মৈদাম ক্ষেত্ৰ ঐতিহ্যবহুল ভাৱে বিশ্ববাসীৰ ওচৰলৈ যাব বুলি আমি আশা কৰিছো । লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ অহা পৰ্যটকসকলৰ সুবিধাৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে আৰু উন্নত ব্যৱস্থা কৰিব বুলি আমি আশাবাদী ।"

লগতে পঢ়ক: ৰংঘৰে আদৰিলে দেশী-বিদেশী পৰ্যটকক

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.