অসম

assam

ETV Bharat / health

কম বয়সতে দেখা দিছে ষ্ট্ৰোকৰ আশংকা...আপুনিও এই লক্ষণ দেখিলে হৈ যাওক সাৱধান! - STROKE

৪০ বছৰৰ তলৰ পুৰুষৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ ঘটনা কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে ? বিগত দুটা দশকত পুৰুষৰ মাজত ষ্ট্ৰোক ৰোগীৰ সংখ্যা প্ৰায় ২৫% বৃদ্ধি পাইছে-

STROKE CASES
কম বয়সতে দেখা দিছে ষ্ট্ৰোকৰ আশংকা...আপুনিও এই লক্ষণ দেখিলে হৈ যাওক সাৱধান! (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 14, 2024, 11:32 AM IST

এতিয়ালৈকে ষ্ট্ৰোক সম্পৰ্কে এটা সাধাৰণ বিশ্বাস চলি আহিছে যে ই কেৱল বৃদ্ধসকলৰ ক্ষেত্ৰত দেখা দিয়া ৰোগ ৷ কিন্তু শেহতীয়া প্ৰকাশিত গৱেষণা আৰু তথ্যই এই ধাৰণা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে ৷ ৪০ বছৰৰ তলৰ পুৰুষৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিগত দুটা দশকত পুৰুষৰ ষ্ট্ৰোক ৰোগীৰ সংখ্যা প্ৰায় ২৫% বৃদ্ধি পোৱাৰ বিপৰীতে মহিলাৰ মাত্ৰ ১%হে বৃদ্ধি হোৱা দেখা গৈছে ৷

মগজুলৈ তেজৰ যোগান বন্ধ হৈ গ’লে ষ্ট্ৰোক হয়, যাৰ ফলত মগজুৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে ৷ ই মূলতঃ দুবিধ: ইস্কেমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক ৷

ইস্কেমিক ষ্ট্ৰোক:যেতিয়া ৰক্তবাহী নলী বন্ধ হৈ যায় ৷

হেমৰেজিক ষ্ট্ৰোক:যেতিয়া মগজুৰ কোনো ৰক্তবাহী নলী ফাটি যায় ৷ এই সমস্যা হৃদযন্ত্ৰৰ ৰোগ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু বেয়া জীৱনশৈলীৰ লগতো জড়িত ৷

কাৰণ কি ?

  • জাংক ফুড:অতিৰিক্ত চৰ্বি আৰু চেনিযুক্ত খাদ্য খালে ৰক্তবাহী নলীত প্লেক জমা হয় ৷ বৰ্তমান জাংক ফুডৰ প্ৰতি বৃদ্ধি হোৱা আসক্তিয়ে বহু ৰোগৰ আশংকাও সৃষ্টি কৰিছে ৷
  • অত্যধিক মদ্যপান: মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰে আৰু তেজ গাঢ় কৰে ৷
  • মানসিক চাপ আৰু অনিয়মিত জীৱনশৈলী: বৰ্তমানৰ দ্ৰুত গতিৰ জীৱনত মানসিক চাপ আৰু শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আদি ষ্ট্ৰোকৰ প্ৰধান কাৰণ হৈ পৰিছে ৷
  • ধূমপান: ই ৰক্তবাহী নলী দুৰ্বল কৰি তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

কোনবোৰ লক্ষণক আওকাণ কৰা উচিত নহয় ?

  • F (Face):মুখখন হঠাৎ এফালে বেঁকা হৈ পৰা বা নামি যোৱা ৷
  • A (Arms): দুয়োটা বাহু ওপৰলৈ তুলিবলৈ অসুবিধা হোৱা ৷
  • S (Speech):কথা কোৱাত থতমত খায় বা মাতটো স্পষ্ট নহয় ৷
  • T (Time): সময় নষ্ট নকৰিব, তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

কেনেকৈ সুৰক্ষা দিব ?

  • ফল-মূল, শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব লাগে ৷
  • মদ্যপান আৰু চিগাৰেট পৰিহাৰ কৰক ৷
  • নিয়মীয়াকৈ ব্যায়াম কৰক ৷ দৈনিক ৩০ মিনিট লঘু ব্যায়াম কৰক ৷
  • মানসিক চাপ কমাব ৷ যোগ, ধ্যান আৰু ভাল টোপনি আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক ৷
  • নিয়মীয়াকৈ চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে ৷

এলাৰ্মিং কেইচ

ডেইলী মেইলৰ এটি প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ২৯ বছৰীয়া লুইছ ক্লাছবি নামৰ এজন যুৱক সম্পূৰ্ণ ফিট আৰু সুস্থ আছিল যদিও হঠাৎ তেওঁ ষ্ট্ৰোকত ভুগিবলগীয়া হয় ৷ সেয়ে ইয়াৰ লক্ষণসমূহক আওকাণ কৰিলে তেওঁৰ বাবে মাৰাত্মক হ’লহেতেন, কিন্তু সময়োপযোগী চিকিৎসাৰ বাবেই তেওঁৰ জীৱন কথমপি ৰক্ষা পৰে ৷ এই ঘটনাই আমাক সকলোকে বুজিবলৈ এটা বাৰ্তা দিয়ে যে, ষ্ট্ৰোক যিকোনো বয়সতে হ’ব পাৰে ৷ গতিকে শৰীৰত দেখা দিয়া সংকেতক আওকাণ নকৰি, জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC6459458/

লগতে পঢ়ক:ডায়েবেটিছ নিয়ন্ত্ৰণত লাভদায়ক এইবিধ বনৌষধি...গুৱাহাটী IASSTৰ ডাঙৰ দাবী

ABOUT THE AUTHOR

...view details